ETV Bharat / state

যোৰহাটৰ বাইপাছত নাগালেণ্ডৰ বাহনক আগচি চালকক ঘপিয়ালে দাৰে

সামান্য কথাতে বহিঃৰাজ্যৰ চালকক আক্ৰমণ স্থানীয় মেজিক চালকৰ ।

Nagaland driver attacked
সামান্য কথাতে বহিঃৰাজ্যৰ চালকক আক্ৰমণ স্থানীয় মেজিক চালকৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 7:49 AM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : যোৰহাটৰ ৰাজপথত চাঞ্চল্যকৰ ঘটনা । দিন-দুপৰতে বহিঃৰাজ্যৰ চালকক আক্ৰমণ স্থানীয় মেজিক চালকৰ । গুৰুতৰভাৱে আহত যাত্ৰীবাহী ট্ৰেভেলাৰৰ চালক । যোৰহাটৰ মালৌআলিৰ সমীপতে সংঘটিত হৈছে এই ঘটনা ।

বৃহস্পতিবাৰে নাগালেণ্ডৰ কহিমাৰ পৰা AS-33-C-1603 নম্বৰৰ এখন ট্ৰেভেলাৰ যাত্রীসহ ৰাষ্ট্রীয় উপ-পথেৰে (মালৌ আলি বাইপাছ) মন জিলা অভিমুখে গৈ আছিল । সেই সময়তে যোৰহাটৰ আই এছ বি টি আৰক্ষী চকীৰ অধীনৰ মালৌআলিৰ সমীপত এজন মেজিক চালকৰ সৈতে সামান্য কথাতে ট্ৰেভেলাৰ চালকৰ তৰ্ক-বিতৰ্ক হয় ।

নাগালেণ্ডৰ চালকক আক্ৰমণ (ETV Bharat Assam)

ট্রেভেলাৰখনে মেজিকখনক অতিক্রম কৰা কার্যতে ক্ষোভিত হৈ পৰে AS-03-CC-7600 নম্বৰৰ মেজিকখনৰ চালকজন । যাৰ বাবে তীব্রবেগেৰ গৈ ট্রেভেলাৰখনক আগভেটি ধৰে । কেৱল সিমানতে সন্তুষ্ট নাথাকি মেজিক চালকজনে ট্রেভেলাৰ চালক টাংগাম কন্যাকক এখন দাৰে আক্রমণ কৰে । ফলত নাগালেণ্ডৰ ট্ৰেভেলাৰ চালকজন গুৰুতৰভাৱে আহত হয় । এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ট্ৰেভেলাৰখনত থকা নগা যাত্ৰীসকল আতংকিত হৈ পৰে আৰু আৰক্ষীক খবৰ দিয়ে ।

Nagaland driver attacked
আক্ৰমণকাৰী মেজিক চালক নয়নজ্যোতি শইকীয়া (ETV Bharat Assam)

পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ট্ৰেভেলাৰৰ আহত চালকজনক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় । ট্ৰেভেলাৰখনত যাত্ৰা কৰি থকা এগৰাকী মহিলাৰ মোবাইলত এই আক্ৰমণৰ ঘটনা বন্দী হয় ।

Nagaland driver attacked
আৰক্ষীৰ কাষ চাপিছে আতংকিত ট্ৰেভেলাৰৰ যাত্ৰীসকল (ETV Bharat Assam)

এই ঘটনা সংঘটিত কৰিয়েই মেজিক চালকজনে পলায়ন কৰে যদিও কিছু সময়ৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । অভিযুক্ত চালকজন যোৰহাটৰ পটীয়াগাঁৱৰ নয়নজ্যোতি শইকীয়া বুলি জানিব পৰা গৈছে । এই ঘটনাই যোৰহাটত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ।

Nagaland driver attacked
নাগালেণ্ডৰ ট্ৰেভেলাৰখন (ETV Bharat Assam)

অভিযোগ অনুসৰি যোৰহাট নগৰত অটো-মেজিক আদিৰ দৌৰাত্ম বৃদ্ধি পাইছে । চহৰৰ মাজমজিয়াত অনিয়ন্ত্রিত অটো-মেজিক জাতীয় বাহনৰ দৌৰাত্মৰ বাবে দৈনিক পথ দুৰ্ঘটনা সংঘটিত হোৱাও দেখা গৈছে । কিন্তু এনেদৰে যোৰহাটৰ ৰাজপথত বহিঃৰাজ্যৰ চালকক আক্ৰমণ কৰা ঘটনাই লজ্জানত কৰিছে ৰাজ্যবাসীক । অৱশ্যে মেজিক চালকৰ আক্ৰমণৰ উদ্দেশ্য আন কিবা আছিল নেকি সেই কথা জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তৰ পিছতহে গম পোৱা যাব ।

লগতে পঢ়ক :জি এছ টি দলে ঠিকাদাৰৰ বাসগৃহত চলালে অভিযান