নগাঁও জিলা পুথিভঁৰালৰ 'চলন্ত পুথিভঁৰাল': পুনৰ চলন্ত হ’ব নে এসময়ত গ্ৰামাঞ্চলত গ্ৰন্থৰ সুবাস বিলোৱা প্ৰচেষ্টা ?
এটা চলন্ত পুথিভঁৰাল এতিয়া অচল । এসময়ত গাঁৱে-ভূঞে বিলাইছিল গ্ৰন্থৰ সুবাস । এতিয়া জৰাজীৰ্ণ সেই চলন্ত পুথিভঁৰাল । ৰকিবুল ৱাহিদৰ বিশেষ প্ৰতিবেদন ।

Published : November 5, 2026 at 8:06 AM IST
নগাঁও : এসময়ত মধ্য অসমৰ গাঁৱে-ভূঞে গ্ৰন্থৰ সুবাস এটা ভ্ৰাম্যমাণ পুথিভঁৰালে বিলাই ফুৰিছিল। যাৰ বাবে ইয়াৰ নামেই আছিল 'চলন্ত পুথিভঁৰাল' । সেয়া ষাঠিৰ দশকৰ কথা । ১৯৫৫ চনতে স্থাপিত নগাঁও জিলা পুথিভঁৰালৰ উদ্যোগত গ্ৰামাঞ্চলৰ পাঠকক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে গ্ৰন্থ অধ্যয়নৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে নগাঁও জিলা পুথভঁৰালৰ উদ্যোগত চলন্ত পুথিভঁৰালৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
চলন্ত পুথিভঁৰাল
পুৰণি যুগৰ এখন বাহন । বাহনখন ব্যৱহাৰ হৈছিল কেৱল কিতাপৰ বাবে । জিলা পুথিভঁৰালৰ পৰা এই বাহনখনেৰেই গ্ৰামাঞ্চলৰ পাঠকৰ চাহিদা অনুযায়ী প্ৰেৰণ কৰা হৈছিল বিভিন্ন গ্ৰন্থ । এই বিশেষ বাহনেৰে গাঁৱে-ভূঞে কিতাপ কঢ়িয়াই লৈ গৈ পাঠকৰ মাজত বিলাই দিয়া হৈছিল জ্ঞানৰ পোহৰ । ষাঠিৰ দশকত নগাঁৱত আৰম্ভ হোৱা চলন্ত পুথিভঁৰলৰ ব্যৱস্থা আশীৰ দশকৰ পৰাই হঠাৎ হৈ পৰে স্তব্ধ ।
১৯৮৬ চনত স্তব্ধ হৈছিল চলন্ত পুথিভঁৰালৰ গতি
১৯৮৬ চনৰ ৭ মে’ ৰ কথা । নগাঁও জিলা পুথিভঁৰালৰ পৰা কিতাপ লৈ এই চলন্ত পুথিভঁৰল গৈছিল নগাঁৱৰ বৰক'লালৈ । বৰক'লাত বিভিন্ন গ্ৰন্থ বিতৰণ কৰি উভতি অহাৰ পথত বিকল হৈ পৰিছিল বাহনখন । লগে লগে বাহনখন মেৰামতি কৰিবলৈ অসম পুথিভঁৰাল সেৱা সঞ্চালকলৈ নগাঁও জিলা পুথিভঁৰলৰ সেই সময়ৰ গ্ৰন্থাগাৰিকে পত্ৰ প্ৰেৰণ কৰিছিল ।
কিন্তু সেই যে বিকল হ’ল, সেয়া আজিও কাৰ্যক্ষম হৈ নুঠিল । এতিয়াও নগাঁও জিলা পুথিভঁৰালত জৰাজীৰ্ণ অৱস্থাত আছে এসময়ত গ্ৰামাঞ্চলত গ্ৰন্থৰ সুবাস বিলোৱা চলন্ত পুথিভঁৰালটো ।
এক অৱহেলিত স্মৃতিচিহ্ন
এসময়ত গ্ৰামাঞ্চলৰ পাঠকৰ বাবে জ্ঞানৰ ভঁৰাল হৈ পৰা চলন্ত পুথিভঁৰালটো এতিয়া নিজেই পৰিণত হৈছে এক অৱহেলিত স্মৃতিচিহ্নত । কিন্তু বাহনখনৰ অৱশিষ্ট অংশই যেন সোঁৱৰাই দিয়ে এক ব্যতিক্ৰমী গ্ৰন্থ আন্দোলনৰ কথা ।

নগাঁও জিলা পুথিভঁৰালৰ চৌহদত জৰাজীৰ্ণ অৱস্থাত পৰি থকা বাহনখনলৈ চাই এতিয়া বিভিন্নজনে উত্থাপন কৰিছে এটাই প্ৰশ্ন, পুনৰ কাৰ্যক্ষম হ’বনে এসময়ৰ এই চলন্ত পুথিভঁৰাল ? নে অতীতৰ স্মৃতি হৈয়েই ৰ’ব এই চলন্ত পুথিভঁৰাল ?
