দেওবাৰে স্ব-গৃহ পাবহি নেপালত আবদ্ধ ৮ অসমীয়া !
অসমলৈ উভতিব নেপালত উদ্ধাৰ হোৱা ৮ গৰাকী লোক । মুখ্যমন্ত্ৰীয়ে সদৰী কৰিলে এই কথা ।

Published : August 30, 2026 at 7:56 AM IST
|Updated : August 30, 2026 at 3:03 PM IST
গুৱাহাটী: নেপালৰ প্ৰলয়ংকাৰী বানৰ ফলত বৰ্তমানেও নিখোজ হৈ আছে অসমৰ ৯ জনকৈ লোক । দেওবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এইকথা সদৰী কৰিছে । কৰ্তৃপক্ষৰ ফালৰ পৰা ইতিমধ্যে এখন তালিকা প্ৰকাশ কৰিছে । য'ত ১৬ জন লোকৰ সম্পূৰ্ণ তথ্য প্ৰদান কৰা হৈছে ।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি ৭ গৰাকী লোকৰ বৰ্তমান নিৰাপদ বুলি উল্লেখ কৰা হৈছে । তেওঁলোক হৈছে কাৰ্বি আংলঙৰ সোণাৰাম নাৰ্জাৰী, নলবাৰীৰ পংকজ বৰ্মন, নলবাৰীৰ সমৰ বেজবৰুৱা, নলবাৰীৰ ডাঃ তীৰ্থ চলিহা, পশ্চিম কাৰ্বি আংলঙৰ ছিলভা মাৰাক, সৰবিছন মাৰাক, এলফিছন চাংমা । তালিকাখনত প্ৰকাশ কৰা অনুসৰি এতিয়াও ৯ জন লোকৰ কোনো সন্ধান নাই ।

ইফালে শনিবাৰে নিশা নেপালত নিৰুদ্দেশ হৈ থকা ৮ গৰাকী ব্যক্তি উদ্ধাৰ হোৱাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে । উদ্ধাৰ কৰা লোকসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰাৰ কথাও এক্সযোগে সদৰী কৰে । নেপালত নিৰুদ্দেশ হৈ থকা ৮ গৰাকী লোক দেওবাৰে অসমলৈ উভতি আহিব বুলি তেওঁ এক্সৰ এটা প'ষ্টত উল্লেখ কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ প'ষ্টত উল্লেখ কৰে,"নেপালত নিৰাপদে উদ্ধাৰ হোৱা অসমৰ আঠজন ব্যক্তিৰ সৈতে কথা মই এইমাত্ৰ কথা পাতিলোঁ । ইয়াৰ বাবে মই বৰুণ চৌধৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ । পংকজ বৰ্মা, সমৰ বেজবৰুৱা, গৌতম দাস, গোপাল দেবনাথ, সোণেশ্বৰ নাৰ্জাৰী, সৰবিছন মাৰাক, ছিলভা মাৰাক আৰু এলফিছন চাংমা বৰ্তমান সুৰক্ষিত আৰু দেওবাৰে তেওঁলোক ঘৰলৈ উভতি আহিব ।"
I just spoke to eight people from Assam who have been safely rescued in Nepal, thanks to the dedicated efforts of Shri @Varun_CGCorp Ji.
— Himanta Biswa Sarma (@himantabiswa) August 29, 2026
Pankaj Verma, Samar Bezbaruah, Gautam Das, Gopal Debnath, Soneswar Narzary, Sarbison Marak, Silva Marak and Elphison Sangma are safe and will… https://t.co/daeNLISw5U
তেওঁ লগতে লিখে,"বৰ্তমানো নিখোজ হৈ থকাসকলক বিচাৰি উলিয়াই আৰু অতি সোনকালে তেওঁলোকৰ নিৰাপদে ঘূৰি অহাটো নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে । এইটো সম্ভৱ কৰি তোলাৰ বাবে আৰু এই কঠিন সময়ত আমাৰ লগত থিয় দিয়াৰ বাবে বৰুণ জীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা । আপোনাৰ সময়োপযোগী সহায় আমাৰ সকলোৰে বাবে বহুমূলীয়া ।"
উল্লেখ্য যে, শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগেই নেপালৰ আকস্মিক বানৰ পিছৰে পৰা ১২ গৰাকী অসমীয়া লোক সন্ধানহীন হৈ থকাৰ কথা সদৰী কৰিছিল । লগতে এখন তালিকাও প্ৰকাশ কৰিছিল । পিছে উক্ত তালিকাৰ ভিতৰত শনিবাৰে নিশা মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰা ৮ গৰাকী লোকৰ মাজত কেৱল সমৰ বেজবৰুৱা আৰু সোণেশ্বৰ নাৰ্জাৰীৰ কথাহে উল্লেখ কৰিছে । গতিকে নেপালত নিৰুদ্দেশ হৈ থকা অসমৰ লোকৰ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

