ETV Bharat / state

নাৰী নিৰ্যাতনৰ খতিয়ান ল’বলৈ অসমলৈ আহি আছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা

দুদিনীয়া কাৰ্যসূচী হাতত লৈ অসমলৈ আহিব ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কে ৰাহটকাৰ ৷

Angoorlata Deka in tezpur
তেজপুৰত উপস্থিত আঙুৰলতা ডেকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 8:34 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : দুদিনীয়া কাৰ্যসূচী হাতত লৈ অসমলৈ আহি আছে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া কে ৰাহটকাৰ ৷ অহা ১২ ডিচেম্বৰত নগাঁৱত আৰু ১৩ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে তেওঁ উপস্থিত হ'ব শোণিতপুৰত ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই ৷

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাগৰাকীক আদৰাৰ বাবে মঙলবাৰে শোণিতপুৰত এখনি সভা আয়োজন কৰা হয় ৷ এই সভাত অংশ লৈ আঙুৰলতা ডেকাই কয়, ‘‘ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে চৰকাৰী আঁচনিসমূহৰ দ্বাৰা মহিলাসকল কিদৰে উপকৃত হৈছে সেই বিষয়ে হিতাধিকাৰীৰ সৈতে আলোচনা কৰিব ৷ লগতে মহিলা আয়োগৰ প্ৰতিনিধি তথা সদস্যাসকলৰ সৈতে এক কৰ্মশালাতো অংশ ল’ব ৷’’

তেজপুৰত আঙুৰলতা ডেকা (ETV Bharat Assam)

আঙুৰলতা ডেকাই লগতে আৰু কয় যে ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে তেওঁ ইতিমধ্যে ৰাজ্যৰ ১১খন জিলা ভ্ৰমণ কৰিছে ৷ আয়োগে ৰাজ্যত "বিশ্বাস যাত্ৰা" নামৰ এক সজাগতামূলক বাইক ৰেলী কৰিছে ৷ তেওঁ বিশেষকৈ কোকৰাঝাৰ, বৰপেটা আৰু গোলাঘাটৰ বিষয়ে উল্লেখ কৰি নাৰীজনিত অপৰাধৰ প্ৰসংগত কয়, ‘‘কোকৰাঝাৰত অপহৰণৰ ঘটনা যথেষ্ট পৰিমাণে বেছি ৷ আনহাতে গোলাঘাটৰ সমস্যা বেলেগ ৷’’

তেওঁ ৰাজ্যৰ বিভিন্ন অঞ্চলত এতিয়াও বাল্যবিবাহ চলি আছে বুলি উল্লেখ কৰে ৷ গোলাঘাটত বাল্যবিবাহৰ সংখ্যা অধিক বুলি মন্তব্য কৰি ডেকাই ৰাজ্যৰ বিভিন্ন অঞ্চলত পৃথক কাৰণত মহিলা সংক্ৰান্তীয় গোচৰ ৰুজু হোৱাৰ বিপৰীতে বহু অঞ্চলত অজ্ঞতাৰ বাবেই বহু অভিযোগ আৰক্ষীৰ কাষ নাচাপে বুলিও মন্তব্য কৰে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বাল্য বিবাহৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পোৱা বুলিও ডেকাই কয় ৷ তেওঁ মহিলাৰ লগতে এইক্ষেত্ৰত পুৰুষ সকলো সজাগ হ’ব লাগিব বুলি কয় ৷

তেওঁ কয়, ‘‘বটদ্ৰৱাৰ এটা ব্লকত এনে ঘটনাৰ সংখ্যা কম আৰু আন এটাত অধিক ৷ নাৰীজনিত অপৰাধৰ সংখ্যা এটা বিশেষ শ্ৰেণীৰ মাজত অধিক ৷ বৰপেটাত মাৰপিটৰ গোচৰ তথা ভূমিকেন্দ্ৰীক সংঘাত বেছি ৷ বহু ঠাইত ভূৱা গোচৰো দিয়া হয় ৷’’

লগতে পঢ়ক : ৰাজ্যলৈ সোঁত বৈছে দেশী-বিদেশী তাৰকাৰ: এইবাৰ গুৱাহাটীলৈ আহি আছে চনু নিগম