গ্ৰন্থৰ প্ৰসাৰৰ বাবে লোৱা হৈছিল উদ্যোগ
পুৰণি আৰ্হিৰ বাহনখনক কিতাপ কঢ়িয়াই নিয়াৰ উপযোগী কৰি নিৰ্মাণ কৰা হৈছিল । বাহনখনৰ মূল উদ্দেশ্যই আছিল গ্ৰন্থৰ প্ৰসাৰ । নগাঁও জিলা পুথিভঁৰালৰ পৰা কিতাপ লৈ বিভিন্ন অঞ্চললৈ যোৱা বাহনখনে গ্ৰামাঞ্চলৰ পাঠকৰ সৈতে গঢ়ি তুলিছিল এক নিবিড় সম্পৰ্ক । কিতাপৰ সুবাস বিলাই ফুৰা এই বাহনখনৰ বাবে অপেক্ষা কৰি ৰৈছিল বহু পাঠকে ।

পাঠকৰ অনুভৱ
নগাঁও জিলা পুথিভঁৰালত উপস্থিত হৈ চলন্ত পুথিভঁৰালৰ স্মৃতি ৰোমন্থন কৰি নগাঁও জিলা পুথিভঁৰালৰ এগৰাকী নিয়মীয়া পাঠক আব্দুল মালিকে কয়, “নগাঁও জিলা পুথিভঁৰালত থকা চলন্ত পুথিভঁৰাল আজিৰ পৰা প্ৰায় ৪০ বছৰমান পূৰ্বে বহু সক্ৰিয় হৈ আছিল । এই চলন্ত পুথিভঁৰালৰ ভিতৰত কিতাপ ৰখাৰ সুন্দৰ ব্যৱস্থা আছিল । গুৱাহাটীৰ পৰা নগাঁও জিলা পুথিভঁৰাল আৰু নগাঁও জিলা পুথিভঁৰালৰ পৰা গ্রামাঞ্চলত গ্ৰন্থ বিতৰণ কৰিছিল এই চলন্ত পুথিভঁৰালৰ জৰিয়তেই । স্মৃতি হিচাপে পুৰণি এই চলন্ত পুথিভঁৰাল এতিয়াও কাৰ্যক্ষম কৰিব পাৰে । আজিৰ এই ডিজিটেল যুগত নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাত এই চলন্ত পুথিভঁৰাল কাৰ্যক্ষম হ'লে যথেষ্ট সহায়ক হ'ব ।"
গ্ৰন্থৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে পুনৰ সক্ৰিয় কৰাৰ দাবী
এই চলন্ত পুথিভঁৰাল সন্দৰ্ভত আন এগৰাকী পাঠকে ইটিভি ভাৰতৰ সন্মুখত কয়, "এই চলন্ত পুথিভঁৰাল কাৰ্যক্ষম হ'লে গাঁৱে-ভূঞে ল'ৰা-ছোৱালী, বয়োজ্যেষ্ঠ সকলো আগবাঢ়ি আহিব আৰু গ্ৰন্থ অধ্যয়নৰ প্ৰতি এক আগ্ৰহ বৃদ্ধি পাব । যিহেতু এতিয়া পঞ্চায়ত পৰ্যায়তো পুথিভঁৰালৰ ব্যৱস্থা আছে, এনে সময়ত চলন্ত পুথিভঁৰাল বাহনখনে গ্ৰামাঞ্চললৈ কিতাপ লৈ যোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্ময়ো অৱগত হ'ব যে কিতাপ আহিছে আৰু আমি অলপ চাব যাওঁ । ডিজিটেল যুগত মোবাইলৰ পৰা অলপ হটলেও আঁতৰি গ্ৰন্থ অধ্যয়নত মনযোগ দিব ।"

পুথিভঁৰাল কৰ্তৃপক্ষই কি কয়
আনহাতে, চলন্ত পুথিভঁৰাল সেৱা আৰম্ভ হোৱাৰ পৰা সেৱা ব্যাহত হোৱাৰ তথ্য ইটিভি ভাৰতৰ সন্মুখত সদৰী কৰি নগাঁও জিলা পুথভঁৰালৰ গ্ৰন্থাগাৰিক দীপাঞ্জলি দাসে কয়, “চলন্ত পুথিভঁৰাল সেৱা অব্যাহত থাকিলে যথেষ্ট সুবিধা হ’লহেঁতেন । কিন্তু আমাৰ হাতত পৰ্যাপ্ত পুঁজি নথকাৰ ফলত এই সেৱা পুনৰ কাৰ্যক্ষম কৰাটো সম্ভৱ হৈ উঠা নাই ।”
