প্ৰধানমন্ত্ৰী নিম আলিত দুষ্কৃতিকাৰীৰ কোপদৃষ্টি; উভালিলে নিমপুলি, ধ্বংস কৰিলে প্ৰধামন্ত্ৰীৰ নাম সন্নিৱিষ্ট ফলক
বিধায়ক মৃণাল শইকীয়াৰ সপোনৰ প্ৰধানমন্ত্ৰী নিম আলিবাটৰ নিমপুলি, ফলক ধ্বংস দুষ্কৃতিকাৰীৰ ৷ দুখ প্ৰকাশ ৷ দুষ্কৃতিকাৰীৰ তথ্য দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা ৷

Published : October 29, 2025 at 7:40 PM IST
গোলাঘাট : যোৱা ১৪ ছেপ্টেম্বৰত খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙিৰ লেটেকুজানত প্ৰতিষ্ঠিত বায়’-ৰিফাইনেৰী উদ্বোধন কৰিবলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী আহিবলগা নৱনিৰ্মিত পথটোৰ দুয়োকাষে বিধায়ক মৃণাল শইকীয়াই প্ৰায় দুই কিলোমিটাৰ তিনি শতাধিক নিমপুলি ৰোপণ কৰিছিল ৷ লগতে পথটোৰ নামকৰণ কৰিছিল প্ৰধানমন্ত্ৰী নিম আলিবাট হিচাপে ৷
ইয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰূপেশ গোৱালাসহ বহুকেইজন মন্ত্ৰী-বিধায়কে ৰোপণ কৰিছিল নিমপুলি ৷ লহপহকৈ বাঢ়ি আহিছিল পুলিসমূহ ৷ কিন্তু দুষ্কৃতিকাৰীয়ে ঠায়ে ঠায়ে পুলিসমূহ নষ্ট কৰাৰ লগতে ফলকসমূহ ধ্বংস কৰে ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি বিধায়ক মৃণাল শইকীয়া শোকত ম্ৰিয়মাণ হয় ।
লগতে তেওঁ পুনৰ এনে দুষ্কৰ্ম নকৰিবৰ বাবে দুষ্কৃতিকাৰীক সকীয়াই দি এই সন্দৰ্ভত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে ৷ আনহাতে, অনিষ্ট কৰা পুলিসমূহৰ ঠাইত বিধায়কগৰাকীয়ে পুনৰ নিমপুলি ৰোপণ কৰে ৷ ইতিমধ্যে দুষ্কৃতিকাৰীৰ তথ্য দিয়া ব্যক্তিক একলাখ টকাৰ পুৰস্কাৰ দিব বুলিও ঘোষণা কৰিছে বিধায়কগৰাকীয়ে ৷

এই সম্পৰ্কে বিধায়ক মৃণাল শইকীয়াই কয়, "আমাৰ সমাজত এনে কিছুমান নিকৃষ্ট মানসিকতাৰ মানুহ থাকে এই কথা ভাবিলে নিজৰে মন বেয়া লাগে । আমি নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী নিম আলিবাট য'ত মুখ্যমন্ত্ৰীয়ে নিমপুলি ৰোপণ কৰিছিল, কেইবাজনো মন্ত্ৰীৰ লগতে ৰাজ্যিক সভাপতিয়ে নিমপুলি ৰোপণ কৰিছিল । এই নিম আলিবাট চাবলৈ বহু মানুহ আহে । নিমপুলি ডাঙৰ হ'লে কিমান সুন্দৰ পৰিৱেশ হ'লে হয় ।"

নিমগছৰ উপকাৰিতাৰ কথা উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, "নিমগছ বহু উপকাৰী গছ । এই গছ থাকিলে ওচৰত কীট-পতংগ নাথাকে । তাৰ পাছতো মানুহে কেনেকৈ এজোপা গছ ভাঙি পেলাব পাৰে সেয়া আচৰিত । প্ৰতি সপ্তাহত আমাৰ মানুহ গছপুলি প্ৰতিপালন কৰিবলৈ আহে । কিন্তু আজি পানী দিবলৈ আহি দেখা পায় দহটা গছপুলি নাই ।"

আনহাতে, গছপুলি অনিষ্ট কৰা ব্যক্তিৰ সম্ভেদ দিলে পুৰস্কাৰ দিব বুলি উল্লেখ কৰি তেওঁ কয়, "এই গছপুলি কোনে বিনষ্ট কৰিছে তাৰ তথ্য দিয়া লোকক মই নিজৰ ফালৰ পৰা একলাখ টকা পুৰস্কাৰ হিচাপে আগবঢ়াম । মোৰ এজন মানুহৰ ওপৰত সন্দেহ হৈছে । গছপুলি উভালি পেলোৱা মানুহ আমাৰ সমাজত থাকিব নালাগে । মোক হেয় প্ৰতিপন্ন কৰিবলৈ কোনো দুৰ্বৃত্তই এনে কাম কৰিছে । ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীৰ কেইবাখনো ফটো নষ্ট কৰিছে দুৰ্বৃত্তই । এই সম্পৰ্কে ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ।"

