ETV Bharat / state

ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাৰখানাই বিপদ মাতিছে জনসাধাৰণৰ জীৱনলৈ ! হাওঁফাওঁৰ সমস্যা দেখা দিছে বহু লোকৰ

আলকতৰা, বিতুমিন মিক্সাৰ কাৰখানাৰ বাবে দাঁতিকাষৰীয়া বহু লোক আক্ৰান্ত হৈছে হাওঁফাওঁজনিত ৰোগত ৷ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ব্যৰ্থতা উদঙাই জিলা প্ৰশাসনে ছীল কৰিলে তিনিটাকৈ কাৰখানা ৷

FACTORY SEALED IN NAGAON
ঠিকাদাৰ প্ৰতিষ্ঠানৰ কাৰখানাই বিপদাপন্ন কৰিছে জনসাধাৰণৰ জীৱন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 13, 2025 at 12:45 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : এটা দুটা নহয়, তিনিটাকৈ কাৰখানাই বিপদাপন্ন কৰিছে এটা বৃহৎ অঞ্চলৰ জনসাধাৰণৰ জীৱন ৷ কেৱল জনসাধাৰণৰ জীৱনেই নহয়, এখন নৈকো অপচয় হোৱা অৱর্জনাৰে কদৰ্যময় কৰি তুলিছে ৷ নগাঁৱৰ প্ৰভাৱশালী ঠিকাদাৰ প্ৰতিষ্ঠানৰ কাৰখানাই জনসাধাৰণৰ জীৱনলৈ বিপদ মাতি প্ৰদূষণ মুক্ত কোনো প্ৰমাণপত্ৰ নোহোৱাকৈয়ে চলাই আছিল তিনিটাকৈ কাৰখানা ৷

কাৰখানা তিনিটা প্ৰভাৱশালী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী নাহাটা আৰু জৈন উপাধিৰ ৷ নগাঁও জিলাৰ পুৰণিগুদামত থকা বিটুমিন আলকতৰা মিক্সাৰ কাৰখানাৰ পৰা সৃষ্টি হোৱা প্ৰদূষণৰ ফলত স্থানীয় ৪০ (চল্লিশ) শতাংশ লোকেই হাওঁফাওঁজনিত ৰোগত আক্রান্ত হৈছে ৷ প্ৰদূষণ নিয়ন্ত্ৰণৰ কোনো নীতি-নিয়ম নামানি চলাই থকা কাৰখানাত অৱশেষত পৰিল নগাঁও জিলা প্ৰশাসনৰ চকু ৷

ঠিকাদাৰ প্ৰতিষ্ঠানৰ কাৰখানাই বিপদাপন্ন কৰিছে জনসাধাৰণৰ জীৱন (ETV Bharat Assam)

স্থানীয় লোকৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত নগাঁও জিলা প্ৰশাসনে শুকুৰবাৰে বিয়লি এক অভিযান চলাই কাৰখানা তিনিটাৰ বহু অনিয়ম ধৰা পেলায় ৷ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত জিলা সহকাৰী আয়ুক্তৰ দায়িত্বত থকা প্ৰৱেশ্যনেৰী আই এ এছ বিষয়া তেজশ অগ্নিহোত্ৰীৰ নেতৃত্বত এটা দলে অভিযান চলাই ছীল কৰি দিয়ে কাৰখানা তিনিটা ৷

FACTORY SEALED IN NAGAON
ঠিকাদাৰ প্ৰতিষ্ঠানৰ কাৰখানাই বিপদাপন্ন কৰিছে জনসাধাৰণৰ জীৱন (ETV Bharat Assam)

জিলাখনত প্ৰদূষণ সৃষ্টি কৰি চলাই থকা তিনিটাকৈ কাৰখানা জিলা প্ৰশাসনে ছীল কৰা সন্দৰ্ভত ইটিভি ভাৰতৰ সন্মুখত মন্তব্য কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ৷ এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে কয়, “পুৰণিগুদাম অঞ্চলৰ ৰাইজৰ এটা অভিযোগ আছিল যে অঞ্চলটোত আলকতৰা বিটুমিন মিক্সিং কাৰখানা থকা বাবেই এটা কদৰ্যময় পৰিবেশৰ সৃষ্টি হৈছে ৷ অঞ্চলটোৰ প্ৰায় ৪০ শতাংশ লোকেই একেধৰণৰ হাওঁফাওঁজনিত ৰোগত আক্রান্ত হৈছে ৷ লগতে কাৰখানাৰ সকলো অপচয় আৱৰ্জনা কলং নৈত পেলাই নৈখন কদৰ্যময় কৰি তুলিছে ৷"

FACTORY SEALED IN NAGAON
ঠিকাদাৰ প্ৰতিষ্ঠানৰ কাৰখানাই বিপদাপন্ন কৰিছে জনসাধাৰণৰ জীৱন (ETV Bharat Assam)

তেওঁ লগতে কয়, "প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰমাণপত্ৰ কেতিয়াবাই ম্যাদ উকলিছে যদিও প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডেই এই কথা উপলব্ধি কৰা নাই ৷ তেওঁলোকৰ তৎপৰতা আমি দেখিব লাগিব ৷ নগাঁও প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ কৰণীয় আছে ৷ ১ নম্বৰ প্লেনটোৰ কোনো অনুজ্ঞাপত্ৰই নাই ৷ ঋষভ জৈন আৰু নাহাটা নামৰ দুগৰাকী ভদ্ৰ লোকে চলাই আছে কাৰখানাকেইটা ৷ জিলা প্ৰশাসনৰ বিষয়াই উপস্থিত হৈ কাৰখানা তিনিটাৰ অনিয়ম ধৰা পেলাই তিনিওটা কাৰখানা বন্ধ কৰি দিয়া হয় ৷ কাৰখানা তিনিটাৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷”

FACTORY SEALED IN NAGAON
ঠিকাদাৰ প্ৰতিষ্ঠানৰ কাৰখানাই বিপদাপন্ন কৰিছে জনসাধাৰণৰ জীৱন (ETV Bharat Assam)

তেওঁ লগতে কোনো নীতি-নিয়ম নমনাকৈ প্ৰদূষণ সৃষ্টি কৰি কাৰখানা চলাই থকাত অশ্চৰ্য প্ৰকাশ কৰি বোৱতী নৈ এখনত লেতেৰা আৱৰ্জনা পেলাই কদৰ্য কৰাৰ লগতে জনসাধাৰণৰ স্বাস্থ্যলৈ বিপদ মতা এনে কাম কোনো কাৰণতেই কৰিবলৈ দিয়া নহ’ব বুলিও সকীয়াই দিয়ে ৷

লগতে পঢ়ক : ইণ্ডিয়ান অইলৰ পেট্ৰ'ল পাম্পত তলা ওলমালে প্ৰশাসনে