বীভৎস কাণ্ড ! বৰদেউতাকৰ কামনাৰ বলি ৯ বছৰীয়া কিশোৰী
মানুহৰূপী পশুৰ হাতত বিপদাপন্ন হ’ল এগৰাকী ৯বছৰীয়া নাবালিকাৰ জীৱন ৷ ফুলকুমলীয়া নাবালিকাগৰাকীৰ সৈতে সম্বন্ধীয় বৰদেউতাকে অপকৰ্ম কৰা অভিযোগ উঠিছে ৷ বৰ্তমান আৰক্ষীৰ জালত অভিযুক্ত ৷

Published : June 11, 2026 at 11:16 AM IST
বঢ়মপুৰ : নগাঁৱত পোহৰলৈ আহিছে সভ্য সমাজক লজ্জাজত কৰা এক ঘটনা ৷ অচিনাকী ব্যক্তি বা চিনাকী লোকৰ কথাটো বাদেই ঘৰৰ আত্মীয় স্ব-জনৰ কাষতো যেন বৰ্তমান সুৰক্ষিত নহয় মহিলা-যুৱতী তথা নাবালিকা ৷ জানিব পৰা মতে, এইবাৰ এগৰাকী ৯ বছৰীয়া নাবালিকা কামনাৰ বলি হ’ব লগা গ’ল সম্বন্ধীয় বৰদেউতাকৰ ৷
তথ্য অনুসৰি, মানৱ সমাজক লজ্জানত কৰা এই ঘৃণনীয় ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ননৈ নাথ গাঁৱত ৷ ৫৫ বছৰীয়া প্ৰদীপ নাথ নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ ঘটনাটো পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলটোত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷
এই বাতৰি বিয়পি পৰাৰ উমান পাই ৰাইজৰ ৰোষত পৰাৰ ভয়ত অভিযুক্তটোৱে ননৈ আৰক্ষী পহৰা চকীত আত্মসমৰ্পণ কৰে ৷ ননৈ আৰক্ষীয়েও তাৎক্ষণিকভাৱে অভিযুক্ত প্ৰদীপ নাথক নিজ ঘৰৰ পৰাই আটক কৰি থানালৈ নিয়ে আৰু জেৰা অব্যাহত ৰাখিছে ৷
ভুক্তভোগীৰ মাতৃয়ে আৰক্ষীক দিয়া এজাহাৰখনত উল্লেখ কৰা মতে, বিগত কেবাদিন ধৰি তেওঁলোকৰ ৯ বছৰীয়া নাবালিকা ছোৱালীজনী সঘনাই অসুস্থ হ’বলৈ ধৰে ৷ শাৰীৰিক কষ্ট সহ্য কৰিব নোৱাৰি নাবালিকাগৰাকীয়ে মাকক সকলো কথা কয়, কেনেদৰে তেওঁক প্ৰদীপ নাথে শাৰীৰিক নিৰ্যাতন চলাইছিল ৷

আনকি এই কথা আনে গম পালে নাবালিকাগৰাকীক হত্যা কৰি বাৰীত পুঁতি থোৱাৰো ভাবুকি দিছিল প্ৰদীপ নাথে ৷ এই কথা গম পোৱাৰ পাছতে নাবালিকাগৰাকীৰ মাকে দেউতাকৰ সৈতে আলোচনা কৰি গাঁৱৰ মহিলাসকলক খবৰ দিয়ে ৷ এই কথা নাবালিকাগৰাকীৰ মাকে এজাহাৰখনত উল্লেখ কৰে ৷ তাৰ পাছতে মহিলাসকলে প্ৰদীপ নাথক কৰায়ত্ত কৰিবলৈ অভিযুক্তটোৰ ঘৰত উপস্থিত হয় ৷
সংবাদ মাধ্যমৰ আগত গাঁৱৰ এগৰাকী জ্যেষ্ঠ মহিলাই কয়, ‘‘ননৈ নাথ গাঁৱৰ এগৰাকী সৰু নাৱালিকাৰ লগত বৰদেউতাকেই বেয়া কামত লিপ্ত হয় ৷ এই কথা আমাক নাবালিকাগৰাকীৰ মাকে অৱগত কৰে ৷ আমি বহু মহিলা ইয়ালৈ আহিছো, দোষীক শাস্তি দিব দিব লাগে ৷ সকলোৱে তেওঁৰ ফাঁচী হোৱাটো বিচাৰিছে, যাতে দুনাই আৰু এনে বেয়া কাম নহয় ৷’’
আনফালে অভিযুক্ত প্ৰদীপ কুমাৰ নাথক ঘটনা সম্পৰ্কত প্ৰশ্ন কৰাত কয়, ‘‘ঘটনাটো সম্পূৰ্ণ সত্য নহয়, হোৱা নোহোৱাৰ মাজতে আছে বুলিয়েই মই ক’ম । মই এই ঘটনা সংঘটিত কৰিছোঁ বুলি স্বীকাৰ কৰা নাই । ডাক্তৰৰ ৰিৰ্প’ট আহিলে সকলোৱে ইয়াপ প্ৰমাণ পাব ৷’’
ইফালে এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ননৈ আৰক্ষীৰ ফালৰ পৰা কোনো মন্তব্য প্ৰদান কৰা নাই ৷ পৰৱৰ্তী সময়তহে ইয়াৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷

