ETV Bharat / state

শ্বিলঙত অনুষ্ঠিত হ'ব উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন

উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনিৰ পৰিৱৰ্তনশীল সুযোগ প্ৰদৰ্শন কৰিবলৈ উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদর্শনী ।

North-East India Interconnection Conference will be held in Shillong
শ্বিলঙত অনুষ্ঠিত হ'ব উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 11:16 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ১৫-১৬ জুনত দুদিনীয়া কাৰ্যসূচীৰে শ্বিলঙত অনুষ্ঠিত হ'ব উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্রদর্শনী । মেঘালয় চৰকাৰ পৃষ্ঠপোষকতাত ফেডাৰেশ্বন অৱ ইণ্ডাষ্ট্রী এণ্ড কমার্চ অৱ নৰ্থ-ইষ্টার্ণ ৰিজিয়ন(এফআইএনইআৰ) ৰ উদ্যোগত আৰু বিল্ড ইণ্ডিয়া ফাউণ্ডেশ্যন সহযোগত অনুষ্ঠিত হ'ব এই সন্মিলন ।

এই সন্দৰ্ভত গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি, এফআইএনইআৰৰ সভাপতি বজৰং লোহিয়াই কয়, "এনইআইআইএনএফআৰে অঞ্চলটোৰ এক সর্ববৃহৎ আন্তঃগাঁথনি আৰু বিনিয়োগ প্লেটফর্ম হিচাপে আত্মপ্রকাশ কৰিবলৈ সাজু হৈছে ।‌ যিয়ে নীতি-নির্মাতা, বিনিয়োগকাৰী, আন্তঃগাঁথনি বিকাশকাৰী, বিত্তীয় প্রতিষ্ঠান আৰু প্রযুক্তি উদ্ভাৱকসকলক একত্রিত কৰি উত্তৰ পূব ভাৰতৰ ভৱিষ্যত গঢ় দিব ।"

শ্বিলঙত অনুষ্ঠিত হ'ব উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "এই সন্মিলনৰ লক্ষ্য হৈছে বিনিয়োগক উন্নীত কৰা, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰা আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ বিকাশ ত্বৰান্বিত কৰা । যিয়ে সমগ্ৰ উত্তৰ-পূব অঞ্চলত আঞ্চলিক সংযোগ, অর্থনৈতিক একত্রীকৰণ আৰু বহনক্ষম বিকাশ বৃদ্ধি কৰিব ।"

অঞ্চলটোৰ মুখ্য আন্তঃগাঁথনি বিনিয়োগ আৰু নীতি মঞ্চ হিচাপে প্রতিষ্ঠিত, এনইআইআইএনএফআৰ ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাইয়েও অংশগ্রহণ কৰিব ।

এই দুদিনীয়া সন্মিলনত আঠগৰাকী কেন্দ্ৰীয় মন্ত্ৰালয়ৰ বিষয়া, মেঘালয়, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ছিকিম, অৰুণাচল প্রদেশ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু জেষ্ঠ বিষয়াৰ লগতে উদ্যোগৰ নেতাসকল, বিনিয়োগকাৰী, আন্তঃগাঁথনি বিকাশকাৰী, বিত্তীয় প্রতিষ্ঠান আৰু প্রযুক্তি উদ্ভাৱকসকল উত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনি-আধাৰিত বিকাশৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ একত্রিত হ'ব ।

এফআইএনইআৰৰ উপ-সভাপতি, এনইআইআইএনএফআৰএৰ আহ্বায়ক ৰাজীৱ আগৰৱালাই সংবাদমেলত কয়, "এই সন্মিলনে উত্তৰ পূবক ভাৰতৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক বিকাশৰ কাৰ্যসূচীৰ এক মুখ্য চালিকা শক্তি হিচাপে স্থান দিয়াৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্রতিনিধিত্ব কৰিব ।"

সন্মিলনৰ কাৰ্যসূচীত থাকিব আঞ্চলিক সংযোগ আৰু আন্তঃগাঁথনি কৌশলৰ ওপৰত পূৰ্ণাংগ আলোচনা, খণ্ড-কেন্দ্রিক আলোচনা, চিইঅ'ৰ ঘূৰণীয়া মেজমেল আৰু উত্তৰ-পূব অঞ্চলৰ সকলো ৰাজ্যত সুযোগ প্ৰদৰ্শন কৰা এক সমর্পিত উত্তৰ-পূব অঞ্চলত বিনিয়োগৰ আলোচনা । অনুষ্ঠানটোৰ এক মুখ্য আকর্ষণ হ'ব ছয়টা কৌশলগত খণ্ডত উদ্ভাৱন, প্রকল্প, প্রযুক্তি আৰু বিনিয়োগৰ ।

লগতে পঢ়ক: লোকপিয়ল ২০২৭: মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ সম্পূৰ্ণ, ক্ষেত্ৰ প্ৰশিক্ষকক দিব প্ৰশিক্ষণ

ঘৃণনীয় কাণ্ড... ! এআইৰ দ্বাৰা শিক্ষয়িত্ৰীসহ ৭৫ গৰাকী ছাত্ৰীৰ অশ্লীল ফটো প্ৰস্তুত ছাত্ৰৰ