আজি অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান
২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল নৃশংস ঘটনাটো । প্ৰায় ৮ বছৰৰ পিছত সোমবাৰে আদালতে চূড়ান্ত ৰায় দিব ।

Published : April 20, 2026 at 8:31 AM IST
|Updated : April 20, 2026 at 12:02 PM IST
নগাঁও : প্ৰায় ৮ বছৰৰ অপেক্ষাৰ অন্তত সোমবাৰে অৰ্থাৎ আজি আদালতে অভি-নীল হত্যাকাণ্ড গোচৰৰ চূড়ান্ত ৰায় দিব । নগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দিব এই ৰায় । যোৱা ১৩ মাৰ্চত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তিম শুনানি হৈছিল । ইতিমধ্যে গোচৰটোত নগাঁও আদালতে আৰক্ষীসহ ৭১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছে ।
উল্লেখ্য যে, ২০১৮ চনৰ ৮ জুনত অসমৰ ইতিহাসৰ অন্যতম নৃশংস আৰু হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছিল । কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দুই যুৱক ক্ৰমে নিলোৎপল দাস আৰু অভিজিৎ নাথ একাংশ উন্মাদ লোকৰ আক্ৰমণৰ বলি হৈছিল । জীৱন ৰক্ষাৰ বাবে চিঞৰি চিঞৰি কাতৰ অনুৰোধ কৰিও উন্মাদ লোকসকলৰ পৰা ৰেহাই পোৱা নাছিল প্ৰতিভাৱান যুৱক দুজনে ।
ডকমকাৰ সেই ঘটনাই কেৱল অসম বা ভাৰততে নহয় বিভিন্ন দেশতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । অভি-নীলৰ ন্যায়ৰ দাবীত প্ৰতিবাদ চলি থাকিল । তাৰ পিছতে ডিফু আৰক্ষীয়ে ৩৩/২০১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত তীব্ৰতৰ কৰি তোলে । আৰক্ষীয়ে ৪৮ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে । তাৰ ভিতৰত ৩ গৰাকী নাবালক হোৱাৰ বাবে জুভেনাইললৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে ঘটনাৰ এমাহৰ ভিতৰতে ৮০০ পৃষ্ঠাজোৰা অভিযোগনামাও দাখিল কৰে ।
৭ বছৰৰো অধিক সময় গোচৰটোৰ শুনানি চলাৰ পিছত আদালতে চূড়ান্ত ৰায়দানৰ দিন নিৰ্ধাৰণ কৰে । সোমবাৰে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে চূড়ান্ত ৰায় দিব । অভি-নীলৰ পৰিয়ালৰ লগতে ৰাজ্যবাসী এই দিনটোলৈ গভীৰ আগ্ৰহেৰে ৰৈ আছিল । কিয়নো এই ঘটনা আছিল অসমৰ ইতিহাসৰ অতি জঘন্য ঘটনা । যাক কোনেও সহজভাৱে ল'ব পৰা নাছিল । অৱশ্যে আদালতে কি ৰায় প্ৰদান কৰে তাক লৈ সকলোৱে অপেক্ষা কৰি আছে ।
ইফালে নগাঁও আদালতত হাজিৰ কৰোৱা হৈছে এই ঘটনাৰ অভিযুক্তসকলক । সমান্তৰালকৈ দুয়োপক্ষৰ অধিবক্তাও আদালতত উপস্থিত হৈছে । অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়া আদালতত উপস্থিত হৈ কয়, "আশা কৰোঁ বেছি সংখ্যক লোক মুকলি হ'ব লাগে । মোৰ মতে সকলোৱে মুকলি হ'ব লাগে । মই আশা কৰোঁ শাস্তি হ'লেও নূন্যতম শান্তি হ'ব লাগে ।" ভুক্তভোগী পক্ষৰো অধিবক্তা জিয়াউৰ কামাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "মহামান্য আদালতে কি ৰায়দান দিয়ে আমি অপেক্ষা কৰি আছোঁ । আজি দোষী নে নিৰ্দোষী বা দোষী যদি কিমানজন দোষী সেয়া ৰায় দিব ।"

লগতে পঢ়ক : ৭ বছৰ, ৯ মাহ, অৱশেষত ন্যায়ৰ মুখ দেখিব অভি-নীলৰ পৰিয়ালে