কিন্তু প্ৰায় চাৰিটা দশক ধৰি অচল হৈ থকা এই চলন্ত পুথিভঁৰালৰ ভৱিষ্যৎ কি ? বাহনখন পুনৰ চলাচলৰ উপযোগী কৰি তোলাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা হ’বনে ? নে এসময়ত গ্ৰামাঞ্চলত গ্ৰন্থৰ সুবাস বিলোৱা এই বাহনখন কেৱল অতীতৰ স্মৃতি হৈয়েই ৰ’ব ?
চলন্ত বা ভ্ৰাম্যমাণ পুথিভঁৰালৰ ইতিহাস
চলন্ত বা ভ্ৰাম্যমাণ পুথিভঁৰাল বা মোবাইল লাইব্ৰেৰী হৈছে কিতাপৰ জ্ঞানক ৰাইজৰ চোতাললৈ লৈ যোৱাৰ এক অনন্য মাধ্যম । যিবোৰ অঞ্চলত স্থায়ী পুথিভঁৰাল নাই বা যিসকল লোকৰ পুথিভঁৰাললৈ যোৱাৰ সময় নাথাকে বা পুথিভঁৰাল সেৱাৰ পৰা বঞ্চিত তেওঁলোকক কিতাপ সহজে উপলব্ধ কৰাবৰ বাবে এই ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।
ভ্ৰাম্যমাণ পুথিভঁৰালৰ অতীত আৰু বৰ্তমান
তাহানিৰ দিনত ভ্ৰাম্যমাণ বা চলন্ত পুথিভঁৰালৰ ধাৰণাটো ইমান সহজ নাছিল বা ই অতি সীমিত আছিল । ঊনবিংশ শতিকাৰ শেষৰ ফালে বা বিংশ শতিকাৰ আৰম্ভণিতে বিশ্বৰ বিভিন্ন প্ৰান্তত গৰুৰ গাড়ী, ম'হৰ গাড়ী, ঘোঁৰাৰ গাড়ী বা ৰিক্সাৰ সহায়ত গাঁৱে গাঁৱে কিতাপ বিলোৱা হৈছিল । ইয়াৰ মুখ্য উদ্দেশ্য আছিল গ্ৰামাঞ্চলত আনুষ্ঠানিক শিক্ষা লাভ নকৰা লোকসকলৰ মাজত সাক্ষৰতাৰ প্ৰসাৰ ঘটোৱা ।
বৰ্তমান সময়ত ইয়াৰ ৰূপ সম্পূৰ্ণ সলনি হৈছে । আধুনিক ভ্ৰাম্যমাণ পুথিভঁৰালবোৰ কেৱল কিতাপ কঢ়িওৱা বাহনেই নহয়, ইয়াত ইণ্টাৰনেট, কম্পিউটাৰ আৰু ডিজিটেল স্ক্ৰীণৰ সুব্যৱস্থা কৰা হৈছে । সেয়ে বৰ্তমান ইয়াক 'ডিজিটেল ভ্ৰাম্যমাণ পুথিভঁৰাল' বা 'স্মাৰ্ট বাছ' বুলিও ক'ব পাৰি । ইয়াত ছাত্ৰ-ছাত্ৰী তথা পাঠকসকলে ই-বুক পঢ়াৰ সুবিধাও লাভ কৰে ।

ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ পুথিভঁৰাল
ভ্ৰাম্যমাণ পুথিভঁৰালৰ আন্দোলন ভাৰতত পোন প্ৰথমে সূচনা হৈছিল তামিলনাডুত । ১৯৩১ চনৰ ২১ অক্টোবৰত তামিলনাডুৰ মান্নাৰগুডিৰ ওচৰৰ মেলাভাছল নামৰ গাঁওখনত ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ পুথিভঁৰাল আৰম্ভ হৈছিল ।
