ইছৰো ভ্ৰমণৰ অনন্য অভিজ্ঞতা: বিজ্ঞানী হোৱাৰ লক্ষ্য নলবাৰীৰ ছাত্ৰৰ
শেহতীয়াকৈ ইছৰোৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰিছে নলবাৰীৰ ছাত্ৰ সুদীপ্ত কুমাৰ মিশ্ৰই । যুৱ বিজ্ঞানীৰ প্ৰমাণ পত্ৰও দিছে ছাত্ৰজনক ।

Published : July 6, 2026 at 3:22 PM IST
নলবাৰী: নলবাৰী জিলাৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই বিশেষ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে । ইমান কম বয়সতেই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ 'ইছৰো'ৰ পৰা বিশেষ সন্মান লাভ কৰিছে ছাত্ৰজনে । ইছৰোৰ যুৱ বিজ্ঞানী কাৰ্যক্ৰমৰ (YUVIKA-2026) প্ৰদান কৰা হৈছে বিশেষ প্ৰমাণ পত্ৰ । বিজ্ঞানী হোৱাৰ সপোন লৈ গ্ৰামাঞ্চলৰ ছাত্ৰজনে ইছৰো ভ্ৰমণৰো সুবিধা লাভ কৰিছে ।
তেওঁ হৈছে ককয়া গাঁৱৰ ৰাজীৱ কুমাৰ মিশ্ৰ আৰু মণিকা দেৱীৰ একমাত্র সন্তান সুদীপ্ত কুমাৰ মিশ্ৰ । নলবাৰীৰ বানেকুছিস্থিত পিএম শ্ৰী জৱাহৰ নবোদয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ সুদীপ্ত । দশম শ্ৰেণীৰ ছাত্ৰজনে ইছৰো ভ্ৰমণ কৰি এক বিশেষ অভিজ্ঞতা লাভ কৰাৰ লগতে ভৱিষ্যতে এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ সপোন বুকুত বান্ধি ঘৰলৈ উভতি আহিছে । ৰাজ্যৰ ১৪ গৰাকী ছাত্ৰই লাভ কৰিছিল ইছৰো ভ্ৰমণৰ বিশেষ সুযোগ ।
এই ভ্ৰমণ কালতেই সুদীপ্তক ইছৰোই যুৱ বিজ্ঞানীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে । সুদীপ্তই যুৱ বিজ্ঞানী কাৰ্যক্ৰমৰ বাবে আৱেদন জনাইছিল । নিৰ্দিষ্ট পৰীক্ষা দিয়াৰ পিছত তেওঁক কাৰ্যসূচীৰ বাছনি কৰা হৈছিল ।
তাৰ পিছতে ইছৰোৰ মুখ্য কাৰ্যালয় ভ্ৰমণ কৰি ছাত্ৰজনে মহাকাশ অভিযানৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰে । বিজ্ঞানীসকলে চন্দ্ৰলৈ গৈ কেনেকৈ গৱেষণা চলায়, মহাকাশচাৰীসকলৰ থকা-মেলাৰ ব্যৱস্থা কেনেকুৱা আৰু মহাকাশত তেওঁলোকে কি ধৰণৰ আহাৰ গ্ৰহণ কৰে এই সকলোবোৰ জ্ঞান সুদীপ্তই এই ভ্ৰমণকালত লাভ কৰে বুলি জানিবলৈ দিছে ।

কেৱল এয়াই নহয়, ইছৰোৰ বিজ্ঞানীসকলৰ তত্বাৱধানত সুদীপ্তই নিজ হাতেৰে ৰকেটৰ আৰ্হিও নিৰ্মাণ কৰে । নিজে ৰকেটৰ আৰ্হি নিৰ্মাণ কৰাৰ এই শিহৰণকাৰী অভিজ্ঞতাই তেওঁক অভিভূত কৰি তুলিছে বুলি ছাত্ৰজনে ব্যক্ত কৰে । এই ভ্ৰমণে তেওঁৰ মনত থকা বিজ্ঞানী হোৱাৰ সপোনক সম্প্ৰতি আৰু অধিক দৃঢ় কৰি তুলিছে ।

ছাত্ৰজনে কয়, "ভাৰতৰ মুঠ ৪৫০ গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হৈছিল । অসমৰ পৰা ১৪ গৰাকী । নলবাৰী একমাত্ৰ মই । তাত আমাক মহাকাশ বিজ্ঞানৰ বহু কথা শিকাইছে । মই দলীয়ভাৱে এখন ৰ'ভাৰ বনাইছিলোঁ আৰু ব্যক্তিগতভাৱে এখন ৰকেট বনাইছিলোঁ । ৰকেটখন তাত উৎক্ষেপনো কৰিছোঁ । বিজ্ঞানী হোৱাৰ সপোন আছে । মহাকাশচাৰী হৈ পৃথিৱীৰ বাহিৰলৈ যোৱাৰো সপোন আছে ।"

ছাত্ৰজনৰ এই সফলতাই অভিভাৱকৰ লগতে বিদ্যালয় আৰু স্থানীয় ৰাইজক আনন্দিত কৰি তুলিছে । গ্ৰামাঞ্চলৰ মেধাৱী ছাত্ৰ সুদীপ্তৰ এই যাত্ৰাই অসমৰ আন বহু শিক্ষাৰ্থীকো ভৱিষ্যতে মহাকাশ বিজ্ঞানক কেৰিয়াৰ হিচাপে বাছি ল'বলৈ আৰু আকাশ চুবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক :
অভাৱেই আবিষ্কাৰৰ মূল ! পানী বাঢ়িলে ওপৰলৈ, কমিলে তললৈ নামি যোৱা কলিযুগৰ খুঁটাবিহীন ‘ৰামসেতু’

