তিনিচুকীয়াত সক্ৰিয় অইলৰ কণ্ডেনছেট চুৰি চক্ৰ: আৰক্ষীৰ অভিযানত বৃহৎ ঘাটি উৎখাত
খাৰুৱা তেলৰ লগতে এতিয়া কণ্ডেনছেট চুৰিৰ ঘটনাও বৃদ্ধি পোৱাত নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে ।

Published : July 13, 2026 at 4:54 PM IST
তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত খাৰুৱা তেল আৰু কণ্ডেনছেট চুৰিৰ ঘটনা ব্যাপকভাৱে বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ পাইপলাইনত অবৈধ টেপিং কৰি খাৰুৱা তেল আৰু কণ্ডেনছেট চুৰি কৰাৰ ফলত অইল ইণ্ডিয়াৰ উৎপাদন আৰু গেছ যোগান ব্যৱস্থাত ব্যাঘাত সৃষ্টি হোৱাৰ লগতে প্ৰতিষ্ঠানটোৱে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে ৷
অভিযোগ অনুসৰি, অইল ইণ্ডিয়া লিমিটেডৰ তৈল পৰিবাহী পাইপলাইনসমূহৰ বিভিন্ন স্থানত টেপিং কৰি শক্তিশালী তেল চোৰ চক্ৰই দীৰ্ঘদিন ধৰি অবৈধভাৱে খাৰুৱা তেল চুৰি চলাই আহিছে । কিছুদিন পূৰ্বেও লাংকাছি আৰক্ষী চকীৰ অন্তৰ্গত এখন চাহ বাগিচাৰ পৰা পাইপলাইনত টেপিং কৰি তেল চুৰি কৰি থকা অৱস্থাত আৰক্ষীয়ে এখন বাহনসহ খাৰুৱা তেল জব্দ কৰিছিল । সেই ঘটনাৰ তদন্তত জড়িত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল যদিও আজিও পলাতক হৈ আছে কেইবাজনো ৷

ইফালে, খাৰুৱা তেলৰ লগতে এতিয়া কণ্ডেনছেট চুৰিৰ ঘটনাও বৃদ্ধি পোৱাত নতুনকৈ উদ্বেগৰ সৃষ্টি হৈছে । উচ্চচাপৰ গেছ পাইপলাইনত টেপিং কৰি সংগ্ৰহ কৰা কণ্ডেনছেট বিকল্প ইন্ধন, ৰং আৰু থিনাৰ নিৰ্মাণৰ লগতে পেট্ৰ'লৰ সৈতে মিহলাই ব্যৱহাৰ কৰাৰ বাবে বজাৰত ইয়াৰ ব্যাপক চাহিদা থকাৰ অভিযোগ আছে ৷ এই পৰিপ্ৰেক্ষিতত সোমবাৰে পুৱতি নিশা এক গোপন সূত্ৰৰ ভিত্তিত গেলাপুখুৰী আৰক্ষী চকী আৰু বাৰেকুৰি আৰক্ষী থানাৰ এটা যুটীয়া দলে ধেলাখাট চাহ বাগিচাৰ পৰা বাৰেকুৰিলৈ যোৱা গেছ পাইপলাইনৰ ওচৰত অভিযান চলায় ।
আৰক্ষীৰ তথ্য অনুসৰি, পাইপলাইনত অবৈধ টেপিং কৰি দীৰ্ঘদিন ধৰি কণ্ডেনছেট চুৰি চলাই আহিছিল এটা চক্ৰই ৷ আৰক্ষীৰ উপস্থিতিৰ উমান পাই অভিযুক্তসকল পলায়ন কৰাৰ চেষ্টা কৰে ৷ পলায়ন কৰা সময়ত এজন অভিযুক্ত পানীৰ বাবে পলাবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে তাক আটক কৰিবলৈ সক্ষম হয় । ধৃত ব্যক্তিজন মতাপুং গাঁৱৰ ধনজিৎ চুতীয়া ৷

এই অভিযানত আৰক্ষীয়ে প্ৰায় ১,৪৫০ লিটাৰ কণ্ডেনছেট, ৫০ লিটাৰ ক্ষমতাসম্পন্ন কণ্ডেনছেটেৰে ভৰ্তি ২৫টা প্লাষ্টিক গেলন, প্ৰায় ২০০ লিটাৰ কণ্ডেনছেট থকা এটা ড্ৰাম, ৫০ লিটাৰ ক্ষমতাসম্পন্ন ১০টা খালী প্লাষ্টিক গেলন, এটা খালী ড্ৰাম আৰু কণ্ডেনছেট নিষ্কাশনৰ বাবে ব্যৱহৃত এটা হাতে নিৰ্মিত ফিল্টাৰ জব্দ কৰে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । লগতে, ধৃত অভিযুক্তক সোধা-পোছা অব্যাহত ৰাখি এই চুৰি চক্ৰৰ সৈতে জড়িত আন সদস্যসকলৰ সন্ধান চলাই থকা হৈছে ।
উল্লেখযোগ্য যে, ধেলাখাটৰ পৰা বাৰেকুৰিলৈ গেছ পাইপলাইন স্থাপনৰ সময়ত আৰম্ভণিতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে নৈৰ ওপৰেৰে পাইপলাইন স্থাপনৰ বিৰোধিতা কৰি বিকল্প পথৰ দাবী জনাইছিল । কিন্তু সেই দাবী উপেক্ষা কৰি বৰ্তমানৰ পথত পাইপলাইন স্থাপন কৰা হৈছিল । স্থানীয় বাসিন্দাসকলৰ মতে, সেই পাইপলাইনেই এতিয়া তেল চুৰি চক্ৰৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে ।
লগতে পঢ়ক: ১৫ আগষ্টৰ পূৰ্বে চৰকাৰে সিদ্ধান্ত নল'লে ২,৯০০ শিক্ষকে ল'ব চৰম সিদ্ধান্ত

