ETV Bharat / state

বিদায়ী বৰ্ষটোত ৰে'লপথ অতিক্ৰম কৰা ১৬০ টাৰো অধিক হাতীৰ জীৱন ৰক্ষা উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ

হস্তী কৰিডৰৰ মাজেৰে পাৰ হোৱা উত্তৰ-পূব সীমান্ত ৰে’লৰ গুৰুত্বপূর্ণ খণ্ডসমূহত প্রৱর্তন কৰা হৈছে অনুপ্রৱেশ চিনাক্তকৰণ পদ্ধতি(ইনট্ৰুজন ডিটেকচন চিষ্টেম বা আই ডি এছ) ৷

NFR
প্ৰতীকী ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 25, 2025 at 10:33 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: শেহতীয়াকৈ নগাঁৱৰ কামপুৰত ৰে’লৰ খুন্দাত ৮ টাকৈ হাতীৰ কৰুণ মৃত্যুৱে সমগ্ৰ দেশ জোকাৰি যায় । এই শোকাৱহ ঘটনাৰ পাছতে উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে অৱলম্বন কৰিছে বিশেষ তৎপৰতা ।

উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে হাতীৰ সৈতে সংঘর্ষৰ ঘটনা ৰোধ কৰাৰ অর্থে তাৰ নেটৱৰ্কত সুৰক্ষিত, নিৰৱচ্ছিন্ন আৰু সুৰক্ষিত ৰে’ল চলাচল নিশ্চিত কৰিবলৈ ধাৰাবাহিকভাৱে সক্ৰিয় আৰু প্ৰযুক্তিভিত্তিক পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

এই ধাৰাবাহিক পদক্ষেপসমূহৰ উৎসাহজনক পৰিণামৰ ফলত কেৱল চলিত বৰ্ষতে ১৬০ টাৰো অধিক হাতীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে । এই কথা জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই । তেওঁ কয়, ‘‘বন্যপ্রাণী সংৰক্ষণৰ দিশত উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগৰ দৃঢ় প্ৰতিশ্ৰুতিকেই পুনৰ নিশ্চিতকৰণ কৰিছে । এই দিশত এক গুৰুত্বপূৰ্ণ ব্যৱস্থা হৈছে অনুপ্রৱেশ চিনাক্তকৰণ পদ্ধতি(ইনট্ৰুজন ডিটেকচন চিষ্টেম বা আই ডি এছ) ৰ প্রৱর্তন, যি এক উন্নত কৃত্ৰিম বুদ্ধিমত্তা (আর্টিফিচিয়েল ইণ্টেলিজেন্স) ভিত্তিক প্রযুক্তি । যি ডিষ্ট্ৰিবিউটেড এক’ষ্টিক চিষ্টেম (ডি এ এছ) নীতি ব্যৱহাৰ কৰে । এই পদ্ধতিয়ে ৰে’লপথৰ আশে পাশে হাতীৰ গতিবিধি চিনাক্ত কৰে আৰু তাৎক্ষণিকভাৱে লোকো পাইলট আৰু কণ্ট্ৰ’ল ৰুমলৈ ৰিয়েল-টাইম সতর্কবাণী প্রদান কৰে । যাৰ ফলত সময়োচিত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ লগতে ৰে’ল চলাচলৰ সুৰক্ষা বৃদ্ধিত সহায়ক হয় ।’’

তেওঁ লগতে কয়, ‘‘এই আই ডি এছ ইতিমধ্যে হস্তী কৰিডৰৰ মাজেৰে পাৰ হোৱা উত্তৰ-পূব সীমান্ত ৰে’লৰ গুৰুত্বপূর্ণ খণ্ডসমূহত প্রৱর্তন কৰা হৈছে । বৰ্তমান এই পদ্ধতি চাৰিটা গুৰুত্বপূর্ণ খণ্ডত কার্যকৰী কৰা হৈছে । ৰঙিয়া মণ্ডলৰ অধীনত ২৪ কিলোমিটাৰ কামাখ্যা, আজাৰা আৰু মির্জা খণ্ড, আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ ৫২ কিলোমিটাৰ মাদাৰীহাট-নাগ্ৰাকাটা খণ্ড, লামডিং মণ্ডলৰ অধীনৰ ৩২ কিলোমিটাৰ হাবাইপুৰ, লামচাখাং, পাথৰখোলা আৰু লামডিং খণ্ড আৰু তিনিচুকিয়া মণ্ডলৰ অধীনৰ ২৩ কিলোমিটাৰ তিতাবৰ, মৰিয়নী আৰু নকচাৰী খণ্ড । এই আই ডি এছ স্থাপনসমূহে একেলগে ৬২.৭ কিলোমিটাৰ হস্তী কৰিডৰ আৰু ১৬১ কিলোমিটাৰ ব্লক খণ্ড সামৰি লৈছে । ইয়াৰ ফলত সংবেদনশীল বন্যপ্রাণী বসতি অঞ্চলত নিৰাপত্তা উল্লেখযোগ্যভাৱে বৃদ্ধি হৈছে । এই সফলতাৰ ওপৰত ভিত্তি কৰি আই ডি এছৰ স্থাপনৰ কাম বর্তমান একাধিক মণ্ডলত চলি আছে । যাৰ ভিতৰত আলিপুৰদুৱাৰত ৯২ কিলোমিটাৰ, কাটিহাৰত ২৫ কিলোমিটাৰ, ৰঙিয়াত ১৭৪ কিলোমিটাৰ, লামডিঙত ১১০ কিলোমিটাৰ আৰু তিনিচুকীয়া মণ্ডলত ১২ কিলোমিটাৰ অন্তর্ভুক্ত । আই ডি এছ স্থাপন সম্পূর্ণ হোৱাৰ পিছত এই পদ্ধতিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৰ সমগ্ৰ হস্তী কৰিডৰ সামৰি লৈ মুঠ ১৪৬.৪ কিলোমিটাৰৰ সৈতে সামগ্রিক ব্লক খণ্ডৰ দৈৰ্ঘ ৪১৩.৪২ কিলোমিটাৰ হ'ব, যিয়ে এক শক্তিশালী আৰু সম্পূর্ণ সুৰক্ষা নেটৱৰ্ক সৃষ্টি কৰিব ।’’

