ETV Bharat / state

বাইক-স্কুটী একো নাই, চাইকেলখনৰ পেডেলেই নগাঁৱৰ ৰামচন্দ্ৰৰ সংগ্ৰামৰ সাক্ষী

পেটৰ ভাতমুঠিৰ সন্ধানত পুৱাৰ পৰা নিশালৈ পেডেল মাৰে ডেলিভাৰী বয় ৰামচন্দ্ৰই ।

Karbi Anglong delivery boy struggle
পেটৰ ভাতমুঠিৰ সন্ধানত পুৱাৰ পৰা নিশালৈ পেডেল মাৰে ডেলিভাৰী বয় ৰামচন্দ্ৰই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 27, 2026 at 4:29 PM IST

|

Updated : August 27, 2026 at 7:38 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : বৰ্তমান সময়ত অনলাইন শ্ব'পিং প্লেটফৰ্মক গ্ৰাহকসকলে বিপুলভাৱে আদৰি লোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত সংস্থাপনৰ সন্ধানত হাহাকাৰ কৰি থকা বহু যুৱকে এনে কোম্পানীবোৰত ডেলিভাৰী বয় হিচাপে কামৰ সুযোগ লাভ কৰিছে ।

অসমৰো বিভিন্ন প্ৰান্তত এই অনলাইন শ্বপিং সেৱা মুকলিৰ লগে লগে বহু যুৱকে ডেলিভাৰী বয় হিচাপে পেটৰ ভাতমুঠি মোকলাইছে । সাধাৰণতে মটৰচাইকেল বা স্কুটী লৈ গ্ৰাহকৰ দুৱাৰে দুৱাৰে বিভিন্ন সামগ্ৰী, খাদ্য অথবা অনলাইন অৰ্ডাৰ লৈ উপস্থিত হয় এইসকল ডেলিভাৰী বয় ।

পেটৰ ভাতমুঠিৰ সন্ধানত পুৱাৰ পৰা নিশালৈ পেডেল মাৰে ডেলিভাৰী বয় ৰামচন্দ্ৰই (ETV Bharat)

কিন্তু মটৰচাইকেল বা স্কুটী ক্ৰয় কৰাৰ সামৰ্থ্য নথকাত এখন সাধাৰণ চাইকেলকেই জীৱনৰ মূল সম্বল হিচাপে লৈ কাৰ্বি আংলং জিলাৰ এজন যুৱকে কঠোৰ সংগ্ৰাম অব্যাহত ৰাখিছে । তেওঁ হৈছে ৰামচন্দ্ৰ চিংনাৰ ।

মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পাছতেই শিক্ষা জীৱন এৰি উপাৰ্জনৰ পথত ৰামচন্দ্ৰই সংগ্ৰাম আৰম্ভ কৰিছে । কিন্তু মটৰচাইকেল বা স্কুটী এখন ক্ৰয় কৰিব নোৱৰাত নগাঁও চহৰত চাইকেলেৰেই তেওঁ নিতৌ সামগ্ৰী ডেলিভাৰীৰ কাম কৰিছে ।

ৰামচন্দ্ৰই চহৰৰ পৰা প্ৰায় ৭-৮ কিলোমিটাৰ নিলগত এটা ভাৰাঘৰত থাকে । প্ৰতিদিনে পুৱাই চাইকেলখন লৈ ভাৰাঘৰৰ পৰা নগাঁও চহৰলৈ বুলি ওলাই আহে । তাৰ পাছতে তেওঁৰ দৈনন্দিন জীৱন সংগ্ৰাম আৰম্ভ হয় । চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ চাইকেল চলাই গ্ৰাহকৰ ঘৰলৈ বিভিন্ন অৰ্ডাৰ কৰা সামগ্ৰী লৈ উপস্থিত হয় ।

