ETV Bharat / state

১৩ জুলাইৰ পৰা দুমাহৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং

উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ নিৰ্দেশনা জাৰি ৷ গুৱাহাটীলৈ অহাৰ পূৰ্বে জানি লওক পথ নিৰ্দেশনা ৷

OLD SARAIGHAT BRIDGE WILL BE CLOSED
দুমাহৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 10, 2026 at 10:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ১৩ জুলাইৰ পৰা দুমাহৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং ৷ দলঙখনৰ মেৰামতি আৰু পুনঃ নিৰ্মাণৰ কাম হাতত লৈছে উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে ৷

ৰাজহুৱা নিৰাপত্তা বিশেষকৈ ছাত্র-ছাত্রী, শিশু, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ সুৰক্ষাৰ লগতে এম্বুলেন্স, অগ্নিনির্বাপক বাহিনীৰ দৰে জৰুৰীকালীন সেৱাৰ বাহনসমূহৰ নির্বিঘ্ন চলাচল সুনিশ্চিত কৰিবলৈ ১৩ জুলাইৰ পুৱা ৫ বজাৰ পৰা ৩১ জুলাইলৈ আৰক্ষীয়ে যান-বাহনৰ পথ সলনি আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ।

কি কি নতুন নিয়ম প্ৰযোজ্য থাকিব ?

১) মেৰামতিৰ কাম চলি থকা সময়ছোৱাত পুৰণি শৰাইঘাট দলংখন সকলো প্ৰকাৰৰ যান-বাহনৰ চলাচলৰ বাবে দুয়োফালৰ পৰা সম্পূৰ্ণৰূপে বন্ধ থাকিব ।

২) মেৰামতিৰ কাম সম্পূর্ণ নোহোৱালৈকে পুৰণি শৰাইঘাট দলঙৰ ওপৰেদি কোনো বাহন চলিবলৈ অনুমতি দিয়া নহ'ব । সেয়েহে নতুন শৰাইঘাট দলঙৰ ওপৰেদি দুয়ো দিশৰ পৰা যান-বাহন চলাচল কৰিব ।

৩) (ক) নামনি অসমৰ দিশৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান-বাহন(যাত্রীবাহী বাছৰ বাহিৰে) বাইহাটা চাৰিআলি-কলিয়াবৰ তিনিআলি হৈ যাব লাগিব । একেদৰে উজনি অসমৰ পৰা নামনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান-বাহন(যাত্রীবাহী বাছৰ বাহিৰে) । কলিয়াবৰ তিনিআলি-বাইহাটা চাৰিআলি হৈ যাব লাগিব ।

(খ) পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ কোনো বাণিজ্যিক মালবাহী বাহনক নতুন শৰাইঘাট দলঙৰ মাজেৰে গুৱাহাটী মহানগৰীলৈ প্ৰৱেশ বা প্রস্থান কৰিবলৈ দিয়া নহ'ব ।

(গ) নামনি অসমৰ পৰা গুৱাহাটী হৈ উজনি অসমৰ দিশলৈ অহা লঘু যান-বাহনসমূহক পুৰণি শৰাইঘাট দলঙৰ স্বাভাৱিক পথেৰে যাবলৈ অনুমতি দিয়া নহ'ব ৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোকক নতুন শৰাইঘাট দলঙৰ ওচৰৰ চেকপইণ্টত নতুন দলঙৰ দিশলৈ ডাইভার্ট কৰা হ'ব । এনে সকলো বাহন নতুন শৰাইঘাট দলঙৰ ওপৰেদি গুৱাহাটী হৈ উজনি অসমৰ দিশলৈ যাব আৰু জালুকবাৰীৰ নাকা চেকিং পইণ্টত পুনৰ স্বাভাৱিক পথত প্ৰৱেশ কৰিব ।

৪) গুৱাহাটীৰ দিশৰ পৰা কামৰূপ/নামনি অসমৰ দিশলৈ যোৱা সকলো বাহন নতুন শৰাইঘাট দলঙৰ মাজেৰে স্বাভাৱিকভাৱে চলি থাকিব ।

* মেৰামতিৰ কামৰ বাবে হোৱা এই পৰিৱৰ্তনে যান-জঁটৰ সৃষ্টি কৰাৰ সম্ভাৱনা থকাৰ বাবে পথচাৰীসকলক তলত উল্লেখ কৰা কেতবোৰ নির্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ জনাইছে মহানগৰ যান-বাহন আৰক্ষীয়ে

(ক) নামনি অসম/কামৰূপৰ পৰা উজনি অসম/গুৱাহাটীলৈ অহা লঘু যান-বাহনসমূহৰ বাবে কুমাৰ ভাস্কৰ বৰ্মন সেতুৰ পথটো ব্যৱহাৰ কৰিব পাৰিব ।

(খ) নামনি অসম/কামৰূপৰ দিশৰ পৰা এলজিবিআই বিমানবন্দৰলৈ অহা লঘু যান-বাহনসমূহক যথেষ্ট আগতীয়াকৈ যাত্ৰা আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

(গ) পুৰণি শৰাইঘাট দলং দীঘলীয়া সময়ৰ বাবে বন্ধ থাকিব, সেয়ে এই পথছোৱাত যান-জঁট হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে । গতিকে যাত্রীসকলক বিকল্প পথ ব্যৱহাৰ কৰি এই অঞ্চলটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

(ঘ) যাত্ৰীসকলক নিৰ্ধাৰিত পথ অনুসৰি গাড়ী চলাবলৈ আৰু নতুন শৰাইঘাট দলঙৰ ওপৰত অভাৰটেক নকৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

৬) মেৰামতিৰ কাম চলা সময়ত জালুকবাৰীৰ পৰা শৰাইঘাট দলঙলৈকে থকা পথৰ দুয়োকাষে কোনো বাহন পার্কিং কৰিবলৈ অনুমতি দিয়া নহ'ব ।

৭) ৰাজহুৱা বাছ, এম্বুলেন্স, অগ্নিনির্বাপক বাহিনীৰ দৰে জৰুৰীকালীন বাহন আৰু অন্যান্য লঘু যান-বাহন নতুন শৰাইঘাট দলঙৰ মাজেৰে চলিব পাৰিব ।

৮) এই নির্দেশনাসমূহ ৩১ জুলাইলৈ কাৰ্যকৰী হৈ থাকিব । ইয়াৰ পিছত পৰিস্থিতি পর্যালোচনা কৰি পৰৱৰ্তী প্রয়োজনীয় নির্দেশনা জাৰি কৰা হ'ব ।

লগতে পঢ়ক: স্কুটীৰ সলনি নিযুত মইনা-বাবু, ৰিং ৰোডৰ কাষে কাষে মেট্ৰ’ ৰে’ল... অসম বাজেট ২০২৬-২৭ত আৰু কি কি আছে ?