তেওঁ কয়, ‘‘তদুপৰি উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে ৰে’ল আৰু হাতীৰ সংযোগ হ্ৰাস কৰিবলৈ উদ্ভাৱনীমূলক প্রতিৰোধ ব্যৱস্থা গ্রহণ কৰিছে । 'প্লেন বি' পদ্ধতি, যি সংবেদনশীল লেভেল ক্রছিং গেটসমূহত স্থাপন কৰা হৈছে । এই পদ্ধতিৰ দ্বাৰা মৌ-মাখিৰ শব্দৰ প্ৰসাৰিত ধ্বনি ব্যৱহাৰ কৰা হয়, যি ৪০০ মিটাৰলৈকে শুনা যায় আৰু হাতীক ৰে’লপথৰ ওচৰলৈ অহাত বাধা দিয়ে । বন বিভাগৰ সৈতে সমন্বয়েৰে উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগে ৰিয়েল-টাইম ভিত্তিত তথ্য বিনিময়, হস্তী কৰিডৰত নিশাৰ ভাগত গতিবেগ নিয়ন্ত্রণ, দৃশ্যভিত্তিত অস্থায়ী গতিবেগৰ নিয়ন্ত্রণ, ৰে’ল চালকসকলৰ সচেতনতা বৃদ্ধি, সতর্কতামূলক চাইনব'ৰ্ড স্থাপন আৰু দৃশ্যমান উন্নত কৰাৰ অৰ্থে ঘাঁহ-বন পৰিষ্কাৰকৰণকে ধৰি সুৰক্ষামূলক ব্যৱস্থা বৃদ্ধি কৰিছে । ৰাষ্ট্ৰীয় পর্যায়তো ভাৰতীয় ৰে’ল বিভাগে ডিষ্ট্ৰিবিউটেড একোষ্টিক চিষ্টেম(ডি এ এছ) প্রযুক্তি ব্যৱহাৰ কৰি কৃত্ৰিম বুদ্ধিমত্তা সক্ষম অনুপ্রৱেশ চিনাক্তকৰণ পদ্ধতি(আই ডি এছ) প্রৱর্তনেৰে বন্যপ্রাণী সংৰক্ষণ শক্তিশালী কৰিছে । যি ৰে’লপথৰ আশে-পাশে হাতী আৰু অন্যান্য বন্যপ্রাণী চিনাক্ত কৰে । উত্তৰ পূব সীমান্ত ৰে’ল বিভাগত সফলতাৰে শুভাৰম্ভ কৰা এই পদ্ধতি এতিয়া দেশৰ অন্যান্য অংশলৈ সম্প্ৰসাৰণ কৰা হৈছে । এই সম্প্রসাৰণে অতিৰিক্ত ৯৮১ ৰুট কিলোমিটাৰ সামৰি ল'ব, যাৰ ফলত ভাৰতীয় ৰে’ল বিভাগৰ মুঠ কভাৰেজ ১,১২২ ৰুট কিলোমিটাৰ হ'ব । যি বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষিত ৰে’ল চলাচলৰ প্রতি ইয়াৰ প্রতিশ্রুতিকে শক্তিশালী কৰিব । ২০১৭ চনৰ পৰা উত্তৰ-পূব সীমান্ত ৰে’ল বিভাগত ৰে'লপথ অতিক্রম কৰা দুই হাজাৰৰো অধিক হাতীক নিৰাপদে ৰক্ষা কৰা হৈছে ।’’

লগতে পঢ়ক: বছৰৰ শেষত জানো আহক চৰকাৰৰ উচ্ছেদৰ কিছু তথ্য