দিনটোত ঘণ্টাৰ পিছত ঘণ্টা চাইকেলৰ পেডেল মাৰি মাৰি ৰামচন্দ্ৰই এই সংগ্ৰাম অব্যাহত ৰাখিছে । আন ডেলিভাৰী বয়বোৰে মটৰচাইকেল বা স্কুটীৰে কম সময়তে দূৰ-দূৰণিৰ অৰ্ডাৰ ডেলিভাৰী কৰিব পাৰে যদিও তেওঁৰ বাবে এই পথ ইমান সহজ নহয় ।

প্ৰখৰ ৰ'দ বা বৰষুণ-প্ৰতিকূল বতৰৰ মাজতো চাইকেল চলাই তেওঁ কাম কৰিবলগীয়া হয় । তথাপিও তেওঁ থমকি ৰোৱা নাই । ৰামচন্দ্ৰই চাইকেল চলাই ডেলিভাৰীৰ কাম কৰি দৈনিক প্ৰায় ৩০০-৪০০ টকা পৰ্যন্ত উপাৰ্জন কৰে । এই উপাৰ্জনেৰে নিজৰ পেটৰ ভাতমুঠি মোকলোৱাৰ লগতে পিতৃ-মাতৃকো সহায় কৰি আহিছে ।

জীৱন সংগ্ৰাম সন্দৰ্ভত ৰামচন্দ্ৰই কয়, "বাইক বা স্কুটী এখন থাকিলে সুবিধা হয় । কিন্তু এতিয়া মোৰ বাইক কিনিবলৈ সামৰ্থ্য নাই । যাৰ বাবে চাইকেলেৰেই ডেলিভাৰী কামত নিয়োজিত হ'বলগীয়া হৈছে । চাইকেলেৰে দৈনিক উপাৰ্জন কৰা টকাৰ পৰা নিজৰ খৰচ উলিওৱাৰ লগতে পৰিয়ালকো সহায় কৰি আহিছোঁ ।"

সংস্থাপনৰ অভাৱ, আৰ্থিক দুৰৱস্থা আৰু সীমিত সামৰ্থ্যৰ মাজতো পৰিশ্ৰমক জীৱনৰ মূল অস্ত্ৰ হিচাপে আঁকোৱালি লৈছে ৰামচন্দ্ৰই । এখন চাইকেল, দুই হাত-ভৰিৰ শক্তি আৰু অদম্য মনোবলেই তেওঁ স্বাৱলম্বী হোৱাৰ যুঁজৰ মূল সম্বল ।

পৰ্যাপ্ত সা-সুবিধা নথকাৰ পাছতো হাৰ মানি ঘৰত বহি নাথাকি নিজৰ পৰিশ্ৰমৰ জৰিয়তে জীৱন গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছে কাৰ্বি আংলঙৰ যুৱকজনে । গ্ৰাহকৰ দুৱাৰে দুৱাৰে চাইকেলৰ পেডেল মাৰি সামগ্ৰী ডেলিভাৰী কৰা ৰামচন্দ্ৰৰ এই সংগ্ৰামৰ কাহিনীয়ে এতিয়া মধ্য অসমত ব্যাপক চৰ্চা লাভ কৰিছে ।

এখন মটৰচাইকেল বা স্কুটীৰ অভাৱেও যাৰ জীৱনৰ গতি ৰুদ্ধ কৰিব পৰা নাই, সেই ৰামচন্দ্ৰই যেন দেখুৱাইছে সামৰ্থ্য সীমিত হ'ব পাৰে কিন্তু কঠোৰ পৰিশ্ৰম আৰু ইচ্ছাশক্তি থাকিলে জীৱনৰ পথত আগবাঢ়ি যোৱা সম্ভৱ ।

লগতে পঢ়ক :

ধেমাজিত বিদ্যালয় পানীৰ তলত, চলিছে ডিজিটেল পাঠদান

পথ-দলং নথকা পাণবাৰীলৈ দিছপুৰৰ পৰা ৰিং এটাৰ বাট: জীৱনটো হাতৰ মুঠিত লৈ যাত্ৰা কণ কণ শিক্ষাৰ্থীৰ

Last Updated : August 27, 2026 at 7:38 PM IST