ETV Bharat / state

ভাৰতৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ আধা অংশই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ: বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং

সোণাপুৰত অনুষ্ঠিত হৈছে দেশৰ বিভিন্ন ৰাজ্যৰ বস্ত্ৰ মন্ত্ৰী আৰু বস্ত্ৰ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াসকলৰ সন্মিলন আৰু বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰদৰ্শনী ।

Textile Ministers' Conference sonapur
সোণাপুৰত দেশৰ বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন আৰু বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰদৰ্শনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 8, 2026 at 8:43 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ : সোণাপুৰত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় বস্ত্ৰ মন্ত্ৰী সন্মিলন আৰু হস্ততাঁত প্ৰদৰ্শনী । অসম চৰকাৰৰ সহযোগত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ উদ্যোগত এই সন্মিলন বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণাপুৰৰ মে'-ফেয়াৰ ৰিজ’ৰ্টত অনুষ্ঠিত হৈছে ।

দেশৰ বস্ত্ৰ আৰু হস্ততাঁত উদ্যোগক নতুন মাত্ৰা প্ৰদান কৰা আৰু ২০৩০ চনৰ লক্ষ্য নিৰ্ধাৰণ কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য । কেন্দ্ৰীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী গিৰিৰাজ সিং, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সন্মিলনৰ লগতে এক আকৰ্ষণীয় হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ।

সোণাপুৰত দেশৰ বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন আৰু বস্ত্ৰ শিল্প প্ৰদৰ্শনী (ETV Bharat Assam)

এই প্ৰদৰ্শনীত দেশৰ আটাইকেইখন ৰাজ্যৰ চহকী হস্ততাঁত-বস্ত্ৰৰ এক প্ৰদৰ্শন হয় । প্ৰদৰ্শনী মুকলিৰ পিছতে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাসহ দেশৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বস্ত্ৰ মন্ত্ৰীসকল, কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ উচ্চপদস্থ বিষয়া আৰু বিভাগীয় প্ৰতিনিধিসকলৰ উপস্থিতিত এক চিন্তন বৈঠকৰ শুভাৰম্ভ হয় ।

Textile Ministers' Conference sonapur
সোণাপুৰত দেশৰ বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন আৰু বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰদৰ্শনী (ETV Bharat Assam)

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ গুৰুত্বপূৰ্ণ মন্তব্য

সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আলোকপাত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনীয়তাৰ কথা দোহাৰে । তেওঁ কয়, "ভাৰতৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ আধা অংশই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ । গুৱাহাটীক কেন্দ্ৰ কৰি ইতিমধ্যে এক 'পাইলট প্ৰজেক্ট' আৰম্ভ কৰা হৈছে, যিটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল সামৰি ল'ব ।"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিকো ভূয়সী প্ৰশংসা কৰে । আনহাতে, তেওঁ অভিযোগ কৰে যে পূৰ্বৰ চৰকাৰৰ দিনত অসমক বাংলাদেশীৰ 'ধৰ্মশালা'ত পৰিণত কৰা হৈছিল, কিন্তু বৰ্তমানৰ চৰকাৰে উচ্ছেদৰ জৰিয়তে অবৈধ দখলকাৰীক আঁতৰাই শ শ বিঘা ভূমি মুকলি কৰিছে ।

Textile Ministers' Conference sonapur
সোণাপুৰত দেশৰ বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন আৰু বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰদৰ্শনী (ETV Bharat Assam)

মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বক্তব্য

ইফালে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মতে, "এই সন্মিলনখনে দেশৰ থলুৱা বস্ত্ৰ শিল্পক বিশ্বমুখী কৰাত বিশেষ সহায় কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য অনুসৰি ২০৩০ চনৰ ভিতৰত দেশৰ বস্ত্ৰ উদ্যোগটোক ৩৫০ বিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনীতিত পৰিণত কৰিবলৈ এই 'চিন্তন বৈঠক'ত গভীৰ আলোচনা কৰা হ'ব ।"

Textile Ministers' Conference sonapur
সোণাপুৰত দেশৰ বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন আৰু বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰদৰ্শনী (ETV Bharat Assam)

উল্লেখ্য যে দেশৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ উত্তৰণৰ লক্ষ্যৰে সোণাপুৰত অনুষ্ঠিত এই সন্মিলনখনে অনাগত দিনত অসমৰ শিপিনীসকলৰ লগতে সমগ্ৰ দেশৰ বস্ত্ৰ উদ্যোগটোৰ বাবে এক নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰা হৈছে ।

Textile Ministers' Conference sonapur
সোণাপুৰত দেশৰ বস্ত্ৰ মন্ত্ৰীৰ সন্মিলন আৰু বস্ত্ৰ আৰু হস্তশিল্পৰ প্ৰদৰ্শনী (ETV Bharat Assam)

দৃষ্টিভংগী

এই সন্মিলনৰ দৃষ্টিভংগী হৈছে, ৩৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ বস্ত্ৰ উদ্যোগ গঢ়ি তুলি আৰু ২০৩০ চনৰ ভিতৰত ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ গ্ল'বেল টেক্সটাইল ৰপ্তানি লাভ কৰি ভাৰতক গ্ল'বেল টেক্সটাইল উৎপাদন কেন্দ্ৰ হিচাপে স্থান দিয়াৰ বাবে কেন্দ্ৰ-ৰাজ্যিক অংশীদাৰিত্ব ।

লগতে পঢ়ক :সমাগত বিধানসভা নিৰ্বাচন : ৭৪ টা সমষ্টিত পুৰুষক অতিক্ৰম কৰিলে মহিলা ভোটাৰৰ সংখ্যাই
লগতে পঢ়ক :গ্লোবেল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল সৌন্দৰ্য প্ৰতিযোগিতাত শিশু শাখাত উজলিল হেমা কেওঁট