ETV Bharat / state

৬৪ বছৰে বোজা কঢ়িওৱা ঐতিহাসিক শৰাইঘাট এতিয়া ক্লান্ত : দুমাহলৈ জিৰণি

১৩ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং ৷ ১৯৬২ চনতে নিৰ্মিত শৰাইঘাটৰ মেৰামতিৰ প্ৰয়োজন ৷

OLD SARAIGHAT BRIDGE
দুমাহৰ বাবে বন্ধ হ'ব পুৰণি শৰাইঘাট দলং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 8:39 PM IST

|

Updated : July 7, 2026 at 8:55 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং ।‌ ৰে'ল বিভাগে মেৰামতিৰ বাবে দলংখনেৰে যাতায়ত বন্ধ কৰাৰ কথা ঘোষণা কৰিছে । এই কথা মঙলবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পলে সংবাদমেল যোগে সদৰী কৰে । জিলা আয়ুক্তগৰাকীয়ে কয়, " অহা ১৩ জুলাইৰ পৰা ১৫ ছেপ্টেম্বৰলৈ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং । পুৰণি দলঙত কাৰিকৰী সমস্যাৰ বাবে শীঘ্ৰে কাম কৰিব লাগে । সেয়েহে শীঘ্ৰে মেৰামতিৰ প্ৰয়োজন আছে । সেয়ে নতুন শৰাইঘাট দলঙেৰে দুয়োফালৰ পৰা বাহনবোৰ চলাচল কৰিব ।"

তেওঁ কয়, "পুৰণি শৰাইঘাট বন্ধ হ'বলৈ মাজত ৫-৬ দিন আছে ৷ উক্ত দিন কেইটাত জৰুৰী কাম থাকিলে, বিমানবন্দৰ বা পৰীক্ষাৰ কাৰণে অহা ব্যক্তিসকলে এই বিষয়টো নজৰত ৰাখি অলপ সময় হাতত ৰাখি যাতে যাত্ৰা কৰে । তদুপৰি বৰাগাঁৱৰ পৰা চাংসাৰিলৈ যান-বাহন আৰক্ষীৰ তদাৰকী দল থাকিব । যাতে গাড়ী বেয়া হ'লে তাৎক্ষণিক ভাবে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰিব ।"

দুমাহৰ বাবে বন্ধ হ'ব পুৰণি শৰাইঘাট দলং (ETV Bharat Assam)

সংবাদমেলত কামৰূপৰ এছএছপি সুভাশীষ বৰুৱাই কয়, "দুমাহ ধৰি পুৰণি শৰাইঘাট দলংখনত কোনোধৰণৰ যানবাহন চলাচল কৰিবলৈ দিয়া নহ'ব ।
সেয়েহে নামনি অসমৰ পৰা উজনি অসমলৈ যাবলগীয়া গধুৰ বাহন যেন ট্ৰাকবোৰ বাইহাটা চাৰিআলিৰে-তেজপুৰ-কলিয়াবৰ হৈ যাব পাৰিব ৷ উজনিৰ পৰা ধুবুৰী বা নামনিলৈ অহা গধুৰ বাহনবোৰ কলিয়াবৰ-তেজপুৰ হৈ বাইহাটা চাৰিআলিৰে যাব পাৰিব ৷ ইফালে নামনি অসমৰ পৰা গুৱাহাটী মহানগৰলৈ অহিবলগীয়া বাহনবোৰে কুমাৰ ভাস্কৰ বাৰ্মা নতুন দলঙেৰে অহা-যোৱা কৰিব লাগিব । জৰুৰী বাহন আৰু বাছবোৰ কুমাৰ ভাস্কৰ বাৰ্মা দলঙেৰে চলাচল কৰিবলৈ দিয়া হ'ব ।"

কামৰূপ মহানগৰ ডিচিপি (ট্ৰেফিক) জয়ন্ত সাৰথি বৰাই কয়, "আমি সকলো ব্যৱস্থা কৰিছোঁ ৷ যিখিনি কামৰূপ(ম)ৰ পৰা কামৰূপলৈ ওলাই যায় তাত বাধা নাথাকিব । শৰাইঘাটৰ নতুন দলঙেৰে গুৱাহাটীলৈ আহিব পাৰিব বা গুৱাহাটীৰ পৰা যাব পাৰিব ৷ নতুন দলঙেৰে যাত্ৰা কৰাৰ সময়ত যাতে বাহনবোৰ কোনেও অভাৰটেক কৰিবলৈ চেষ্টা নকৰে ৷ নতুন শৰাইঘাট দলংখনৰ মাজত ডিভাইডাৰৰ ব্যবস্থা কৰা হ'ব । উজনি অসমৰ ফালৰ পৰা নামনিলৈ চলাচল কৰা ট্ৰাকবোৰ কলিয়াবৰ-তেজপুৰ হৈ ঘূৰাই দিয়া হ'ব ।"

লগতে পঢ়ক: অসম চৰকাৰে লোৱা ঋণৰ পৰিমাণ ১ লাখ কোটি হ'লেও বিপদসীমাৰ তলত: বিত্তমন্ত্ৰী

Last Updated : July 7, 2026 at 8:55 PM IST