ইয়াৰ আঁৰত আছিল অভিযন্তা ৰাও বাহাদুৰ এছ ভি ৰংগনাথনৰ কল্পনাপ্ৰসূত চিন্তা । ভাৰতৰ পুথিভঁৰাল বিজ্ঞানৰ পিতৃস্বৰূপ ডঃ এছ আৰ ৰংগনাথনে এই বিশেষ পুথিভঁৰালটো উদ্বোধন কৰিছিল।
এই পুথিভঁৰালটো দেখাত এখন সৰু দোকানৰ আৰ্হিত সজোৱা গৰুৰ গাড়ী আছিল । খেতি-বাতি নথকাৰ সময়ত এই গাড়ীখনে ওচৰ-পাজৰৰ গাঁওবোৰলৈ গৈ কৃষকসকলৰ বাবে বৃত্তিমুখী জ্ঞানবৰ্ধক পুথিৰ যোগান ধৰিছিল ।
অসমৰ ভ্ৰাম্যমাণ পুথিভঁৰাল
অসমতো গ্ৰামাঞ্চলৰ পাঠকসকলৰ বাবে এই ভ্ৰাম্যমাণ পুথিভঁৰালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । অসম চৰকাৰৰ ৰাজহুৱা পুথিভঁৰাল সঞ্চালকালয়ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত চলন্ত পুথিভঁৰাল সেৱা উপলব্ধ কৰোৱা হৈছিল । বিশেষকৈ জিলা পুথিভঁৰালসমূহৰ তত্ত্বাৱধানত একোখন বিশেষভাৱে সজ্জিত কৰা বাহনত গ্ৰাম্য বা দুৰ্গম অঞ্চলৰ বিদ্যালয় আৰু পুথিভঁৰালসমূহলৈ গৈ কিতাপৰ আদান-প্ৰদান কৰিছিল ।
আনহাতে, চৰকাৰী ব্যৱস্থাৰ উপৰি অসমৰ বহু যুৱক, ব্যক্তি তথা সামাজিক সংগঠনে স্বেচ্ছাই কিতাপ সংগ্ৰহ কৰি চাইকেল, মটৰচাইকেল বা সৰু চাৰিচকীয়া বাহনৰ সহায়ত গাঁৱে গাঁৱে গৈ শিশু তথা যুৱ প্ৰজন্মক বিনামূলীয়াকৈ গ্ৰন্থ অধ্যয়নৰ সুযোগ প্ৰদান কৰিছে ।

পুথিভঁৰালৰ গুৰুত্ব আৰু বৰ্তমান ভ্ৰাম্যমাণ পুথিভঁৰালৰ প্ৰাসংগিকতা
বৰ্তমান যুগটো হৈছে ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ যুগ । এনে এক অতি আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগতো কিন্তু গ্ৰন্থৰ গুৰুত্ব কম হোৱা নাই । আনহাতে, এই প্ৰযুক্তিবিদ্যাৰ ৰমৰমীয়া যুগত গ্ৰন্থৰ আদৰ আৰু কদৰ বৃদ্ধি কৰিবৰ বাবে কিছু নতুন চিন্তা আৰু দৃষ্টিভংগীৰ প্ৰয়োজন । আনহাতে, ইণ্টাৰনেট আৰু স্মাৰ্ট ডিভাইচৰ পয়োভৰৰ বাবে কিতাপ পঢ়াৰ অভ্যাস দিনক দিনে হ্ৰাস পোৱাৰ সময়ত ভ্ৰাম্যমাণ পুথিভঁৰালৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে ।
ভিতৰুৱা অঞ্চলবোৰত শিক্ষাৰ পোহৰ বিলাবলৈ আৰু নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ভ্ৰাম্যমাণ পুথিভঁৰাল এক অতি প্ৰয়োজনীয় আৰু ফলপ্ৰসূ মাধ্যম হিচাপে পৰিগণিত হৈছে ।

