ভাৰতত অসুৰক্ষিত নেকি নেপালীসকল ? প্ৰমাণ কৰিবলৈ চাইকেল চলাই অসমত উপস্থিত ভুৱন
ভাৰতত নেপালৰ লোকসকলক সুৰক্ষিত নহয় বুলি নেপালত প্ৰচাৰিত কথা মিছা প্ৰতিপন্ন কৰিবলৈ ভাৰত তথা অসমত উপস্থিত নেপালী যুৱক ভুৱন ৰাজবংশী ৷ অসমীয়াৰ প্ৰশংসাতো পঞ্চমুখ ।

Published : July 3, 2026 at 3:30 PM IST
বঙাইগাঁও: "মই পোন প্ৰথমে নেপালবাসীক ক'ব বিচাৰিছোঁ, আপোনালোকে যদি কেতিয়াবা ভাৰতলৈ আহিব বিচাৰে তেন্তে অন্য ঠাইলৈ পিছত যাব প্ৰথমতে অসমলৈ আহিব । অসম বহুত ধুনীয়া আৰু কেতিয়াও মনত অসুৰক্ষিত অনুভৱ নকৰিব । কিয়নো অসম কেতিয়াও অসুৰক্ষিত নহয়, আমি যেনেদৰে নেপালত থাকো তেনেদৰেই ভাৰততো থাকিব পাৰিব । মান-সন্মান সকলো সমান । ইয়াত অসুৰক্ষিত বুলি কোনো কথায়ে নাই, কাৰণ মই অকলে ইমান দিন ভ্ৰমণ কৰিছোঁ ।" এয়া হৈছে অসম তথা ভাৰতৰ পৰিস্থিতি সন্দৰ্ভত এগৰাকী নেপালী যুৱকৰ মনৰ কথা ।
ভাৰতত নেপালৰ লোকসকলক সুৰক্ষিত নহয় ৷ নেপালত প্ৰচাৰ হৈ আছে এই কথা ৷ নেপালত প্ৰচাৰ হোৱা এই কথা মিছা বুলি প্ৰতিপন্ন কৰিবলৈ ভাৰত তথা অসমত আহি অকলেই উপস্থিত হ’ল নেপালী যুৱক ভুৱন ৰাজবংশী ৷ আনহাতে, অসমত প্ৰৱেশ কৰাৰ পিছত অসমীয়াৰ প্ৰশংসাত পঞ্চমুখ হয় নেপালী যুৱকজন ।
“অসমীয়া লোকসকল বহুত ভাল ৷ মোক ইমান আদৰ-যত্ন কৰিছে যে মই নেপালত আছোঁ নে অসমত আছোঁ সেয়া ধৰিবই পৰা নাই ৷ নেপালত উৰাবাতৰি চলি আছে যে ভাৰতত নেপালীসকলক অত্যাচাৰ কৰা হয় ৷ কিন্তু মই যোৱা ১০ দিন ভাৰত তথা অসমত আছোঁ ৷ কিন্তু ক’তো মোক কোনেও একো কৰা নাই ৷ বৰং আদৰ আৰু সন্মানহে কৰিছে ।” এই মন্তব্য নেপালৰ যুৱক ভুৱন ৰাজবংশীৰ ৷
উল্লেখ্য, নেপালত ভাৰতত থকা নেপালৰ লোকসকল সুৰক্ষিত নহয় বুলি একাংশ লোকে প্ৰচাৰ কৰি আছে ৷ একাংশ লোকে ভুৱন ৰাজবংশীক ভাৰত তথা অসম ভ্ৰমণ কৰিবলৈ বাধা প্ৰদানো কৰিছিল ৷ কিন্তু তাৰপিছতো অকলশৰেই ভাৰত তথা অসম চাইকেল চলাই ভ্ৰমণ কৰি আছে যুৱকজনে ৷
ইতিমধ্যে ভাৰত ভ্ৰমণৰ ১০ দিন হ’ল, কিন্তু আজিলৈ ক’তো একো অসুবিধা পোৱা নাই যুৱকজনে ৷ বৰঞ্চ মৰম আৰু সন্মানহে পাইছে ভাৰতীয়সকলৰ পৰা ৷
উল্লেখ্য যে ২৪ জুনত নেপালৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰা নেপালী যুৱক ভুৱন ৰাজবংশী শুকুৰবাৰে বঙাইগাঁৱৰ কাকৈজানাত উপস্থিত হয় ৷ পৃথিৱী বিখ্যাত সোণালী বান্দৰ প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে যুৱকজন ৷
আনহাতে, অসমীয়াৰ আতিথ্যত পঞ্চমুখ হৈ পৰে তেওঁ ৷ অসমীয়া লোকসকল বৰ ভাল বুলি মন্তব্য কৰি নেপালৰ লোকসকলক কোনো চিন্তা নকৰাকৈ ভাৰত তথা অসম ভ্ৰমণ কৰিবলৈ আহ্বান জনায় ৷ লগতে ভাৰত তথা অসমত নেপালীসকল সুৰক্ষিত বুলিও যুৱকজনে মন্তব্য কৰে ৷

