ETV Bharat / state

জিলা আয়ুক্ত হৈ থকাৰ যোগ্যতা মোৰ নাই: নিজৰ যোগ্যতাক লৈ কিয় এনেদৰে ক’লে দেৱাশীষ শৰ্মাই?

নগাঁও জিলাৰৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ খং ৷ মেট্ৰিকত জিলাখনৰ ফলাফল সন্তোষজনক নোহোৱাত আক্ষেপ প্ৰকাশ কৰি নিজৰ যোগ্যতাক লৈ প্ৰশ্ন কৰিলে আয়ুক্তগৰাকীয়ে ৷

HSLC results 2026
প্ৰধান শিক্ষকক সকীয়নি জিলা আয়ুক্তৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 23, 2026 at 7:24 PM IST

|

Updated : April 24, 2026 at 9:55 AM IST

3 Min Read
Choose ETV Bharat

নগাঁও: ‘‘মেট্ৰিকৰ ফলাফলত নগাঁৱৰ প্ৰদৰ্শনক লৈ জিলা আয়ুক্ত হিচাপে মই লাজ পাইছোঁ । নগাঁও জিলাখন যদি মই ভালকৈ চলাব নোৱাৰোঁ তেন্তে মই জিলা আয়ুক্ত হৈ থকাৰ যোগ্যতা নাই, আপোনালোকৰ ক্ষেত্ৰতো একেই । বিদ্যালয়ৰ শোচনীয় ফলাফলৰ বাবে প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে দায়িত্ব ল’ব লাগিব ।” এই মন্তব্য কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ৷

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শোচনীয় প্ৰদৰ্শন কৰা নগাঁৱৰ ৩৯ খনকৈ হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । কৰ্তব্যত গাফিলতি কৰাৰ ফলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল বেয়া হোৱা প্ৰধান শিক্ষকক তলব কৰি সকীয়নী প্ৰদান কৰে জিলা আয়ুক্তই । মেট্ৰিকৰ ফলাফল বেয়া হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকক তলব কৰি বৃহস্পতিবাৰে নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক, শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তৰ উপস্থিতিত ফলাফল শোচনীয় হোৱাৰ কাৰণ দাঙি ধৰাৰ নিৰ্দেশ দিয়ে জিলা আয়ুক্তগৰাকীয়ে ।

প্ৰধান শিক্ষকক সকীয়নি জিলা আয়ুক্তৰ (ETV Bharat)

জিলাখনৰ পূব ননৈ মাধৱ কন্দলি হাইস্কুল, আমনি তিনিআলি মাধৱদেৱ হাইস্কুল আৰু শিঙৰী হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ শূন্য । ইয়াৰ সমান্তৰালকৈ আন ৩৬ খনকৈ বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ অতি পুতৌজনক হোৱাত মুঠ ৩৯ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক তলব কৰিছে জিলা আয়ুক্তগৰাকীয়ে । বিদ্যালয়ত দহগৰাকীতকৈ অধিক শিক্ষক নিয়োজিত হৈ থকাৰ পাছতো ফলাফল শূন্য হৈছে কেবাখনো বিদ্যালয়ত ।

আনহাতে পৰ্যাপ্ত শিক্ষক থকাৰ পাছতো কেবাখনো বিদ্যালয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখুৱাব পৰা নাই ভাল ফলাফল । যাৰ বাবে খৰ্গহস্ত হৈ ফলাফল বেয়া হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলিৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিদ্যালয়সমূহৰ পৰিদর্শকক নিৰ্দেশ দিয়ে জিলা আয়ুক্তগৰাকীয়ে ।

বৃহস্পতিবাৰে ফলাফল শোচনীয় হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকক তলব কৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই একপ্ৰকাৰ সকীয়নী প্ৰদান কৰি কয়, “চৰকাৰী বিদ্যালয়ৰ শিক্ষকক ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈ অধিক দৰমহা দিয়া হয় । গতিকে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক গঢ় দিবই লাগিব । নগাঁৱৰ ফলাফল শূন্য বিদ্যালয়ৰ প্ৰধান শিক্ষকক বদলি কৰা হ’ব । এনেক্ষেত্ৰত ৰাজনীতিৰ কোনো হস্তক্ষেপ নচলিব । প্ৰয়োজনত মুখ্যমন্ত্ৰীৰ সৈতে নিজে আলোচনা কৰিম ।’’

উত্তীৰ্ণৰ হাৰ শূন্য হোৱা নগাঁৱৰ তিনিখন বিদ্যালয়ৰ লগতে শোচনীয় ফলাফল প্ৰদৰ্শন কৰা আন ৩৬ খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক তলব কৰি সকিয়নী প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত ভাল ফলাফলৰ বাবে নিষ্ঠাৰে কৰ্তব্য পালন কৰিবলৈও আহ্বান জনায় নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । বিদ্যালয়ৰ প্ৰধান শিক্ষক, শিক্ষকৰ সন্মিলিত প্ৰচেষ্টাত পৰৱৰ্তী সময়ত প্ৰতিখন বিদ্যালয়তে শৈক্ষিক পৰিৱেশ গঢ়ি তুলি সুন্দৰ ফলাফলৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়ি তোলাৰ বাবেও আহ্বান জনায় জিলা আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ বাবেই আমাৰ মেট্ৰিকৰ ফলাফল বেয়া হৈছে : প্ৰধান শিক্ষয়িত্ৰী

Last Updated : April 24, 2026 at 9:55 AM IST