ETV Bharat / state

অসমত ইনাৰলাইন পাৰ্মিটৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ: মুখ্যমন্ত্ৰী

মানাহ বিধানসভা সমষ্টিৰ ৩১ হাজাৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান ।

Assam CM Baksa visit
বাক্সাৰ মানাহ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 30, 2025 at 6:49 PM IST

4 Min Read
Choose ETV Bharat

বাক্সা : "অসমত ইনাৰলাইন পাৰ্মিটৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ । যদি ইনাৰলাইন পাৰ্মিট থকা বুলি গম পাব তেতিয়া বাহিৰৰ পৰা মানুহ ব্যৱসায় কৰিবলৈ আগবাঢ়ি নাহিব ৷" এই মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি বাক্সাত এই মন্তব্য মুখ্যমন্ত্ৰীৰ ।

জিলাখনৰ মানাহ বিধানসভা সমষ্টিৰ ৩১ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত আঁচনিখনৰ বিষয়ে কেইবাটাও মন্তব্য কৰে ।

আনহাতে, অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয়, "নতুন বছৰত ৰাইজে আমাক পুনৰ চৰকাৰ গঠন কৰিবলৈ আশীৰ্বাদ কৰক । ২০২৫ আমাৰ কাৰণে বেদনাদায়ক । কাৰণ আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ । বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰাই আনিবলৈ ঐতিহাসিক চুক্তি কৰিব পাৰিলোঁ । ৬০০ বছৰে নেদেখা এই বস্ত্ৰ অসমৰ ৰাইজে দেখিবলৈ পাব ৷"

বাক্সাৰ মানাহ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "জুবিন গাৰ্গৰ ন্যায় এতিয়া আদালতৰ বিষয় । আদালতৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কথা কোৱা উচিত নহয় । আমি অভিযোগনামা দাখিল কৰি ন্যায়ালয়ত প্ৰদান কৰিছোঁ ।"

আনহাতে, মুখ্যমন্ত্ৰীৰ শংকৰ-আজান প্ৰসংগত মন্তব্য সন্দৰ্ভত পুনৰ কয়, "শংকৰ-মাধৱ একেলেগে আছিল । আজান পীৰ দুশ বছৰ পাছত আহিছিল । শংকৰ-আজানৰ কোনো দেখা-দেখিয়েই হোৱা নাই । এইটো ঐতিহাসিক সত্য । শংকৰ-মাধৱ নিজৰ জাগাত থাকিব । আজান পীৰ নিজৰ জাগাত থাকিব ।"

মোলাই কাঠনি জ্বলোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, "যাদৱ পায়েঙৰ অৰণ্য জ্বলোৱা সন্দৰ্ভত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেওঁৰ পৰিয়ালৰ লগত কথা পাতিছে । এইটো আমি ঠিক কৰি দিম, কোনো অসুবিধা নাই ।"

বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, "মই বিৰোধীৰ কথা বেছিকৈ কৈ নাথাকো । তেওঁলোকে লিলিত বহিব, ইটোত বহিব, সিটোত বহিব, এইবোৰ কৰিয়েই থাকে । যিদিনাখন মিত্ৰতা হ'ব সিদিনাখন প্ৰতিক্ৰিয়া দিম ।"

অৰুণোদয় পৰিয়ালক উপহাৰ প্ৰদান সন্দৰ্ভত তেওঁ কয়, "জানুৱাৰীৰ ১ তাৰিখে অৰুণোদৰ পৰিয়ালসমূহক আমি এটা উপহাৰ দিম । সেইটো ১ তাৰিখে ক'ম ।"

Assam CM Baksa visit
অনুষ্ঠানত উপস্থিত একাংশ হিতাধিকাৰী (ETV Bharat ASsam)

কাৰ্বি আংলং প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য, "কাৰ্বি আংলঙৰ পৰিৱেশ এতিয়া শান্ত হৈছে । মই সকলোৰে লগত কথা পাতিছোঁ ।"

ইফালে বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্য, "নিৰ্বাচনৰ বাবে ফেব্ৰুৱাৰী মাহৰ প্ৰথম-দ্বিতীয় সপ্তাহৰ ভিতৰত আমি প্ৰাৰ্থী ঘোষণা কৰিম ।"

ইনাৰলাইন পাৰ্মিটৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "অসমত ইনাৰলাইন পাৰ্মিটৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ । যদি ইনাৰলাইন পাৰ্মিট থকা বুলি গম পায় তেতিয়া বাহিৰৰ পৰা ব্যৱসায় কৰিবলৈ কোনো আগবাঢ়ি নাহিব ৷ বৰ্তমান আমাৰ ইয়াত ছেমিকণ্ডাক্টৰ আৰম্ভ হৈছে ৷ মোবাইল কোম্পানী আহিবলৈ ধৰিছে, এইক্ষেত্ৰত ইনাৰলাইন পাৰ্মিট থাকিলে বন্ধ হৈ যাব ৷"

আনহাতে, কাজিনেমুৰ ভাৰতত এখন ডাঙৰ বজাৰ নিৰ্মাণ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নেমু খেতিয়কসকলেও ভাল খবৰ পাব ।

ইফালে বি টি চিত বিজেপিৰ পাঁচ-ছয়টা সমষ্টিত নিৰ্বাচন খেলিব পৰা পৰিৱেশ আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও মন্তব্য কৰে । তেওঁ কয়, "বি টি চিত আমি বি পি এফ হিচাপে নেখেলো, এন ডি এ হিচাপে নিৰ্বাচন খেলিম ৷ বি টি চি অঞ্চলত ইউ পি পি এলৰ লগত আমাৰ কোনো মিত্ৰতা নাই । মানাহৰ বেঁকী নৈত চলি থকা অবৈধ খনন বন্ধ কৰিব লাগে । এই সন্দৰ্ভত মই চাম ।"

এই অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম, জয়ন্ত মল্লবৰুৱা, বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, বিধায়ক ফণীধৰ তালুকদাৰ, ই এম আফটাৰ আহমেদ আদিয়ে ।

লগতে পঢ়ক :দেশজুৰি সন্ত্ৰাসবাদীৰ ভয়ংকৰ ষড়যন্ত্ৰ: অসম আৰক্ষীৰ জালত ১১ মৌলবাদী
লগতে পঢ়ক :৪০ লাখ বিদেশীক খেদিবলৈ বিজেপিক অসমখন ঠিকাত দি দিব লাগিব: অখিল গগৈ