ETV Bharat / state

দিল্লীৰ ঘটনাক লৈ সামাজিক মাধ্যমত পোষ্ট: লখিমপুৰত দুজনক গ্ৰেপ্তাৰ

জিলাখনৰ ইনামুল ইছলাম আৰু ফিৰোজ আহমেদক (পাপন) ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

TWO ARESSTED IN LAKHIMPUR
দিল্লীৰ ঘটনাক লৈ সামাজিক মাধ্যমত পোষ্ট: লখিমপুৰত দুজনক গ্ৰেপ্তাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 3:17 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ : দিল্লীৰ বোমা বিস্ফোৰণৰ ৰক্তাক্ত অধ্যায়ক লৈ যিসময়ত সকলোৱে দোষীৰ কঠোৰ শাস্তি দাবী জনাইছে, সেই সময়ত ঘটনাটোক লৈ একাংশই সামাজিক মাধ্যমত বিৰূপ মন্তব্য দি আহিছে । এই ঘটনাত ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এতিয়ালৈকে ১৫ জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । ইয়াৰে ভিতৰত লখিমপুৰৰো দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

দিল্লী বোমা বিস্ফোৰণৰ পিছত সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট দি গ্ৰেপ্তাৰ লখিমপুৰৰ দুই যুৱক । যোৱা ১০ নৱেম্বৰৰ সন্ধ্যা দিল্লীৰ লালকিল্লাৰ সমীপত মেট্ৰ' ষ্টেচনৰ দাঁতিত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাই সমগ্র দেশক জোকাৰি গৈছে । এই ঘটনাই সতৰ্ক কৰি তুলিছে দেশৰ প্ৰতিখন ৰাজ্যক ।

দিল্লীৰ ঘটনাক লৈ সামাজিক মাধ্যমত পোষ্ট: লখিমপুৰত দুজনক গ্ৰেপ্তাৰ (ETV Bharat Assam)

ঘটনাটোক সকলোৱে গৰিহণা দি এনে নিকৃষ্ট কাণ্ডত জড়িতসকলক কঠোৰ শাস্তিৰ দাবী জনাইছে । ঘটনাটোৰ ক্ষিপ্ৰ তদন্ত চলাই বহু দূৰ অগ্ৰগতি লাভ কৰিছে অনুসন্ধানকাৰী সংস্থাই । এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে প্ৰতিখন ৰাজ্য, প্ৰতিখন জিলাক সতৰ্ক কৰি দিয়া হৈছে । সকলোতে নিৰাপত্তা বাহিনী সষ্টম হৈ আছে । সকলোৱে সজাগ-সতৰ্ক হোৱাৰ লগতে এই নাৰকীয় কাণ্ডৰ লগত জড়িতসকলক পুলিয়ে-পোখাই উৎখাত কৰিবলৈ দাবী জনাইছে ।

TWO ARESSTED IN LAKHIMPUR
ধৃত ফিৰোজ আহমেদ (ETV Bharat Assam)

এনে সময়তে একাংশই সামাজিক মাধ্যমত উক্ত ঘটনাক লৈ বিৰূপ মন্তব্য দি আহিছে । চৰকাৰ আৰু আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে সামাজিক মাধ্যমৰ এনে আপত্তিজনক পোষ্টৰ বিৰুদ্ধে । যাৰ বাবে অসমত এনেধৰণৰ পোষ্ট দিয়া ১৫ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

দিল্লীৰ ঘটনাক লৈ সামাজিক মাধ্যমত পোষ্ট: লখিমপুৰত দুজনক গ্ৰেপ্তাৰ (ETV Bharat Assam)

লখিমপুৰতো এনে দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । তেওঁলোক হৈছে জিলাখনৰ ইনামুল ইছলাম আৰু ফিৰোজ আহমেদ (পাপন) । তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লখিমপুৰ সদৰ থানাত সোধা-পোছা কৰাৰ অন্তত বৃহস্পতিবাৰে আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে আদালতলৈ নিয়াৰ সময়ত ধৃত দুজনৰ ফিৰোজ আহমেদে কয়, "দিল্লীৰ ঘটনাটোক লৈ মই বিজেপিৰ দিনত কিয় এনে ঘটনা হয় বুলি আৱেগিক হৈ সামাজিক মাধ্যমত পোষ্ট দিছিলোঁ । মই সেয়া ভুল কৰিছিলোঁ । মই নিজেই থানাত আহি হাজিৰ হৈছোঁ ।"

লগতে পঢ়ক :দিল্লীকাণ্ড সন্দৰ্ভত আপত্তিজনক পোষ্ট: অসমত আৰু ৯ জনক গ্ৰেপ্তাৰ
লগতে পঢ়ক :মেঘালয়ৰ ডাঠ অৰণ্যৰ মাজত উদ্ধাৰ অসমৰ ব্যৱসায়ীৰ মৃতদেহ