ETV Bharat / state

ৰাজপথত মহিলাক আক্ৰমণ কৰা অনা অসমীয়া যুৱকক আটক

যোৰহাটৰ ৰাজপথত এগৰাকী মহিলাক আক্ৰমণ কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে অনা অসমীয়া যুৱকক ।

Non-Assamese youth attacked a lady in Jorhat
অভিযুক্ত শ্যাম শ্বাহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 4:16 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: কিছুদিন পূৰ্বে গুৱাহাটীত অনা অসমীয়াৰ আক্ৰমণত আহত হৈছিল সাংবাদিক আৰু এজন লোক । যাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে এইবাৰ যোৰহাটত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ।

বিহাৰী সম্প্ৰদায়ৰ এজন যুৱকে নগৰৰ মাজমজিয়াৰ এ টি ৰোডত এগৰাকী মহিলাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে মহিলাগৰাকীয়ে সন্তানক স্কুলত থৈ উভতি অহাৰ সময়তে শ্যাম শ্বাহ নামৰ বিহাৰী সম্প্ৰদায়ৰ যুৱকজনে বিনা কাৰণত আক্ৰমণ কৰে ।

ৰাজপথত মহিলাক আক্ৰমণ কৰা অনা অসমীয়া যুৱকক আটক (ETV Bharat)

অভিযোগ অনুসৰি মহিলাগৰাকীক প্ৰথমে অশ্লীল ভাষাৰে গালি-গালাজ কৰে আৰু তাৰ পিছত পথৰ মাজতে বগৰাই আক্ৰমণ কৰে । যুৱকজনৰ আক্ৰমণত মহিলাগৰাকীয়ে শৰীৰৰ বিভিন্ন স্থানত আঘাত পায় । এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে কয়, "মই ল'ৰাক স্কুলত থৈ অহাৰ সময়ত পিছফালৰ পৰা হৰ্ণ বজাই মোক মাতিছে আৰু তাৰ পিছত অশ্লীল ভাষা কৈ আঁতৰি গ'ল । মই যেতিয়া সুধিছোঁ কিয় গালি দিলা বুলি তেতিয়া হেলমেট উলিয়াই মোক মাৰিছে । মোক হত্যা কৰাৰ দৰে গাৰ ওপৰত উঠি মাৰিছে । আগতেও এবাৰ মোক মাৰিছে । আমি ক'তো ওলাব নোৱাৰোঁ । সেইজন বিহাৰী সম্প্ৰদায়ৰ যুৱক শ্যাম শ্বাহ ।" আৰক্ষীৰ ভূমিকা সন্দৰ্ভত তেওঁ লগতে কয়, "আগতেও এবাৰ আৰক্ষীক অৱগত কৰিছিলোঁ । কিন্তু এতিয়ালৈ কোনো পদক্ষেপ লোৱা নাই ।"

ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতে বিভিন্ন সংগঠনৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অসম জাতীয়তাবাদী যুৱ পৰিষদে এই ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে । দোষীক শাস্তি প্ৰদান কৰিব নোৱাৰিলে শীঘ্ৰে সংগঠনটোৱে আন্দোলন কৰিব বুলিও হুংকাৰ কৰিছে ।

জানিব পৰা মতে দিনৰ পোহৰতে যোৰহাট নগৰৰ মাজমজিয়াত এগৰাকী মহিলাক এনেদৰে আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত যুৱকজনক ভোগদৈ আৰক্ষীয়ে আটক কৰি যোৰহাট সদৰ আৰক্ষীক চমজাই দিছে ।

লগতে পঢ়ক :

অসমীয়া-বিহাৰীৰ সংঘাতক নস্যাৎ কৰি আৰক্ষীৰ মন্তব্য, এয়া ধনদাবীৰ ঘটনা