ETV Bharat / state

লুইতমণিৰ 'নিবনুৱা হাব'এ বনুৱা কৰিলে বহুতকে: এটা সপোন বাস্তৱ হোৱাৰ কাহিনী

'নিবনুৱা হাব'এ বহুতকে দেখুওৱাইছে বনুৱা হোৱাৰ পথ ৷

NIBANUA HUB
'নিবনুৱা হাব'এ বহুতকে দেখুওৱাইছে বনুৱা হোৱাৰ পথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 26, 2026 at 7:20 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: ২০২১ চন, তেতিয়া চৌদিশে ক'ভিডৰ আতংক, কঠোৰ নীতি-নিয়ম, মাস্ক-চেনিটাইজ অবিহনে দুজন ব্যক্তিৰ স্পৰ্শ বা কথাই পাতিব নোৱৰা পৰিস্থিতি ৷ তেনে এক অনাকাংক্ষিত পৰিস্থিতিৰ মাজতে হোষ্টেলৰ কোঠাৰ পৰা আৰম্ভ হৈছিল এক সপোন । সেই সপোনেই আজি ৰূপ লৈছে 'নিবনুৱা হাব' নামৰ এক উদ্যোগৰ । চাকৰিৰ অপেক্ষাত বহি নাথাকি সীমিত ধন আৰু কঠোৰ পৰিশ্ৰমৰ মাজেৰে লুইতমণি শইকীয়া নামৰ যুৱতীগৰাকীয়ে আৰম্ভ কৰিছিল এক ব্যৱসায় ৷

কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তে হোষ্টেলৰ পৰাই স্বাৱলম্বী হোৱাৰ লক্ষ্য লৈ লুইতমণিয়ে ক্ষুদ্ৰ পৰিসৰতে আৰম্ভ কৰিছিল হাতেৰে বনোৱা ৱাল হেংগিং, বটল আৰ্ট, কেনভাছ পেইণ্টিঙৰ কাম । সেই যাত্ৰা আৰম্ভ হোৱাৰ পাছত তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই । এখন প্ৰদৰ্শনীৰ জৰিয়তে আৰম্ভ হোৱা যাত্ৰা ক্ৰমান্বয়ে মানুহৰ মাজত সঁহাৰি লাভ কৰিবলৈ ধৰিলে আৰু বৰ্তমান সময়ত বহুতৰ বাবে 'নিবনুৱা হাব' এক চিনাকি নাম হিচাপে পৰিগণিত হৈছে ।

ক'ৰ পৰা, কেতিয়া আৰম্ভ হৈছিল 'নিবনুৱা হাব' (ETV Bharat Assam)
কেনেকৈ আৰম্ভ হৈছিল নিবনুৱা হাব

লুইতমণি শইকীয়াই কয়, "আমাৰ এই যাত্ৰা ২০২১ত লকডাউনৰৰ সময়ত আৰম্ভ হৈছিল । কটন বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এখন প্ৰদৰ্শনীত আৰু বাণিজ্য মেলাৰ বাবে শিলপুখুৰীৰ এটা হোষ্টেলৰ কোঠাৰ পৰা মই আৰু মোৰ বান্ধৱী অংকনা সাউদে আৰম্ভ কৰিছিলো এই কাম । সেই সময়ত দুহেজাৰ টকা হাতত লৈ কাঠত লিখা ৱাল হেংগিং, বটল আৰ্ট, কেনভাছ পেইণ্টিং বনাবলৈ আৰম্ভ কৰিছিলো । মাত্ৰ ২০ দিনত বাণিজ্য মেলা তথা প্ৰদৰ্শনীৰ বাবে সামগ্ৰীবোৰ সাজু কৰিছিলো । তাৰ পিছৰে পৰা আমাৰ ধাৰাবাহিকতা থাকি গ'ল । সেই সময়ত অসমীয়া চিৰযুগমীয়া গীতৰ কলি লিখা আমাৰ ৱাল হেংগিংবোৰ মানুহে খুব আকোঁৱালি ল'লে । সেই প্ৰদৰ্শনৰ পৰাই 'নিৱনুৱা হাব'ৰ আৰম্ভণি হয় ।"

নিৱনুৱা হাবত কি কি পোৱা যায় (ETV Bharat Assam)
নিৱনুৱা হাবত কি কি পোৱা যায়

শইকীয়াই এই সন্দৰ্ভত কয়, "দুই-তিনিবিধ সামগ্ৰীৰে আৰম্ভ কৰা আমাৰ এই যাত্ৰাত প্ৰায় ১৫ বিধ সামগ্ৰী বৰ্তমান পোৱা যায় । আমাৰ আৰম্ভণিৰ পৰা থকা ৱাল হেংগিঙৰ উপৰিও অসমৰ প্ৰতিটো থলুৱা সম্পদৰ 3D ছবি । মণিপুৰৰ এটা বিশেষ বেগ, সৰ্থেবাৰী শিল্পীয়ে তৈয়াৰ কৰা কাঁহ আৰু পিতলৰ বাচন-বৰ্তনৰ ক্ষুদ্ৰ ৰূপ সজাবলৈ সৰু বঁটা, শৰাই, জাপি, বানবাটি, এটা ফ্ৰেমত আবদ্ধ কৰি ৰখা সৰু জাপি, মুখা, গুৰু আসন, কামাখ্যা মন্দিৰ, খোল, তাল আদি ।‌"

