অসমত ১৯ বছৰৰ ভিতৰৰ বধিৰ শিশুৰ সংখ্যা এক লাখ
গুৱাহাটীত ৰাষ্ট্ৰীয় সন্মিলনত বধিৰ শিশু আৰু অভিভাৱকৰ ব্য়ৱধান হ্ৰাসত গুৰুত্ব আৰোপ ।

Published : February 21, 2026 at 7:00 PM IST
গুৱাহাটী : বধিৰ সন্তানৰ সৈতে যেতিয়াই পিতৃ-মাতৃ তথা অভিভাৱকৰ ব্য়ৱধান বৃদ্ধি পায় তেতিয়াই সৃষ্টি হয় সমস্য়াৰ । এই বধিৰসকলক অৱহেলা কৰাৰ পৰিৱৰ্তে তেওঁলোকক উপযুক্তভাৱে পৰিচালনা কৰাৰ ওপৰত সকলোৱ গুৰুত্ব প্ৰদান কৰা উচিত ।
এই ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে সেই বিষয়ে অভিভাৱকসকলক অৱগত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে বেচৰকাৰী সংস্থা বাণী ডীফ চিলড্ৰেন ফাউণ্ডেশ্যনে । বধিৰ শিশু তথা তেওঁলোকৰ পৰিয়ালসমূহক সবল কৰাৰ নতুন পথৰ সন্ধানত শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হয় এখন ৰাষ্ট্ৰীয় সন্মিলন । বেচৰকাৰী সংস্থা বাণী ডীফ চিলড্ৰেন ফাউণ্ডেশ্যনে আয়োজন কৰা এই সন্মিলনত সমাজৰ বিভিন্ন স্তৰৰ লোকৰ লগতে বধিৰ শিশু আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে ।
"লিমিটলেছ হৰাইজনছঃ হোলিষ্টিক পাথৱেজ টু ৰেচিলিয়েণ্ট ফিউচাৰ্ছ ফ'ৰ ডীফ চিলড্ৰেন এণ্ড ডেয়াৰ ফেমিলিজ" শীৰ্ষক এই সন্মিলনত অসমৰ লগতে মেঘালয়, মুম্বাই, দিল্লী, পুণেৰ পৰা বহু লোকে অংশগ্ৰহণ কৰে । এই সন্মিলনখনত গুৰুত্বপূৰ্ণ নৱজাতকৰ শ্ৰৱণ শক্তি পৰীক্ষা, অভিভাৱকৰ নেটৱৰ্ক গঢ়া আৰু বধিৰ যুৱক-যুৱতীৰ উচ্চ শিক্ষা তথা সংস্থাপনৰ পথ মুকলি কৰা দিশৰ ওপৰত আলোচনা কৰা হয় ।
এই সন্দৰ্ভত বাণী ডীফ চিলড্ৰেন ফাউণ্ডেচনৰ কাৰ্যবাহী সঞ্চালিকা সুমেধা বিজয়লক্ষ্মী জোগলেকাৰে কয়, “বধিৰ সমাজৰ মাজৰ পৰা সামাজিক বিচ্ছিন্নতা আৰু নিবনুৱা সমস্যা দূৰ কৰিবলৈ আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছো । আমি অসম, মেঘালয়, পশ্চিম বংগ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ এই পাঁচখন ৰাজ্যত কাম কৰি আছো । আমাৰ মূল লক্ষ্য হৈছে আমি বধিৰ পৰিয়ালৰ লোকসকলৰ লগত কাম কৰা । কিয়নো বধিৰ শিশু আৰু অভিভাৱকৰ মাজত থাকে ব্যৱধান । আমি সেই ব্যৱধান নোহোৱা কৰাৰ বাবে কাম কৰো ।"

তেওঁ লগতে কয়, "আজিৰ এই সন্মিলনখনত বিভিন্ন পৰ্যায়ৰ লোকৰ লগতে বধিৰ শিশু আৰু অভিভাৱক সকলে অংশগ্ৰহণ কৰিছে । এই সন্মিলনত পৰিয়ালৰ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বুজ লোৱা হৈছে।"
তেওঁ পুনৰ কয়, "আমি ১০ বছৰ ধৰি বধিৰ শিশুসকলক কেনেধৰণে উচ্চ শিক্ষাৰ বাবে লৈ যাব পাৰো, স্কীল ডেভেল'প কৰো কোনো এজন বধিৰ শিশু যাতে পিছপৰি নাযায় তাৰ বাবে অসমত কাম কৰি আছো ।"
অসমত ০-১৯ বছৰ বয়সৰ ভিতৰত এক লাখ বধিৰ শিশু আছে । আমি জি এম চি এইচত নৱজাতকৰ শ্ৰৱণ শক্তি পৰীক্ষা ব্যৱস্থা কৰা হৈছে । তদুপৰি অসমত দশম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত বধিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছবছৰীয়া স্কীল প্ৰশিক্ষণ দিয়াৰ বাবে পৰিকল্পনা কৰি আছো । যি প্ৰশিক্ষণ আমি পশ্চিম বংগত ইতিমধ্যে আৰম্ভ কৰিছো ।"

