মাধুৰ্য বৰ্মন হত্যাকাণ্ডৰ নতুন তথ্য: ৰ'জৰ উপৰিও বাকী তিনিজন কোন আছিল ?
মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডত কোন কোন জড়িত ? ঘটনাস্থলীত স্থানীয় যুৱকে কি দেখিছিল ?

Published : June 2, 2026 at 3:22 PM IST
নলবাৰী: দেওবাৰে সংঘটিত হোৱা মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডক লৈ চঞ্চল্যকৰ মন্তব্য কৰিছে দুজন স্থানীয় যুৱকে ৷ নলবাৰীৰ গংগাপুৰ মাধুৰ্যক হত্যা আৰু কিশোৰীৰ ওপৰত চলোৱা আক্ৰমণৰ লগত চাৰি যুৱক জড়িত আছে বুলি দাবী কৰিছে স্থানীয় যুৱকে ৷ মঙলবাৰে মাধুৰ্যৰ চামতাৰ গৃহত উপস্থিত হৈ গংগাপুৰৰ স্থানীয় দুই যুৱকে দাবী কৰে যে, ঘটনাটোৰ লগত চাৰিজন যুৱক জড়িত আছে ৷
স্থানীয় যুৱক মানস প্ৰতীম ডেকাই এই সন্দৰ্ভত কয়,"মাধুৰ্যক হত্য়া কৰা স্থানত দুজন অচিনাকী ব্যক্তিক দেখা পোৱা গৈছিল ৷ কিন্তু মই বিশেষ একো ভবা নাছিলো যদিও মোক দেখি দুই যুৱকে ভয়, সংকোচেৰে আঁতৰি গৈছিল সেই স্থানৰ পৰা ৷ কিয় দুই যুৱক আছিল সেই স্থানত ? মাধুৰ্যৰ হত্যাকাণ্ডত আন কেইবাজনো লোক জড়িত হৈ আছে ৷ তদন্ত কৰিলে পোহৰলৈ আহিব ৷"
তেওঁ কয়," নলবাৰীৰ পৰা মাধুৰ্য সেই স্থানত কিমান সময়ত উপস্থিত হ'ব, সেই কথা কেনেকৈ গম পাইছিল হত্যাকাৰীয়ে ৷ ঘটনাস্থলীৰ আশে-পাশে অন হৈ থকা মোবাইল ট্ৰেক কৰি চালে সকলো তথ্য পোহৰলৈ আহিব ৷ মোৰ সন্দেহ- এই হত্যাকাণ্ডত অন্যলোক জড়িত হৈ আছে ৷ কাৰণ মাধুৰ্য আছিল স্কুটীৰ পৰা দহ মিটাৰমান দূৰত আৰু কিশোৰীগৰাকী আছিল স্কুটীখনৰ কাষত ৷ এইটো কেনেকৈ সম্ভৱ ?"
আন এগৰাকী যুৱকে কয়,"ঘটনাস্থলীৰ পৰা কিছু নিলগত বৈঠভংগা চ'কত দুজন লোকে ৰাইজক কৈছিল যে, চাৰিজন যুৱকে মাধুৰ্যক হত্যা কৰা বুলি ৷ ঘটনাস্থলীত ৰাইজ উপস্থিত হোৱাৰ পূৰ্বে চাৰিওজনে পলায়ন কৰিছে ৷ এজন যুৱকে এই হত্যাকাণ্ড সংঘটিত কৰিব নোৱাৰে ৷ ইয়াৰ লগত তিনি বা চাৰিজন যুৱক জড়িত হৈ আছে ৷"
লগতে পঢ়ক:অপৰাধীয়ে ভয় খাব পৰা ধৰণৰ আইন প্ৰণয়ন কৰিব লাগে: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

