গুৱাহাটীত প্ৰথমবাৰৰ বাবে পেৰামটৰ প্ৰশিক্ষণ শিবিৰ
উত্তৰ-পূবৰ ৫০ গৰাকী এনচিচি কেডেটে পানীখাইটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত লৈছে দুঃসাহসিক ক্ৰীড়াৰ প্ৰশিক্ষণ ।

Published : May 11, 2026 at 7:55 PM IST
গুৱাহাটী: গুৱাহাটীৰ পানীখাইটীৰ ব্ৰহ্মপুত্ৰৰ পাৰত দুঃসাহসিক ক্ৰীড়াৰ এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে । ডিজিএনচিচিৰ উদ্যোগত 'প্ৰাথমিক পেৰামটৰ্ছ পাঠ্যক্ৰম ২০২৬' শীৰ্ষক এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া প্ৰতিষ্ঠান চমুকৈ নিমাছৰ সহযোগিতাৰে এনচিচিৰ কেডেটসকলে এই বিশেষ পেৰামটৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে ।
অসম তথা চুবুৰীয়া ৰাজ্যৰ ৫০ গৰাকী এনচিচিৰ কেডেটে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে । যোৱা ৪ মে'ৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ ১৯ মে'লৈ চলিব । এনচিচিৰ কেডেটসকলক দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । সোমবাৰে এই বিশেষ প্ৰশিক্ষণ শিবিৰত এনচিচিৰ মহানিৰ্দেশক লেফটেনেণ্ট জেনেৰেল বীৰেন্দ্ৰ ৱাটছ আৰু এনচিচিৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।
সংবাদ মাধ্যমৰ আগত লেফটেনেণ্ট জেনেৰেল বীৰেন্দ্ৰ ৰাৱাতে কয়, "পানীখাইটীত এনচিচি কেডেটৰ পেৰামটৰ প্ৰশিক্ষণ হৈ আছে । ইয়াত অসম আৰু চুবুৰীয়া ৰাজ্যৰ ৫০ গৰাকী কেডেটে অংশগ্ৰহণ কৰিছে । ভাৰতৰ সকলো ৰাজ্যৰ কেডেটৰ বাবে আকাশত এই দুঃসাহসিক ক্ৰীড়াৰ এয়া এক সুন্দৰ স্থান । এয়া প্ৰথম প্ৰশিক্ষণ । পিছলৈ সমগ্ৰ ভাৰতৰ পৰা অহা কেডেটসকলে ইয়াত প্ৰশিক্ষণ ল'ব পাৰিব । পৰৱৰ্তী সময়ত আমি বছৰত ৪-৫ টা প্ৰশিক্ষণৰ আয়োজন কৰিম । এনচিচি কেডেটসকলক এই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট আৰু স্বাৱলম্বী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।"

তেওঁ লগতে কয়, "এনচিচিৰ কেডেট উত্তৰ-পূবত ১ লাখতকৈ বেছি আছে । এইবাৰ ল'ৰাৰ বাবে এই প্ৰশিক্ষণ হৈছে । পৰৱৰ্তী সময়ত এনচিচিৰ মহিলা কেডেটৰ বাবে এই পেৰামটৰ প্ৰশিক্ষণৰ আয়োজন কৰা হ'ব ।" এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি দেশৰ সেৱা কৰাৰ মানসেৰে আগবাঢ়ি আহিছে উত্তৰ পূৰ্বাঞ্চলৰ যুৱ কেডেটসকল ।
লগতে পঢ়ক :

