ETV Bharat / state

দিল্লীকাণ্ড সন্দৰ্ভত আপত্তিজনক পোষ্ট: অসমত আৰু ৯ জনক গ্ৰেপ্তাৰ

দিল্লী বিস্ফোৰণকাণ্ড সন্দৰ্ভত সামাজিক মাধ্যমত দিয়া ‘আপত্তিজনক’ পোষ্টৰ বাবে অসমত আৰু ৯ জন লোকক গ্ৰেপ্তাৰ । এতিয়ালৈকে গ্ৰেপ্তাৰ ১৫ জনক ।

Assam offensive social media posts
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 13, 2025 at 2:46 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : দিল্লী বিস্ফোৰণৰ ঘটনাৰ পিছত সামাজিক মাধ্যমত 'আপত্তিজনক' পোষ্ট দিয়াৰ অপৰাধত ৰাজ্যত আৰু ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ লগে লগে এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোকৰ মুঠ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে ।

নতুনকৈ গ্ৰেপ্তাৰ কৰাসকলক বুধবাৰে নিশাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ।

"দিল্লী বিস্ফোৰণৰ পিছত সামাজিক মাধ্যমত আপত্তিজনক পোষ্টৰ সৈতে জড়িত হোৱাৰ অপৰাধত সমগ্ৰ অসমতে এতিয়ালৈকে ১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X পোষ্টত প্ৰকাশ কৰে ।

"কালি গ্ৰেপ্তাৰ কৰা ৬ জনৰ পিছত নিশাৰ ভিতৰতে আমি ৰফিজুল আলী (বঙাইগাঁও), ফৰিদ উদ্দিন লস্কৰ (হাইলাকান্দি), ইনামুল ইছলাম (লখিমপুৰ), ফিৰোজ আহমেদ ওৰফে পাপন (লখিমপুৰ), শ্বাহিল শোমান শিকদাৰ ওৰফে শ্বাহিদুল ইছলাম (বৰপেটা), ৰকিবুল চুলতান (বৰপেটা), নছিম আক্ৰাম (হোজাই), তছলিম আহমেদ (কামৰূপ) আৰু আব্দুৰ ৰহিম মোল্লা ওৰফে বাপ্পী হুছেইনক (দক্ষিণ শালমাৰা) গ্ৰেপ্তাৰ কৰা হৈছে ।” তেওঁ লগতে কয় ।

আনহাতে, হিংসাক মহিমামণ্ডিত কৰাসকলৰ বিৰুদ্ধে অসম আৰক্ষী আপোচবিহীন হৈ আছে বুলিও মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় ।

বুধবাৰে মুখ্যমন্ত্রীয়ে বিস্ফোৰণক আদৰণি জনাই সামাজিক মাধ্যমত পোষ্ট দিয়াসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নির্দেশ দিয়ে ৷ এই সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ৩৫ জন লোকক চিনাক্ত কৰা হৈছে বুলিও তেওঁ কয় ।

মুখ্যমন্ত্ৰীয়ে কয়, "আমি তেওঁলোকৰ সংযোগৰ তদন্ত কৰিম আৰু যদি আমি দেখিবলৈ পাওঁ যে বাংলাদেশ বা আন কোনো দেশৰ সৈতে কাৰোবাৰ সম্পৰ্ক আছে, তেন্তে আমি তেওঁলোকৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম ।"

অৱশ্যে নাবালক আৰু যিসকলৰ অজ্ঞাতে তেওঁলোকৰ ডিভাইচ ব্যৱহাৰ কৰি এনে পোষ্ট দিয়া হৈছিল সেইসকলক গ্ৰেপ্তাৰ কৰা নহ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কিন্তু ইয়াৰ বাবে দোষীসকলক ৰেহাই দিয়া নহ’ব ।

তেওঁ লগতে কয়, "বহুতে এতিয়া নিজৰ পোষ্ট ডিলিট কৰিছে, কিন্তু আমি স্ক্ৰীণশ্বট লৈছোঁ আৰু এইক্ষেত্ৰত কঠোৰ হ'ম ।"

তেওঁ অভিযোগ কৰে যে সেই একেটা গোটৰ লোকসকলেই জুবিন ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এতিয়া দিল্লী বিস্ফোৰণক আদৰণি জনাই সামাজিক মাধ্যমত পোষ্ট দিছে ।

উল্লেখ্য যে সোমবাৰে সন্ধিয়া লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপৰ ট্ৰেফিক ছিগনেলত ধীৰ গতিৰে চলা গাড়ীত হোৱা বিস্ফোৰণত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি আন কেইবাজনো লোক আহত হয় ।

লগতে পঢ়ক :আল কায়দা গুজৰাটৰ সন্ত্ৰাসবাদী ষড়যন্ত্ৰ গোচৰত উত্তৰ-পূৰ্বাঞ্চলসহ ৫ ৰাজ্যত NIAৰ অভিযান
লগতে পঢ়ক : বিস্ফোৰণ হোৱা গাড়ীখন ডাঃ ওমৰ নবীয়ে চলাইছিল; DNA পৰীক্ষাত হৈছে নিশ্চিত