ETV Bharat / state

অসমৰ হস্ততাঁত খণ্ডক লৈ নতুন চিন্তা, টাটা গ্ৰুপৰ সৈতে চুক্তি স্বাক্ষৰ NEHHDC ৰ

ৰাজ্যৰ শিপিনীসকলক সহায় কৰি শিল্পভিত্তিক জীৱিকাৰ পৰিৱৰ্তনত গুৰুত্ব আৰোপ, টাটা গ্ৰুপৰ সৈতে চুক্তি ।

NEHHDC ties up with Tata group firm CML
টাটা গ্ৰুপৰ সৈতে চুক্তি স্বাক্ষৰ NEHHDC ৰ (X @nehhdc)
author img

By PTI

Published : September 1, 2026 at 9:27 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ লগতে স্থানীয় শিপিনীসকলৰ জীৱিকাৰ মান উন্নত কৰাৰ বাবে নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুমছ ডেভেলপমেণ্ট কৰ্প লিমিটেড (NEHHDC) আৰু টাটা গ্ৰুপ ফাৰ্ম চেণ্টাৰ অৱ মাইক্ৰ’ফাইনেন্স এণ্ড লিভলিহুড (CML)ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে ।

এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে এই অংশীদাৰিত্ব টাটা ট্ৰাষ্টৰ অন্তৰাণ পদক্ষেপৰ অধীনত কৰা হৈছে, যিয়ে সমগ্ৰ মূল্য শৃংখলৰ শিপিনীসকলক সহায় কৰি শিল্পভিত্তিক জীৱিকাৰ পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰিছে । এই সহযোগিতাৰ জৰিয়তে NEHHDC আৰু CML-এ দক্ষতা বৃদ্ধি, আৰ্হিৰ বিকাশ, পণ্য উদ্ভাৱন, উদ্যোগীকৰণ প্ৰশিক্ষণ আৰু অসমৰ শিপিনীসকলৰ বজাৰ প্ৰৱেশ সম্প্ৰসাৰণৰ ক্ষেত্ৰত একেলগে কাম কৰিব ।

NEHHDCৰ পৰিচালন সঞ্চালক মাৰা কোচো আৰু CMLৰ কাৰ্যবাহী সঞ্চালক মাধবানন্দ ৰায়ে NEHHDC, CML, নাবাৰ্ডৰ জ্যেষ্ঠ বিষয়া আৰু অংশগ্ৰহণকাৰী শিপিনীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰে ।

বিবৃতিটোত কোৱা হৈছে যে এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে NEHHDCৰ প্ৰতিষ্ঠানিক সামৰ্থক CMLৰ জীৱিকা বিশেষজ্ঞৰ সৈতে সংযুক্ত কৰি অসমত এক শক্তিশালী, বজাৰমুখী হস্ততাঁত পৰিবেশ তন্ত্ৰ গঢ়ি তোলা ৷ যাৰ ফলত শিপিনীসকলে তেওঁলোকৰ শিল্পৰ পৰা উন্নত আৰু অধিক বহনক্ষম জীৱিকা উপাৰ্জন কৰাত সহায়ক হ’ব ।

উল্লেখ্য যে অসমৰ হস্ততাঁত শিল্পৰ সমগ্ৰ বিশ্বতেই এক বিশেষ সমাদৰ আছে ৷ অসমৰ শিপিনীয়ে তাঁতশালত বৈ উলিওৱা ছাঁতে শুকুৱা, মুঠিতে লুকুৱা কাপোৰে কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ কোৱা হয় যে অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে ৷ ফুলাম গামোচাৰ পৰা চেলেং চাদৰ, এড়ী চাদৰ, ৰিহা, চাদৰ-মেখেলা, ৰুমাল আদি বস্ত্ৰসমূহ অসমৰ সম্পদ ৷

অসম চৰকাৰে অসমৰ সোণালী সূতা অৰ্থাৎ মুগা সূতাক বিশ্বৰ বজাৰত অধিক গুৰুত্ব প্ৰদানৰ উদ্দেশ্যে মিছন চেনেহজৰী নামৰ এক পদক্ষেপো গ্ৰহণ কৰিছে ৷ ইয়াৰ দ্বাৰা অসমৰ মুগাপালক, শিপিনীসকল লাভৱান হ’ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক:

তাঁতশালত বহি সৰগ ৰচিছে জোনাইৰ ছাত্ৰই: মেখেলা-চাদৰ বৈ উপাৰ্জন ৪ লক্ষাধিক

মেচিনৰ অত্যাধুনিক বস্ত্ৰয়ো ম্লান কৰিব পৰা নাই অসমীয়া হস্ততাঁতৰ আদৰ-আকৰ্ষণ