ঐতিহ্যমণ্ডিত দীপৰ বিলত নিৰ্মাণ হ'ব এলিভেটেড কৰিডৰ: নোহোৱা হৈ যাব শতাধিক গছ !
গুৱাহাটীৰ কাষৰীয়া মনোৰম দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্যত হ'ব আঘাত । নান্দনিক সৌন্দৰ্যৰ পৰা বঞ্চিত হ'ব পৰ্যটক ।

Published : December 13, 2025 at 4:24 PM IST
মিৰ্জা : বিশ্বৰ পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত স্থান লাভ কৰা ঐতিহ্যমণ্ডিত দীপৰ বিলৰ নান্দনিক সৌন্দৰ্যত বিমুগ্ধ প্ৰকৃতিপ্ৰেমী । বছৰৰ যিকেনো ঋতুতেই এই বিলখনৰ নান্দনিক সৌন্দৰ্যই সকলোকে হাত বাউল দি মাতে ৷ পিচে আন্তৰ্জাতিক ৰামচাৰ ছাইট হিচাপে পৰিগণিত এই বিলখন আজি সংকটত গৰাহত ।
দীপৰ বিলক সঠিকভাৱে সংৰক্ষিত নকৰাৰ ফলত শেহতীয়াকৈ বিলখনত পৰিভ্ৰমী চৰাইৰ সংখ্য়া হ্ৰাস আহিছে । বিলখনলৈ পূৰ্বৰ দৰে হাতীৰ আগমনৰ সংখ্যাও কমিছে । সংকটৰ গৰাহত পৰা মহানগৰীৰ কাষাৰীয়া মনোৰম দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য এতিয়া আৰু দেখিবলৈ পোৱা নাযাব । এলিভেটেড কৰিড'ৰ নিৰ্মাণৰ নামত এফালৰ পৰা কাটি পেলোৱা হ'ব গছবোৰ ঐতিহ্য় বহন কৰি থকা গছবোৰ । প্ৰতিদিনে দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে বহু লোক ।
দীপৰ বিলৰ সৌন্দৰ্য বহন কৰি আহিছে কাষতে থকা এইবোৰ গছে; কিন্তু অতি কম দিনৰ ভিতৰতে দ্বীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য শেষ হ'ব । কাৰণ এই যে গছবোৰ দেখিছে অতি কম দিনৰ ভিতৰতে সেইবোৰ কাটি পেলাব ৰে'ল বিভাগে । ইতিমধ্যে গছবোৰত ছীল মোহৰ মাৰিছে বন বিভাগে । শতাধিক গছ নোহোৱা হৈ যাব ! এই পৰিৱেশ অতীত হ'বলৈ গৈ আছে । এই পথত থকা গছবোৰ কাটি ইয়াতে ৰে'ল বিভাগে নিৰ্মাণ কৰিব প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘৰ এখন উৰণীয়া সেতু অৰ্থাৎ এলিভেটেড কৰিড'ৰ ।
বিলৰ কাষেৰে যোৱা কামাখ্যা-যোগীঘোপা ৰে'ল পথটো বনৰীয়া হাতী দীপৰ বিললৈ খাদ্যৰ সন্ধানত অহা যোৱা কৰা পথ হিচাপে চিহ্নিত হৈ আহিছিল । এই পথটো বন্ধ কৰি নিৰ্মাণ কৰিছিল ৰে'ল পথটো । যাৰ ফলত প্ৰায়ে ৰে'লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হৈছিল । ২০০৪ চনৰ পৰা বৰ্তমানলৈ ১৫ টা বন্যহস্তী, শতাধিক চৰাই, বান্দৰ, সাপৰ লগতে বহু বন্যপ্ৰাণীৰ মৃত্যু হৈছে এই ৰেলপথত । এই সন্দৰ্ভত দ্বীপৰ বিল সংৰক্ষণ সমিতিয়ে বন্যপ্ৰাণী মৃত্যু ৰোধ কৰাৰ বাবে ৰে'ল বিভাগৰ সৈতে বহু আলোচনা কৰি আহিছিল । আনকি কেইবাবাৰো প্ৰতিবাদ কৰিছিল । যাৰ পৰিপ্ৰেক্ষিত দীৰ্ঘ সময়ৰ পিছত ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অতি শীঘ্ৰে এই ৰে'ল পথটো বন্ধ কৰি ২১ ফুট উচ্চতাৰ প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘৰ ৰে'ল চলাচল কৰা এখন উৰণীয়া সেতু নিৰ্মাণ কৰিব । সমগ্ৰ পথ পৰৱৰ্তী সময়ত ওপৰেৰে পাৰ হৈ যাব আৰু তলেৰে হাতীকে ধৰি বন্যপ্ৰাণী সমূহ দীপৰ বিললৈ আহি পানীকে ধৰি খাদ্য সমূহ খাব পাৰিব ।
সেইবাবে এই পথত থকা শতাধিক গছ কাটি পেলাব । সেয়ে প্ৰকৃতিপ্ৰেমীৰ বাবে এফালে ভাল লগা কথাটো হ'ল হাতী বিললৈ অহা যোৱা কৰা পথটো মুকলি হ'ব । আনপিনে দুখৰ কথাটো হ'ল বিলখনৰ সৌন্দৰ্য বহন কৰি থকা গছবোৰ কাটি পেলাব । বিভাগলৈ ৰাইজৰ অনুৰোধ পাৰিলে গছবোৰ নকটাকৈ সেতু নিৰ্মাণ কৰক । আনহাতে বন বিভাগে দিয়া ক্লিয়াৰেন্সত ৯ নম্বৰ দফাত স্পষ্টকৈ লিখা আছে অধিকাংশ গছ স্থানান্তৰ কৰিব । এতিয়া ৰেলৱে বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়হে কব যদিও প্ৰকৃতিপ্ৰেমীৰ বাবে এফালে যদি ভাল খবৰ আনফালে বেয়া খবৰ ।
এই সন্দৰ্ভত এজন স্থানীয় প্ৰকৃতিপ্ৰেমীয়ে কয়, "কামাখ্যা-যোগীঘোপা ৰে'ল পথটোৰ প্ৰাৰম্ভিক কাম-কাজ ১৯৮৯ চনত আৰম্ভ হৈছিল । পৰৱৰ্তী সময়ত ৰে'ল পথটো হোৱাত ৰাণী সংৰক্ষিত বনাঞ্চল আৰু দীপৰ বিলৰ মাজত ব্য়ৱধান আনি দিয়ে । ১৯৮৯ চনৰ হঠকাৰী সিদ্ধান্তই দীপৰ বিলৰ ভাৰসাম্য়ত যথেষ্ঠ ক্ষতি কৰিলে । বিগত সময়ত হাতীৰ লগতে বিভিন্ন জীৱ-জন্তুৰ মৃ্ত্য়ু হৈছে ।...এতিয়া বিভাগীয় কৰ্তৃপক্ষই এটা এলিভেটেড কৰিড'ৰ নিৰ্মাণ কৰিব । ৭ মিটাৰ ওখ হ'লে তলেদি জীৱ-জন্তু অহা-যোৱা কৰিব পাৰিব ।"

