ETV Bharat / state

এটা নান্দনিক দৃশ্য আৰু তাৰ পিছৰ নিশাটো...

বছৰৰ অন্তিম দিনটোত কেমেৰাত বন্দী হোৱা মাজুলীৰ এক বিশেষ দৃশ্য ।

last sunset of the year in Majuli
মাজুলীত বছৰৰ অন্তিমটো সূৰ্যাস্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 1, 2026 at 11:56 AM IST

2 Min Read
Choose ETV Bharat

মাজুলী : ২০২৫ চনক বিদায় দি নতুন বছৰক আদৰণি জনাইছে ৰাজ্যবাসীয়ে । নতুন পৰিকল্পনাৰে সকলোৱে আৰম্ভ কৰিছে ইংৰাজী নৱবৰ্ষ । সকলোৱে আশা কৰিছে আহি থকা বছৰটো যাতে সকলোৰে বাবে ভাল হয় । তাৰ মাজতে বছৰৰ অন্তিমটো দিনত মাজুলীৰ বুকুত ৰৈ গ'ল কিছু মায়াময় স্মৃতি ।

কুমলীয়া চাপৰিৰ বিশাল বালিত বছৰৰ অন্তিমটো সূৰ্যাস্ত আছিল অতি আকৰ্ষণীয় । এই নান্দনিক দৃশ্যৰ সাক্ষী হৈ ৰ'ল এক বিশাল বন্যহস্তীৰ জাক । প্ৰকৃতিৰ কি অদ্ভূত খেল ! এফালে দিনৰ অৱসান আনফালে এক অপূৰ্ব জীৱন যাত্ৰা । এই নিস্তব্ধতাৰ মাজতেই যেন লুকাই আছে নতুন বছৰৰ প্ৰতিটো শুভকামনা ।

বছৰৰ অন্তিম দিনটোত কেমেৰাত বন্দী হোৱা মাজুলীৰ এক বিশেষ দৃশ্য (ETV Bharat Assam)

মাজুলীৰ কুমলীয়া চাপৰিত বছৰৰ অন্তিমটো সূৰ্যাস্তই যেন বহু কথাই বুজাবলৈ চেষ্টা কৰিছে । কেমেৰাত এই দৃশ্য অতি মায়াময় দেখা গৈছে । ইয়াৰ সিপাৰৰ কাহিনীটো কিন্তু সিমানেই ভয়ংকৰ । ডুব যোৱা বেলিটোৱে সৃষ্টি কৰা নান্দনিক দৃশ্যৰ পিছৰ সময়খিনিহে মাজুলীবাসীয়ে কটাব লাগে বিনিদ্ৰ ৰজনীৰে । কাৰণ দিনৰ পোহৰত শান্ত হৈ থকা এই হাতীৰ জাকটোৱে নিশা হ'লেই কালৰূপ ধাৰণ কৰে । আজি দীৰ্ঘদিনে পৰিস্থিতিৰ কোনো পৰিৱৰ্তন ঘটা নাই ৷

মাজুলীৰ ইটোৰ পিছত সিটো চাপৰিত কেৱল বনৰীয়া হাতীৰ উপদ্ৰৱ চলিছে । কোনোৱে আপোনজনক হেৰুওৱাৰ আশংকাত ভুগিছে, কোনোৱে আকৌ সপোনৰ ঘৰখন ৰক্ষা কৰাৰ চিন্তাত আছে । বছৰৰ অন্তিমটো দিনত কুমলীয়া চাপৰিৰ নান্দনিক দৃশ্যটোৱে এনেদৰেই মাজুলীবাসীৰ বাবে নতুন বছৰৰ বাৰ্তা কঢ়িয়াইছে । তথাপিও বন্যহস্তীৰে সহাৱস্থানৰ সংকল্প লৈ এতিয়া আগবাঢ়িছে মাজুলীবাসী ।

লগতে পঢ়ক :কৰ্কটকো প্ৰত্যাহ্বান জনাই এখন চহৰক সেউজ বাগিচালৈ ৰূপান্তৰ কৰাৰ সপোন দেখা মানুহজন