ডাঙৰ ডাঙৰ মানুহেৰে ভৰি পৰিছে চিমু দাসৰ উৰুখা পঁজা: জিলা আয়ুক্তৰো বিশেষ পদক্ষেপ
ই টিভি ভাৰতত সম্প্ৰচাৰ হৈছিল চিমু দাসৰ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাতৰি ৷

Published : December 9, 2025 at 7:07 PM IST
নগাঁও : দৃষ্টিহীন মহিলা বিশ্বকাপত উজলি উঠা নগাঁৱৰ চিমু দাসৰ বাসগৃহত মঙলবাৰে উপস্থিত হয় নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । ইতিমধ্যে শ্ৰীলংকাত অনুষ্ঠিত হোৱা দৃষ্টিহীন মহিলা T20 ত বিজয় ধ্বজা উৰুৱাই দেশবাসীক গৌৰাম্বিত কৰিছে ভাৰতীয় দৃষ্টিহীন মহিলা দলৰ খেলুৱৈ চিমু দাসে ৷
চিমুৱে লোকৰ ভেঁটিৰ এটা ভগা পঁজাৰ পৰাই কৰিছে বিশ্বজয়ৰ যাত্ৰা । থাকিবলৈ চিমু দাসৰ পৰিয়ালৰ আছে মাত্ৰ এটা ভগা পঁজা । জৰাজীৰ্ণ ঘৰটোও আছে লোকৰ ভেঁটিতহে । স্থানীয় এগৰাকী শিক্ষকে পৰিয়ালটোক আশ্ৰয় দিছে ।
চিমু দাসৰ ককায়েকৰ শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবেই তেওঁৰ জন্মৰ তিনিমাহ পূৰ্বেই তেওঁলোকৰ পিতৃয়েও পৰিয়ালটোক এলাগী কৰি আঁতৰি গৈছিল । তেওঁলোকৰ মাতৃয়ে লোকৰ ঘৰত কাম কৰি চলাই আহিছে পৰিয়ালটো ।

শেহতীয়াকৈ বিশ্ব দৰবাৰত উজলি উঠা চিমু দাসৰ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বিস্তৃত বাতৰি প্ৰকাশ পাইছিল ই টিভি ভাৰতত । ই টিভি ভাৰতত বিশ্বজয় কৰা চিমু দাসৰ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে মঙলবাৰে তেওঁলোকৰ বাসগৃহত উপস্থিত হয় নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ।

প্ৰথমে চিমু দাসক অভিনন্দন জ্ঞাপন কৰে জিলা আয়ুক্তগৰাকীয়ে । লগতে চিমু দাসৰ পৰিয়লটোৱে বসবাস কৰা ঘৰটোৰ ভেঁটিৰ মালিকৰ সৈতেও আলোচনাত মিলিত হয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মা । চিমু দাসৰ শৈশৱৰ স্মৃতি বিজড়িত ঘৰটোৰ ভেঁটি চিমু দাসৰ পৰিয়ালক বিক্ৰী কৰিবলৈ ভেঁটিটোৰ মালিকক প্ৰস্তাৱ আগবঢ়াই জিলা আয়ুক্তগৰাকীয়ে ।

উল্লেখ্য যে, এখন ভিতৰুৱা গাঁৱৰ এটা ভগা পঁজাৰ পৰা গৈ বিশ্ব দৰবাৰত সফলতা বুটলি আনিবলৈ সক্ষম হোৱা চিমু দাসক লৈ আজি গৌৰৱাম্বিত গাঁওবাসী হৈ পৰিছে উৎফুল্লিত । কঠীয়াতলীৰ কছাৰীগাঁৱৰ চিমু দাস এতিয়া নগাঁৱৰ লগতে অসম তথা ভাৰতৰেই গৌৰৱ হৈ পৰিছে ।

