৯ বছৰীয়া কন্যাশিশুক যৌন নিৰ্যাতন চলোৱাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড অভিযুক্তক
গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াও মাত্ৰ ১০ মাহৰ ভিতৰত সম্পন্ন কৰি দোষীক শাস্তিৰ ৰায়দান দিবলৈ সক্ষম হয় নগাঁৱৰ বিশেষ POCSO আদালত ।

Published : March 26, 2026 at 6:55 PM IST
নগাঁও: মাত্ৰ ৯ বছৰীয়া কন্যাশিশুক যৌন নিৰ্যাতন চলোৱা এক গোচৰত এজন অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় প্ৰদান কৰিলে নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ আদালতৰ বিশেষ POCSO আদালতে । এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল বিগত বৰ্ষৰ মে’ মাহত । ২০২৫ চনৰ মে’ মাহৰ ৬ তাৰিখে নগাঁৱৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ ডিজুভেলী চাহ বাগিচাৰ ৫০ উৰ্ধৰ এজন ব্যক্তিয়ে ৯ বছৰীয়া কন্যা শিশুটিক যৌন নিৰ্যাতন চলায় । ৫০ উৰ্ধৰ ব্যক্তিৰ উৎপীড়নৰ ফলত যথেষ্ট অসুস্থ হৈ পৰিছিল শিশুটি ।
ঘটনা সংঘটিত হোৱাৰ পাছতেই ভুক্তভোগী শিশুটিৰ পৰিয়ালৰ লোকে চামগুৰি আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি গোচৰটোৰ অনুসন্ধানৰ দায়িত্ব প্ৰদান কৰিছিল শালনা আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী মিজানুৰ ৰহমানক । তদন্তকাৰী আৰক্ষী বিষয়া হিচাপে মিজানুৰ ৰহমানে চামগুৰি আৰক্ষী থানাত ১১২/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি শিশু যৌন নিৰ্যাতনৰ অভিযুক্ত মিন্টু তিৰ্কী গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে সাতগৰাকীকৈ লোকক ঘটনাৰ সাক্ষী হিচাপে লৈ প্ৰস্তুত কৰিছিল অভিযোগনামা ।
ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৰুজু কৰা গোচৰৰ ভিত্তিত মাত্ৰ ডেৰ মাহৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল তদন্তকাৰী আৰক্ষী বিষয়াগৰাকী । পৰৱৰ্তী সময়ত নগাঁও POCSO ৰ বিশেষ আদালতত ১৭৯/২৫ নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল বিচাৰপ্ৰক্ৰিয়া । গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াও মাত্ৰ ১০ মাহৰ ভিতৰত সম্পন্ন কৰি দোষীক শাস্তিৰ ৰায়দান দিবলৈ সক্ষম হয় নগাঁৱৰ বিশেষ POCSO আদালত ।
বৃহস্পতিবাৰে গোচৰটোৰ অভিযুক্ত মিন্টু তিৰ্কীক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে বিশেষ POCSO আদালতৰ ন্যায়ধীশ চিত্ৰাৰাণী শইকীয়াই । গোচৰটোৰ চৰকাৰী পক্ষৰ বিশেষ অধিবক্তা হিচাপে আদালতত ভুক্তভোগী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা সৰোজ শইকীয়াই । শিশুক যৌন নিৰ্যাতনকাৰী মিন্টু তিৰ্কীক নগাঁৱৰ বিশেষ POCSO আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দানৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাৰ আদেশ দিয়ে । ২০ হাজাৰ টকা অনাদায়ে অতিৰিক্ত ছমাহ কাৰাবাসৰ আদেশ দিয়ে বিশেষ POCSO আদালতে । মাত্ৰ দহ মাহৰ ভিতৰত শিশু যৌন নিৰ্যাতনকাৰীক শাস্তি প্ৰদানেৰে আদালতে ন্যায় প্ৰদান কৰিছে ভুক্তভোগী শিশুটিৰ লগতে পৰিয়ালক ।
লগতে পঢ়ক:
শিশু সাহিত্য সংৰক্ষণৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ

