সাৱধান: নতুন বছৰ উদযাপনৰ নামত ৰাজপথত নচলিব উদ্ভণ্ডালি, কঠোৰ বিভাগীয় কৰ্তৃপক্ষ
ইংৰাজী নতুন বছৰক আদৰিবলৈ গৈ আপুনি পাহৰি নাযাব আপোনাৰ সীমা । কঠোৰ পৰিবহন বিভাগ ।

Published : December 31, 2025 at 4:39 PM IST
গুৱাহাটী: আৰু কিছু ক্ষণ পাছতেই এটা বৰ্ষক বিদায় দি আন এটা নতুন বছৰক আদৰা হ'ব । ইংৰাজী নতুন বছৰক আদৰিবলৈ গুৱাহাটীবাসীৰ লগতে ৰাজ্যবাসী সাজু হৈছে । অপেক্ষা মাথো কিছু সময়ৰ । বিভিন্ন পৰিকল্পনা আৰু প্ৰস্তুতিৰে নতুন বছৰক আদৰাৰ বাবে সকলো সাজু হৈছে ।
ইফালে নৱবৰ্ষ উদযাপনৰ নামত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তথা আনন্দময় পৰিৱেশত যাতে পথ দুর্ঘটনাই কোনো পৰিয়াললৈকে অনাকাংক্ষিত বিষাদ কঢ়িয়াই আনিব নোৱাৰে, তাক লৈ অধিক তৎপৰ হৈ উঠিছে ৰাজ্যৰ পৰিবহণ বিভাগ । সমগ্ৰ ৰাজ্যতে নতুন বছৰত পথ দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা পাৰ্যমানে নিয়ন্ত্ৰণ কৰাৰ বাবে জিলা প্রশাসন, আৰক্ষী, আবকাৰী আৰু পৰিবহণ বিভাগ একত্ৰ হৈ জোৰদাৰ প্রচেষ্টা চলাইছে ।

দিনে-নিশাই বিভিন্ন গুৰুত্বপূৰ্ণ পথত উদণ্ড সুৰাপায়ী আৰু যান-বাহন আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে চলিছে অভিযান । বিশেষকৈ নিশাৰ ভাগত গুৰু-গোঁসাই নমনা কোনো উদণ্ড চালকে যাতে যাত্রী-পথচাৰীৰ জীৱনলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে । বিশেষকৈ নৱবৰ্ষৰ উদযাপনৰ বুধবাৰৰ দিনটোৰ বাবে বিশেষভাৱে তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ ।
এই সন্দৰ্ভত পৰিবহণ বিভাগৰ বিশেষ কর্তব্যৰত বিষয়া গৌতম দাসে কয়, "নতুন বছৰত যান-বাহন আইনৰ ক্ষেত্ৰত পৰিবহণ বিভাগ পূর্বতকৈও অধিক সতৰ্ক আৰু কঠোৰ হ'ব । নতুন বছৰক আদৰাৰ নামত চালকে সুৰাপান কৰি গাড়ী চলালে পৰিবহণ আইনৰ ১৮৫ ধাৰা অনুসৰি ১০ হাজাৰ টকাৰ জৰিমনা বিহাৰ উপৰি চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে তেনে বাহনৰ চালক ৰঙাঘৰৰ আলহী পর্যন্ত হ'ব লাগিব ।"

তেওঁ লগতে পঢ়ক, "যান-বাহন আইন উলংঘা কৰিলেই গোচৰ পঞ্জীয়ন হ'ব বাহনৰ চালক আৰু গৰাকীৰ বিৰুদ্ধে । আনহাতে পৰিবহণ বিভাগে ইয়াৰ সমান্তৰালভাৱে পথচাৰীকে ধৰি সকলো শ্ৰেণীৰ যান-বাহন ব্যৱহাৰকাৰীৰ স্বতঃস্ফূর্ত সহযোগিতাত পথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখা বিষয়তো গুৰুত্ব দিছে । পথ দুর্ঘটনা যিহেতু মানৱসৃষ্ট, সেয়ে সকলোৰে আন্তৰিক প্ৰচেষ্টাত পথ দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰিব পৰা যায় ।"

লক্ষণীয় বিষয় যে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ অন্যান্য স্থানত যোৱা কেইদিনমানত পথ সুৰক্ষাৰ ব্যতিক্ৰমী জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰা হয় । বিভিন্ন ঠাইত পথ সুৰক্ষামূলক বাটৰ নাটো প্ৰদৰ্শন কৰা হয় । উল্লেখ্য যে ৰাজ্যখনৰ অন্যান্য প্রান্তৰ লগতে ৰাজধানী মহানগৰ গুৱাহাটীতো নৱবৰ্ষ উদযাপনৰ ব্যাপক প্রস্তুতি চলিছে । গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ বাসিন্দাসকলে বুধবাৰৰ নিশা আনন্দ-স্ফুৰ্তি মাজেৰে লগে-ভাগে এসাঁজ খাই নৱবৰ্ষক আদৰাৰ বাবে প্রস্তুতি চলাইছে ।

সমান্তৰালকৈ সজাই-পৰাই তোলা হৈছে হোটেল-ৰেস্তোৰাঁ-বাৰ-ক্লাব আদি । নৱবৰ্ষ উদযাপনৰ নামত সীমা অতিক্ৰম কৰিলে বিপদত পৰাটো নিশ্চিত । নতুন বছৰ উদযাপনৰ নামত চালকে ৰাজপথত উদ্ভণ্ডালি কৰিলে নাইবা সুৰাপান কৰি বাহন চলালে বিপদ অনিবাৰ্য । নৱবৰ্ষ উদযাপনৰ নামত সুৰাপান কৰি গাড়ী চলোৱাসকলক জৰিমনা বিহাৰ উপৰি চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগসহ প্রশাসন আৰক্ষী-আবকাৰী বিভাগ ।

ইতিমধ্যে গুৱাহাটীৰ বাটে-পথে নিশাৰ ভাগত আৰম্ভ হৈছে সুৰাপায়ী চালক চিনাক্তকৰণ প্ৰক্ৰিয়া । মুঠতে নৱবৰ্ষক আদৰাৰ নামত সুৰাপান কৰি গুৱাহাটীৰ ৰাজপথত উচ্ছৃংখলতাৰ সৃষ্টি কৰা চালক-বাইকাৰ্ছক নাকী লগাবলৈ সাজু হৈ আছে কামৰূপ মহানগৰ জিলা প্রশাসন, আবকাৰী আৰক্ষী আৰু পৰিবহণ বিভাগ । কোনোৱে নিশাৰ ভাগত গুৰু-গোঁসাই নামানি যাত্রী-পথচাৰীৰ জীৱনলৈ বিপদ কঢ়িয়াই অনা সুৰামত্ত চালক সাৰি যাব নোৱাৰিব । আজি নিশা ৰাজপথত চলিব ব্রেথ এনালাইজাৰেৰে অভিযান । ধৰা পৰিলে বিপদ নিশ্চিত ।

