ETV Bharat / state

ভূমিকম্পত কৰ্তব্যৰত নাৰ্ছৰ দায়িত্ববোধৰ অনন্য নিদৰ্শন

ভূমিকম্পৰ ভয়ংকৰ জোকাৰণিৰ সময়ত নগাঁৱত নাৰ্ছে দেখুৱালে কৰ্তব্যপৰায়ণতাৰ অনন্য নিদৰ্শন । নিজৰ প্ৰাণৰ মমতা এৰি আই চি ইউত ভৰ্তি নৱজাতকৰ সুৰক্ষাৰ বাবে দৌৰিলে নাৰ্ছ ।

Nagaon nurse earthquake duty
ভূমিকম্পত কৰ্তব্যৰত নাৰ্ছৰ দায়িত্ববোধৰ অনন্য নিদৰ্শন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 5, 2026 at 1:54 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : ভূমিকম্পৰ সময়ত সকলোৱে হয়তো নিজৰ প্ৰাণৰ কথা চিন্তা কৰিয়েই আৰম্ভ কৰে দৌৰা-দৌৰি । কিন্তু বছৰৰ আৰম্ভণিতেই ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চল, চুবুৰীয়া কেইবাখনো ৰাষ্ট্ৰ কঁপাই যোৱা এটা ভয়ংকৰ ভূমিকম্পৰ সময়ত নগাঁৱত দেখা গ’ল এক অনন্য দৃশ্য ।

নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত কৰ্মৰত নাৰ্ছৰ কৰ্তব্যনিষ্ঠাই ব্যাপকভাৱে চর্চা লাভ কৰিছে বিভিন্ন মহলত । সোমবাৰে পুৱতি নিশা ৪.১৭ বজাত সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চল কঁপাই যোৱা ভূমিকম্পৰ সময়ত নগাঁৱৰ নেমচি হাস্পতালত কৰ্মৰত নাৰ্ছে দেখুৱালে স্বাস্থ্যসেৱাৰ প্ৰকৃত অৰ্থ ।

ভূমিকম্পত কৰ্তব্যৰত নাৰ্ছৰ দায়িত্ববোধৰ অনন্য নিদৰ্শন (ETV Bharat Assam)

পুৱতি নিশা ভূমিকম্পৰ সময়ত সকলো আছিল গভীৰ নিদ্ৰাত । সেই সময়ত নগাঁৱৰ নেমচি নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত কৰ্মৰত আছিল তিনিগৰাকীকৈ নাৰ্ছ । ভয়ংকৰ ভূমিকম্পৰ সময়ত চিকিৎসালয়খনৰ আই চি ইউত কৰ্তব্যৰত নাৰ্ছ তিনিগৰাকীয়ে নিজৰ জীৱনৰ কথা পাহৰি মনত পেলালে আই চি ইউৰ বিছনাত ভৰ্তি হৈ থকা নৱজাতকৰ কথা । লগে লগে নিজৰ জীৱনৰ কথা চিন্তা নকৰি নৱজাতককেইটাক সুৰক্ষা দিবলৈ দৌৰি নৱজাতককেইটাৰ কাষত থিয় হ’ল নাৰ্ছকেইগৰাকী ।

নৱজাতককেইটাৰ গাত যাতে আই চি ইউৰ কোনো সামগ্ৰী পৰি কোনো ক্ষয়-ক্ষতি নহয়, তাৰ বাবে সম্পূৰ্ণ সুৰক্ষা প্ৰদানৰ চেষ্টা কৰে নাৰ্ছকেইগৰাকীয়ে । অৱশ্যে নিশা নগাঁৱৰ নেমচি হাস্পতালৰ আই চি ইউত কৰ্তব্যৰত নাৰ্ছকেইগৰাকীৰ নাম নাৰ্ছিং হোম কৰ্তৃপক্ষই ৰাজহুৱা কৰা নাই ।

এই সন্দৰ্ভত নাছিং হোম কৰ্তৃপক্ষই টেলিফোনযোগে ই টিভি ভাৰতক কয়, “বিগত ২০২৫ চনত হোৱা ভূমিকম্পৰ সময়তো আমাৰ নাৰ্ছিং হোমৰ নাৰ্ছসকলে নৱজাতকৰ সুৰক্ষা দিয়াৰ বাবে এইদৰে দৌৰি গৈছিল । অৱশ্যে আমি প্ৰচাৰৰ বাবে নহয়, আমাৰ চিকিৎসক-নাৰ্ছসকলে নিজৰ দায়িত্ব বুলি ভাবিহে নিজৰ জীৱনতকৈ চিকিৎসালয়ত ভৰ্তি নৱজাতকৰ চিন্তা কৰিছে ।”

উল্লেখ্য যে সোমবাৰে কাহিলিপুৱাতে ৰিখটাৰ স্কেলত ৫.৬ প্ৰাবল্যৰ ভূমিকম্পত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি চুবুৰীয়া বাংলাদেশ, ভূটান, চীন আদিতো প্ৰভাৱ পৰিছে ।

লগতে পঢ়ক :২০২৬ৰ আৰম্ভণিতে কঁপি উঠিল ধৰিত্ৰী; ৫.১ প্ৰাবল্যৰ ভূঁইকঁপে কাহিলীপুৱাতে আতংকিত কৰিলে অসমবাসীক
লগতে পঢ়ক :শ শ দেৱবাদ্য মৃদংগৰ ধ্বনিৰে মুখৰিত টিপমীয়া-ধোৱাপথাৰ