সূচল হ'ব যাতায়াত, মন্ত্ৰী কৌশিক ৰায়ে ক'লে ২০২৬ ৰ ৩১ জানুৱাৰীলৈকে অপেক্ষা কৰিবলৈ
২০২৬ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত মুকলি হ'ব হাৰংগাজাওৰ পৰা নিৰিমবাংলা ৪৯ কিলোমিটাৰ পথ । জনালে মন্ত্ৰী কৌশিক ৰায়ে ।

Published : November 23, 2025 at 2:57 PM IST
হাফলং: ২০২৬ চনৰ ৩১ জানুৱাৰীৰ ভিতৰতে শিলচৰ সৌৰাষ্ট্র পূব-পশ্চিম কৰিডৰৰ হাৰংগাজাওৰ পৰা নিৰিমবাংলা ৪৯ কিলোমিটাৰ পথ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি জানিবলৈ দিয়ে ৰাজ্যৰ মন্ত্ৰী কৌশিক ৰায়ে । হাৰংগাজাওৰ পৰা জাতিংগালৈকে পূব-পশ্চিম কৰিডৰ পৰিদৰ্শন কৰি চলি থকা কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, খনি আৰু খনিজ বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ।
পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলৰ সৈতে উন্নয়ন আৰু ৰক্ষণাবেক্ষণৰ কাম-কাজৰ সন্দৰ্ভত মত বিনিময় কৰে । ইয়াৰ পিছতে শনিবাৰে হাফলঙৰ আৱৰ্ত ভৱনত এখন পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ লগতে পথ সংযোগ, আন্তঃগাঁথনি উন্নয়ন আৰু জনসাধাৰণৰ সুবিধাৰ মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।
বৈঠকত মন্ত্ৰীগৰাকীয়ে মসৃণ যাতায়ত সুনিশ্চিত কৰিবলৈ কামসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বৈঠকত ৰাজ্য সভাৰ সাংসদ কনাড পুৰকায়স্থ, বিধায়ক মিহিৰ কান্তি শ্বোম, বিধায়ক নিহাৰ ৰঞ্জন দাস, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য দনপাইনন থাওসেন, পৰিষদৰ প্ৰধান সচিব পাৰ্থ সাৰথি জহৰী, জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি, লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।
মন্ত্ৰী কৌশিক ৰায়ে জানিবলৈ দিয়ে নিৰিমবাংলো পৰা হাৰংগাজাওলৈকে ৪৯ কিলোমিটাৰ দৈৰ্ঘৰ পথটো ২০২৬ চনৰ ৩১ জানুৱাৰীত জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব । ইয়াৰে ৮-৯ কিলোমিটাৰ আংশিকভাৱে চাৰিলেন আৰু আংশিকভাৱে দুটা লেনযুক্ত হৈ থাকিব । বৰ্তমানলৈকে ৮৫.৩% কাম সম্পূৰ্ণ হৈছে । ক্ষতিপূৰণৰ বিষয় সন্দৰ্ভত নাগৰিক সমাজৰ উদ্বেগৰ বিষয়টো শুনি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলক এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ সময়সীমা হিচাপে এই প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।

এই বৈঠকৰ পিচতে মন্ত্ৰী কৌশিক ৰায়ে এক সাংবাদমেল সম্বোধন কৰি কয়,"অহা ২০২৬ চনৰ ৩১ জানুৱাৰী ভিতৰতে শিলচৰ-সৌৰাষ্ট্র পূব-পশ্চিম কৰিডৰৰ হাৰেংগাজাওৰ পৰা নিৰিমবাংলালৈকে ৪৯ কিলোমিটাৰ পথ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব । এই সময়চোৱাত ৪০ কিলোমিটাৰ চাৰিলেন হৈ থাকিব আৰু ৮-৯ কিলোমিটাৰ পথ দুই লেন হৈ থাকিব আৰু ২০২৬ চনৰ এপ্ৰিলত ৪৯ কিলোমিটাৰ চাৰিলেন পথ নিৰ্মাণৰ কাম সম্পন্ন হৈ উঠিব । জানুৱাৰী মাহৰ পৰা বৰাক উপত্যকা মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাৰ ৰাইজ নতুন এলাইনমেণ্ট ধৰি অহা যোৱা কৰিব পাৰিব ।"
এই চাৰিলেন পথ নিৰ্মাণৰ কামত যি দৰে ক্ষিপ্ৰতা আহিছে তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰৰ পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মন্ত্ৰী কৌশিক ৰায়ে কয়,"মুখ্যমন্ত্ৰী তেওঁৰ নিজৰ কাৰ্যালয়ত সুবিধা কৰি দিছে ৰাজ্যৰ মুখ্য সচিবে প্ৰতিমাহে পথ নিৰ্মাণৰ কাম লৈ পৰ্যালোচনা কৰিব পাৰে । সংবাদমেলত মন্ত্ৰীয়ে আৰু কয় ভূমি অধিগ্ৰহণ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ বাবে ইমান দিন পথ নিৰ্মাণৰ কাম বাধাগ্ৰস্ত হৈছিল ।"
মন্ত্ৰীগৰাকীয়ে কয়, "জাতিংগা গাঁও আৰু হাৰেংগাজাওৰ ওচৰতে থকা দলইচুঙা গাঁৱত ভূমি অধিগ্ৰহণ সমস্যাৰ বাবে পথ নিৰ্মাণৰ কামত ৰাইজে বাধা দিছিল । কিন্তু পৰ্যালোচনা বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে সোমবাৰৰ পৰা ভূমি অধিগ্ৰহণৰ বিষয়টো জৰীপ কৰি ক্ষতিগ্ৰস্ত গাঁৱৰ মানুহ ক্ষতিপূৰণৰ বাবে অন্তৰ্ভুক্ত হৈছে না নাই এই বিষয় সমূহ দেখাৰ বাবে ।"
তেওঁ কয়, "আমি ২৯ নৱেম্বৰ আকৌ আহি বিষয়টো পৰ্যালোচনা কৰি ভূমি অধিগ্ৰহণ বিষয়টো নিষ্পত্তি কৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।" কিন্তু এই সময়চোৱাত গাঁৱৰ বাসিন্দাসকলে পথ নিৰ্মাণৰ বাবে যাতে বাধা নিদিয়ে এই আহ্বান জনায় মন্ত্ৰী কৌশিক ৰায়ে ।

