ETV Bharat / state

পাঁচ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য়ৰে কান্ধত কোৰ লৈ ওলাল কামপুৰীয়া

কামপুৰ সেউজ কৰাৰ উদ্যেশ্যে বৃক্ষৰোপণ অভিযান ।

nature lover plants trees alongside the Kampur-Kathiyatoli road in Kampur
কামপুৰত পাঁচ হাজাৰ গছপুলি ৰোপণ অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 8:09 AM IST

3 Min Read
Choose ETV Bharat

বঢ়মপুৰ: পুৱাই কান্ধত কোৰ লৈ গছ পুলি ৰুবলৈ ওলাল বহুকেইগৰাকী প্ৰকৃতিপ্ৰেমী । উদ্দেশ্য় এটাই নিজৰ অঞ্চলটোক সেউজীয়া কৰাত অলপ হ'লেও অৰিহণা যোগোৱা । বন ধ্বংসৰ বিপৰীতে এটি ইতিবাচক পদক্ষেপেৰে আগুৱাই অহা এইসকল প্ৰকৃতিপ্ৰেমীয়ে পৰিৱেশ সংংৰক্ষণৰ বাবে দেখুৱাইছে নিদৰ্শন ।

নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ একমাত্ৰ পৌৰসভা কামপুৰ সেউজ কৰাৰ উদ্যেশ্য লৈ দেওবাৰে পুৱাই কামপুৰ-কঠীয়াতলী পথৰ কাষত বৃক্ষৰোপণত নামিল অঞ্চলটোৰ বহুকেইগৰাকী ব্যক্তি । কামপুৰ পৰিৱেশ সংৰক্ষণ কেন্দ্ৰৰ উদ্যোগত পাচনিজাৰত গছপুলি ৰোপণ কৰা হয় । অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াৰ নেতৃত্বত চলা এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেইবাগৰাকী শিক্ষক আৰু সমাজকৰ্মীয়ে ।

nature lover plants trees alongside the Kampur-Kathiyatoli road in Kampur
কামপুৰত পাঁচ হাজাৰ গছপুলি ৰোপণ অভিযান (ETV Bharat Assam)

গছৰ ছাঁ ল'বলৈ ঠাই নাই :

এই ক্ষেত্ৰত পৰিৱেশ সংৰক্ষণ কেন্দ্ৰৰ সভাপতিৰ লগতে জ্যেষ্ঠ সাংবাদিক তথা কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰে কয়, "আমি কামপুৰ পৰিৱেশ সংৰক্ষণ সমিতিয়ে কামপুৰৰ যিবোৰ ঠাইত বৃক্ষ নাই তাত ৰোৱাৰ ব্যৱস্থা কৰিছোঁ । বিশেষ কৈ কামপুৰ-কঠীয়াতলী পথটো অসমমালা আঁচনিত অন্তৰ্ভুক্ত কৰাৰ পিছত পথৰ কাষৰ বহুতো গছ কাটি পেলোৱা হৈছে । এতিয়া আমি পথৰ কাষৰে ফুটপাথেৰে যাওতে গছৰ ছাঁ ল'বলৈ ঠাই নাই ।"

"তদুপৰি গছ-গছনি নোহোৱাৰ ফলত বতৰৰ পৰিবৰ্তন হৈছে; জলবায়ু পৰিৱৰ্তন হৈছে । তাৰ ফলত ধুমুহা হৈছে । হিমালয়ত বৰফ গলিছে । এইধৰণে গোটেই পৰিৱেশটো নষ্ট হৈছে । সেয়ে পৰিৱেশ সুৰক্ষা কেন্দ্ৰই পাচনিজাৰ অঞ্চলটোত বহুকেইডাল কৃষ্ণচূড়া ফুল আৰু ৰেইন ট্ৰীৰ পুলি ৰোপণ কৰিছে ।" তেওঁ পুনৰ এইদৰে কয় ।

nature lover plants trees alongside the Kampur-Kathiyatoli road in Kampur
কামপুৰত পাঁচ হাজাৰ গছপুলি ৰোপণ অভিযান (ETV Bharat Assam)

পাঁচ হাজাৰ গছপুলি ৰোৱাৰ পৰিকল্পনা :

ইপিনে, পৰিৱেশ সংৰক্ষণ কেন্দ্ৰৰ সম্পাদক ধৰণী শইকীয়াই কয়, "এতিয়া গছপুলি ৰুবলৈ ডেকাসকল ওলাই আহিব লাগে । ইমান গছ কাটিলে, গছ নুৰুলে কেনেকৈ হ'ব ? যোৱা দেওবাৰৰ পৰা আমি পৰিৱেশ সংৰক্ষণ কেন্দ্ৰই গছপুলি ৰোৱা আৰম্ভ কৰিছোঁ । প্ৰত্যেক দেওবাৰে বিভিন্ন ঠাইত গছপুলি ৰোঁ । আমি সাত জুলাইলৈকে এই কাম কৰাৰ পৰিকল্পনা কৰিছোঁ । দীঘলী বিলতো কিছু পুলি ৰুম । এই বছৰত পাঁচ হাজাৰ মান পুলি ৰোৱাৰ পৰিকল্পনা আছে । ৰাইজে সহযোগ কৰিছে । আমি সেউজ কামপুৰ গঢ়িম আহক ।"

দীঘলি বিলৰ পাৰত ৰুব তিনি হাজাৰ গছপুলি :

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বকুল নাথে কয়, "গোটেই ভাৰতবৰ্ষতে পৰিৱেশৰ সূচনা হৈছে । গ্ৰীষ্মৰ প্ৰভাৱে আমাক যি প্ৰভাৱিত কৰিছে তাক সংৰক্ষণ কৰিবলৈ সংৰক্ষিত অঞ্চললৈ ৰূপান্তৰিত কৰিবলৈ এটা এটা সৰু সৰু ব্যৱস্থা । তাৰে অসমৰ ভিতৰত কামপুৰ অঞ্চলত পৰিৱেশ সংৰক্ষণ কেন্দ্ৰৰ সহায়ত আমি কামপুৰ অঞ্চলৰ যথেষ্ট সংখ্যক ব্যক্তি ওলাইছো । নিতৌ দুটা চাৰিটা গছপুলি ৰোৱাৰ লগতে প্ৰতি দেওবাৰে অতিকমেও ৫০টা পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ । ইতিমধ্যে কামপুৰ-কঠীয়াতলী পথৰ দুয়োকাষে দুশতকৈ অধিক পুলি ৰোপণ হৈছে । দীঘলি বিলৰ পাৰতো দুহেজাৰ-তিনি হাজাৰ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ ।"

লগতে পঢ়ক:বাৰিষাৰ লগে লগে গুৱাহাটীত ভূমিস্খলনৰ আশংকা : কঠোৰ জিলা প্ৰশাসন, জাৰি নিষেধাজ্ঞা, শংকিত পাহাৰবাসী

শত বছৰৰ পাছত দুটা ফৈদ মিলনৰ দিশে অগ্ৰসৰ; কেন’পী ব্ৰীজৰে পাৰ হ’ল গিবন