ETV Bharat / state

উপগ্ৰহীয় স্বায়ত্ত শাসনৰ দাবীৰে প্ৰতিবাদত নামিল নাথ যোগী সন্মিলনী

জনজাতিকৰণকে ধৰি স্বায়ত্ত শাসন প্ৰদানৰ দাবীত ৰাজ্যত চলি আছে প্ৰতিবাদ আন্দোলন । এইবাৰ নাথ যোগীসকলেও দাবী কৰিছে উপগ্ৰহীয় স্বায়ত্ত শাসন ।

Nath Yogi Sammilani protested demanding satellite autonomy
উপগ্ৰহীয় স্বায়ত্ত শাসনৰ দাবীৰে প্ৰতিবাদত নামিল নাথ যোগী সন্মিলনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 25, 2025 at 10:22 PM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: জোঁৰ সমদলেৰে লখিমপুৰ কঁপালে নাথ যোগী সন্মিলনীয়ে । স্বায়ত্ত শাসন তথা সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবীৰে বৃহস্পতিবাৰে সন্ধিয়া নাথ যোগী সন্মিলনৰ উদ্যোগত হেজাৰ হেজাৰ লোকে জোঁৰ সমদল কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । লখিমপুৰ নগৰৰ সমীপৰ আজাদ নাথ গাঁৱৰ পৰা হাতে হাতে জোঁৰ লৈ সমদল কৰি আজাদ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণলৈ আহে কেইবাহেজাৰ লোক ।

নাথ যোগীসকলৰ উপগ্ৰহীয় স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা, অসমৰ খিলঞ্জীয়া নাথ যোগীসকলক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবীত নাথ যোগী সন্মিলনীয়ে এই বিশাল জোঁৰ সমদলৰ আয়োজন কৰে । অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী ছাত্র সন্থাৰ উদ্যোগত আৰু সদৌ অসম নাথ যোগী যুৱ পৰিষদ, অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনী, অসম প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনী আৰু নাথ সাহিত্য সভাৰ সহযোগত এনেদৰে বিশাল জোঁৰ সমদল কৰে হেজাৰ হেজাৰ ৰাইজে ।

উপগ্ৰহীয় স্বায়ত্ত শাসনৰ দাবীৰে প্ৰতিবাদত নামিল নাথ যোগী সন্মিলনী (ETV Bharat Assam)

এই সমদলত অংশগ্রহণ কৰি নাথ যোগী সন্মিলনৰ কেন্দ্রীয় সমিতিৰ উপদেষ্টা প্ৰশান্ত নাথে কয়, "অসমৰ প্ৰাচীন জনগোষ্ঠী নাথ যোগীসকলে আজি মাটি-ভেটিৰ সংকটত পৰিবলগীয়া হৈছে । বহু শতিকাৰ আগৰে পৰা নাথ যোগীসকলে অসমত বসবাস কৰি আহিছে । কিন্তু খিলঞ্জীয়া এইসকল লোক আজি বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈ পৰিছে ।"

Nath Yogi Sammilani protested demanding satellite autonomy
প্ৰতিবাদত নামিল নাথ যোগী সন্মিলনী (ETV Bharat Assam)

নাথে পুনৰ কয়, "১৯৮৯ চনত চৰকাৰে এক অধিসূচনাৰ জৰিয়তে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰে অন্য ঠাইত নাথ যোগীসকলৰ বাবে বিশেষ ভূমিৰ অধিকাৰ দিছিল । আমি এতিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰক দাবী জনাইছোঁ । সেই অধিসূচনাখন আইনত পৰিণত কৰি নাথ যোগীসকলক পূৰ্ণাংগ সুৰক্ষিত শ্ৰেণী হিচাপে সুৰক্ষিত কৰিব লাগে ।"

Nath Yogi Sammilani protested demanding satellite autonomy
উপগ্ৰহীয় স্বায়ত্ত শাসনৰ দাবীত প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ আৰু কয়, "ভাৰতৰ স্বাধীনতা আন্দোলনত নাথ যোগীসকলৰ যথেষ্ঠ অৰিহণা আছে । মনবৰ নাথকে ধৰি ছগৰাকীয়ে স্বাধীনতা আন্দোলনত প্ৰাণাহুতি দিছিল । কিন্তু এতিয়া এইসকল নাথ যোগীৰ কোনো ৰাজনৈতিক নেতা নাই । স্বাধীনতা আন্দোলনত প্ৰাণাহুতি দিয়া নাথ যোগী সকলৰ উত্তৰাধিকাৰীসকল এতিয়া ৰাজনৈতিকভাৱে উপেক্ষিত । নাথ যোগীসকলৰ বাবে এখন উপগ্রহীয় স্বায়ত্ত শাসিত পৰিষদৰ আমি দাবী জনাইছোঁ ।"

Nath Yogi Sammilani protested demanding satellite autonomy
হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ (ETV Bharat Assam)

এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰাদেশিক নাথ যোগী সন্মিলনীৰ উপ-সভাপতি ভূপেন নাথ, নাথ যোগী উন্নয়ন পৰিষদৰ সদস্য অজিত নাথ, জিলা যোগী সন্মিলনীৰ সভাপতি থানেশ্বৰ নাথ, সম্পাদক দিগন্ত নাথকে ধৰি ভালেখিনি বিষয়ববীয়াৰ লগতে কেইবা সহস্ৰাধিক লোকে অংশগ্রহণ কৰে ।

লগতে পঢ়ক: বৰদিন পালনক লৈ নলবাৰীৰ বিদ্যালয়ত সন্ত্ৰাস: গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী নেতা

সন্মুখত বিধানসভা নিৰ্বাচন : বিদায়ী বৰ্ষটোত অসম চৰকাৰৰ হিতাধিকাৰী আঁচনিৰ চমক