NIBANUA HUB
নিবনুৱা হাবত প্ৰস্তুত কৰা সামগ্ৰী (ETV Bharat Assam)
নিবনুৱা হাবত পোৱা সামগ্ৰীবোৰ কেনেদৰে সংগ্ৰহ কৰে ?

আমাৰ সামগ্ৰীবোৰ ৱাল হেংগিং, ক্লেৰে বনোৱা সামগ্ৰীবোৰ আমি নিজেই প্ৰস্তুত কৰো । তদুপৰিও মোৰ গুৰু দিগন্ত মাধৱ গোস্বামীয়ে আমাক মুখাৰ লগতে কিছুমান সামগ্ৰী প্ৰস্তুত আৰু ফাইবাৰ সংমিশ্ৰণ কৰি বনাই দিয়ে । তাৰ পিছত আমি ইয়াত ৰং কৰি ফ্ৰেম কৰো । তদুপৰি কাঁহ-পিতলৰ সামগ্ৰীবোৰ সৰ্থেবাৰী পৰা আৰু বেগবোৰ মণিপুৰৰ পৰা সংগ্ৰহ কৰো । আমাৰ সামগ্ৰীবোৰ অনলাইন যোগে ক্ৰয় কৰিব পাৰে । অফলাইন যোগে ক্ৰয় কৰিবলৈ আমাৰ বেলতলাৰ নিবনুৱা হাবলৈ আহিব লাগিব । আমাৰ সামগ্ৰীবোৰৰ মূল্য ১৫০ পৰা আৰম্ভ কৰি ২৬০০ টকা পৰ্যন্ত আছে । গ্ৰাহকে কাষ্টমাইজ কৰিলে দামটো অলপ কম-বেছি হয় ।

NIBANUA HUB
নিবনুৱা হাবত প্ৰস্তুত কৰা ৱাল হেংগিং (ETV Bharat Assam)
ভৱিষ্যৎ পৰিকল্পনা কি?

এই সন্দৰ্ভত তেওঁ কয়,"নিবনুৱা হাব আমাৰ বাবে এটা সৰু গছপুলি । ইয়াক বটবৃক্ষ কৰাৰ সপোন আছে । অসমৰ সম্পদসমূহক ৰাইজৰ মাজলৈ কেনেকৈ উলিয়াই দিব পাৰো আৰু দেশবাসী বা বিশ্ববাসীৰ মাজত চিনাকী কৰাই দিয়াৰ প্ৰয়োজন আছে । আগৰ পৰা ভবা নাছিলো এনেকুৱা কিবা কৰিম বুলি । এতিয়া বেলেগ চিন্তা নকৰাকৈ নিবনুৱা হাবৰ পৰা ভৱিষ্যতো চাব পাৰো । মোৰ এই কামত মোক মোৰ স্বামী ৰুচেং গগৈয়ে সহায় কৰি আহিছে । নিবনুৱা হাবৰ জৰিয়তে মই নিজে স্বাৱলম্বী হোৱাৰ উপৰিও তিনিজন যুৱক-যুৱতীক কৰ্মসংস্থাপন দিব পাৰিছো । তদুপৰি আন চাৰিজনীয়া দল এটাই আমাক বিভিন্ন কামত সহায় কৰি আহিছে ।"

নামটো কিয় ৰখা হ'ল 'নিবনুৱা হাব' (ETV Bharat Assam)

কিয় নিবনুৱা হাব নাম ৰাখিলে ?

তেওঁ কয়, "নিবনুৱা শব্দটো ঋণাত্মক শব্দ হিচাপে লোৱা হয় । ঋণাত্মকৰ পৰা আমি কেনেদৰে এটা যোগাত্মক দিশ উলিয়াব পাৰো । নিবনুৱাৰ 'নি' আতৰাই দিলে সেইটো বনুৱা হৈ যায় । হাতে-কামে কৰিলে প্ৰতিজন নিবনুৱাই বনুৱা হ'ব পাৰে । সেই উদ্দেশ্যেৰে এইটো নাম ৰখা হৈছিল ।"

লগতে পঢ়ক:'মায়াবিনী' আৰু 'দয়াবিনী' ! জুবিনৰ নামত মুখ্যমন্ত্রী হোৱাৰ সপোন দেখি কোনে মুখঠেকেচা খালে ? সদনত ক'লে মুখ্যমন্ত্ৰীয়ে