NPS-UPS বাতিল কৰাৰ লগতে OPS প্ৰৱৰ্তন কৰাৰ দাবীত নলবাৰীত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ
NPS-UPS বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰে নলবাৰীৰ নাট্যমন্দিৰৰ সন্মুখত নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদী সভা ।

Published : January 9, 2026 at 3:42 PM IST
নলবাৰী : ‘‘আজিৰ দিনত ১০০০, ১২০০, ২০০০ টকাৰ পেন্সন পোৱাটো এটা হাস্যকৰ কথা । আনকি অসমৰ কৰ্মচাৰী সমাজৰ বাবেও এয়া দুৰ্ভাগ্যজনক কথা । ২০০৫ চনত তদানীন্তন যি চৰকাৰ আছিল, সেই চৰকাৰে আমাৰ কৰ্মচাৰীসকলৰ মাজত পেন্সনৰ এটা নতুন ব্যৱস্থা আনিছিল । যিটো ব্যৱস্থা আমাৰ কৰ্মচাৰীসকলে বুজি পোৱা নাছিল । সেই ব্যৱস্থাৰ অধীনত যিসকল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে, তেওঁলোকৰ আজি পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।’’ এয়া নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ভাষ্য ৷
উল্লেখ্য যে, শুকুৰবাৰে পুৰণি পেন্সন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰে নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদে আয়োজন কৰে এক প্ৰতিবাদী সভা । কিয়নো নতুন পেন্সন ব্যৱস্থাই দুৰ্ভোগ ভোগাইছে অৱসাৰী কৰ্মচাৰীসকলক । মাহৰ মূৰত দুই-এহেজাৰ টকাৰ পেন্সন ব্যৱস্থাৰে কৰ্মচাৰীসকলৰ মাজত বৈষম্য অনাৰ অভিযোগ নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ।
সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত এনেদৰে শুকুৰবাৰে কাৰ্যালয় এৰি প্ৰতিবাদত বহে কৰ্মচাৰীসকলে । কৰ্মচাৰীসকলে হাতে হাতে Srap NPS , Restore OPS প্ৰতিবাদী বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদী শ্ল’গান প্ৰদান কৰে । অসম চৰকাৰে বৈষম্য এৰি কৰ্মচাৰীসকলক একে দৃষ্টিৰে চোৱাৰ আহ্বান জনায় প্ৰতিবাদী কৰ্মচাৰী পৰিষদে ।
এগৰাকী প্ৰতিবাদী কৰ্মচাৰীয়ে কয়, "এগৰাকী কৰ্মচাৰীয়ে নিজৰ যৌৱন, জীৱনকাল ৰাজ্যখনৰ উন্নয়নৰ বাবে সেৱা আগবঢ়োৱাৰ পিছত তেওঁ যেতিয়া অৱসৰ গ্ৰহণ কৰে । তেওঁৰ সামাজিক আৰু অৰ্থনৈতিক দিশত নিৰাপত্তা প্ৰদান কৰাতো এখন কল্যানকামী চৰকাৰৰ দায়িত্ব । কিন্তু তাকে নকৰি ১০০০, ১২০০, ২০০০ টকাৰ পেন্সন দিয়ে । এই নিম্নধনৰ পেন্সন পোৱাটো এটা হাস্যকৰ কথা । গতিকে কৰ্মচাৰী সকলৰ এই অৱস্থা তথা আজিৰ দাবীসমূহ চৰকাৰে বুজা উচিত ।"

আন এগৰাকী প্ৰতিবাদী কৰ্মচাৰীয়ে কয়, ‘‘আমাৰ দাবীসমূহৰ পূৰণ কৰক ৷ নতুন পেন্সন বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা প্ৰৱৰ্তন কৰক ৷ কিন্তু তাকেই নকৰি চৰকাৰে UPS ব্যৱস্থা আনিছে । চৰকাৰে কোনো আলোচনা নকৰাকৈ এই ব্যৱস্থাত আমাক জপি দিব খুজিছে । সেইবাবে আমি এই ব্যৱস্থাত সন্তুষ্ট নহয় । আমি মানি ল’ব খোজা নাই NPS/UPS ব্যৱস্থা ।’’
‘‘আমাক OPS প্ৰৱৰ্তন কৰি আমাক সুৰক্ষা প্ৰদান কৰক । চৰকাৰে কৰ্মচাৰী পৰিষদৰ দাবীসমূহ মানি আহিছে যদিও আমাৰ মূল দাবীটোত কোনো গুৰুত্ব আৰোপ কৰা নাই । গতিকে আমাৰ দাবী মানি, আমাক বৈষম্যৰে নাচাই আমাক OPS প্ৰৱৰ্তন কৰক ৷" এনেদৰে মন্তব্য কৰে প্ৰতিবাদী কৰ্মচাৰীয়ে ৷

