কি টিলিঙা মন্দিৰ, কি বিল্বেশ্বৰ দেৱালয়, সকলোতে অগনন ভক্তৰ ভিৰ
বছৰটোৰ প্ৰথমটো দিনতে নেদেখাজনৰ শৰণাপন্ন হ'ল অগনন লোক । বছৰটো যেন কুশলে যায় তাৰেই কামনা কৰিলে সকলোৱে ।

Published : January 1, 2026 at 7:46 PM IST
তিনিচুকীয়া/নলবাৰী : আজি ইংৰাজী নৱবৰ্ষ ২০২৬ চনৰ প্ৰথমটো দিন । নৱবৰ্ষৰ প্ৰথমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াৰো বৰডুবিত অৱস্থিত ঐতিহাসিক টিলিঙা মন্দিৰত পুৱাৰে পৰা ভিৰ কৰিছেহি অগনন ভক্তই । বিশ্বাস কৰা হয় টিলিঙা মন্দিৰৰ টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয় ।
সেই উপলক্ষে বৃহস্পতিবাৰে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাৰ ভক্তসকলৰ আগমন ঘটিছে ৷ ২০২৫ বৰ্ষটো যেনেদৰে গ’ল তাতকৈ দুগুণ সুখ, শান্তিৰ কামনাৰে সকলোৱে টিলিঙা মন্দিৰত চাকি, বন্তি জ্বলাই পূজা অৰ্চনা কৰে ।
পূজা-পাৰ্বন কৰিবলৈ অহা সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বড়াই কয়, "সকলোলৈ সংবাদমাধ্যমৰ জৰিয়তে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ । আজি প্ৰথম দিনটোতেই টিলিঙা মন্দিৰলৈ আহিছোঁ আশীৰ্বাদ বিচাৰি, যাতে নতুন বছৰটো ভালে-কুশলে যায় । প্ৰতিটো জাতি-জনগোষ্ঠীৰ, খিলঞ্জীয়াৰ অধিকাৰ লাভ কৰক তাকেই বিচাৰিছো ।"

তেওঁ পুনৰ কয়, "আজি হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে ৷ সকলোৰে নিজৰ নিজৰ মনৰ আশা পূৰণ হওক তাকেই কামনা কৰিছো ।” আনহাতে বৰপেটাৰ পৰা অহা এগৰাকী যুৱতীয়ে ২০২৬ বৰ্ষটো সকলোৰে ভাল হওক বুলি উল্লেখ কৰি ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি অহা বুলি সদৰী কৰে ।

টিলিঙা মন্দিৰ সবিশেষ:
তিনিচুকীয়া জিলাৰ ডিব্ৰুগড় জিলাৰ সীমান্ত বৰডুবি নামৰ ঠাইত অৱস্থিত এই টিলিঙা মন্দিৰ । ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰপৰা টিলিঙা মন্দিৰলৈ মাত্ৰ কেইকিলোমিটাৰ আৰু তিনিচুকীয়া চহৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত । টিলিঙা মন্দিৰ দেৱাদিদেৱ মহাদেৱৰ পূজাৰ পীঠস্থান । হাজাৰ হাজাৰ কাঁহ, পিতল, তাম আৰু ব্ৰঞ্জৰ টিলিঙা বা ঘন্টা ওলমাই ৰখা গছ এডালক কেন্দ্ৰ কৰি এই মন্দিৰটো সাজি উলিওৱা হৈছে । অৱশ্যে টিলিঙা মন্দিৰৰ চৌহদটো অলেখ ঘন্টাৰ স্তপ দেখা যায় ।

বছৰটোৰ পহিলা দিনত অগনন ভক্তৰ ভিৰ বিল্বেশ্বৰ দেৱালয়ত:
ন-উদ্যম, ন-প্ৰত্যাশাৰে ২০২৬ ৰ শুভাৰম্ভণি । পহিলা জানুৱাৰীত নেদেখাজনৰ আশিস ল’বলৈ মঠ-মন্দিৰত দেখা গৈছে ভক্তৰ ভিৰ । নলবাৰীৰ বেলশৰস্থিত ঐতিহাসিক শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়তো পু্ৱাৰে পৰা ভক্তৰ ভিৰ দেখা গৈছে ৷ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থীৰে ভৰি পৰিছে বিল্বেশ্বৰ দেৱায়লয়ত ।

বাবাৰ আশিস লৈ সকলোৰে মংগল কামনা কৰে দৰ্শনাৰ্থীয়ে । আনহাতে জুবিনবিহীন অসমে প্ৰথমটো ইংৰাজী নৱবৰ্ষত ন্যায় পোৱাটো বিচাৰিছে দৰ্শনাথীসকলে । দলৈ ৰঞ্জিত মিশ্ৰইয়ো সকলো মনোবাঞ্চা পুৰণ হোৱাৰ কামনাৰে ২০২৫ ত অসমে যি যি হেৰুৱালে, ২০২৬ ত যাতে তেনে কোনো ঘটনা নঘটে, তাৰ বাবে বাবা বিল্বেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ।


