ETV Bharat / state

সীমান্তত চি আৰ পি এফক নগাৰ আক্ৰমণ; দল-সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া

অসম-নাগালেণ্ড সীমান্তত নগাই অবৈধভাৱে স্থাপন কৰা পেট্ৰ'ল পাম্প বন্ধ কৰিবলৈ যোৱা চি আৰ পি এফক দলবদ্ধ আক্ৰমণ ।

Assam Nagaland border dispute
সীমান্তত চি আৰ পি এফক নগাৰ আক্ৰমণক লৈ প্ৰতিক্ৰিয়া দল-সংগঠনৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 10:55 AM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ : অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন । সীমান্তত কৰ্তব্যৰত চি আৰ পি এফক নগাৰ দলবদ্ধ আক্ৰমণৰ ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । একেমুখে সকলোৱে চৰকাৰক গৰিহণা দিছে । সীমান্ত বিবাদ সমাধান কৰিব নোৱাৰাক লৈ চৰকাৰক কঠোৰ সমালোচনাও কৰিছে দল-সংগঠনসমূহে ।

এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ নেতা ৰাজু ফুকনে কয়, "অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ চেইনপুৰত নগাই দা, লাঠি, কেটেপা লৈ চি আৰ পি এফক আক্ৰমণ কৰিলে । নগাই এটা পেট্ৰ'ল পাম্প স্থাপন কৰিছিল, তাক বাধা দিবলৈ গৈছিল চি আৰ পি এফ । এখন গাঁও উঠি আহি আক্ৰমণ কৰিছে । আজিৰ সময়ত ইমান শক্তিশালী চি আৰ পি এফ বাহিনীয়েই যদি এই আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছে তেনেহ'লে সীমান্তবাসী ৰাইজ কেনেদৰে থাকিবলগীয়া হৈছে ৰাইজে গুৰুত্ব দিয়ক ।"

সীমান্তত চি আৰ পি এফক নগাৰ আক্ৰমণক লৈ প্ৰতিক্ৰিয়া দল-সংগঠনৰ (ETV Bharat)

নেতাজনে লগতে কয়, "প্ৰতিটো মুহূৰ্ততেই নগাই আক্ৰমণাত্মক মনোভাৱ লৈ আছে । কেনেকৈ অসমৰ মাটি দখল কৰিব পাৰি, তাত শেনচকু দি ৰাখিছে নগাই । চুঙাজানত এখন গেট স্থাপন কৰিলে নগাই । যিখন গেটৰ তলেদি এতিয়া অসমীয়া মানুহ অহা-যোৱা কৰিবলগীয়া হৈছে । এনেদৰে নগাই অসমৰ মাটি অধিগ্ৰহণ কৰিব ধৰিছে । তাক অসম চৰকাৰে বাধা প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নাই, জিলা প্ৰশাসনেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সীমান্ত দণ্ডাধীশ বুলি থকা পদবীৰ লোকেও যিদৰে কাম-কাজ কৰিব লাগে কৰা পৰিলক্ষিত হোৱা নাই ।"

চৰকাৰ তথা সীমান্ত উন্নয়ম মন্ত্ৰীক উদ্দেশ্যি ৰাজু ফুকনে কয়, "সীমান্ত উন্নয়ন মন্ত্ৰীগৰাকী যে সীমান্তৰ উন্নয়ন কৰা, ৰাইজক সুৰক্ষা প্ৰদান কৰাত ব্যৰ্থ হৈছে সেই কথা স্পষ্ট । সীমান্তৰ ৰাইজ আজি ভীতিগ্ৰস্ত হৈছে, ভয়ত থাকিবলগীয়া হৈছে । য'ত চি আৰ পি বাহিনীৰেই তেনে অৱস্থা, ৰাইজৰ কি হ'ব ? এই কথা অসম চৰকাৰে বুজি পোৱা নাই । চৰকাৰলৈ অনুৰোধ সীমান্তৰ ৰাইজক নিৰাপত্তা প্ৰদান কৰক, মাটিৰ পট্টা প্ৰদান কৰক । অন্যথা নগাই মাটি দখলৰ আগ্ৰাসী মনোভাৱ লৈ থাকিব ।"

সীমান্তৰ ঘটনাক লৈ আন আন দল-সংগঠনৰো প্ৰতিক্ৰিয়া অব্যাহত আছে । উৰিয়ামঘাট চুতীয়া ছাত্ৰ সন্থাৰ এজন নেতাই কয়, "দিনক দিনে নগাৰ উপদ্ৰৱ বৃদ্ধি পাইছে । সীমান্তৰ সুৰক্ষাত থকা চি আৰ পি এফকেই তেওঁলোকে লাঠি, কেটেপা, চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰিবলৈ উদ্যত হৈছে । তেনেক্ষেত্ৰত আমাৰ সীমান্তৰ ৰাইজৰ সুৰক্ষা নাই । অসম চৰকাৰ, ভাৰত চৰকাৰলৈ অনুৰোধ যে ইয়াৰ স্থায়ী সমাধান কৰিব বুলি আশা কৰিছো ।"

উল্লেখ্য যে, শনিবাৰে গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী চেইনপুৰত এই ঘটনা সংঘটিত হৈছিল । এটা পেট্ৰ'ল পাম্পক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছিল উক্ত ঘটনাটো । প্ৰায় দুবছৰ পূৰ্বেই নগাই নিৰ্মাণ কৰা এই পেট্ৰ'ল পাম্পটো দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ হস্তক্ষেপত বন্ধ কৰি থোৱা হৈছিল ।

কিন্তু বৰ্তমান অসমৰ ভূমিত নগাই স্থাপন কৰা পেট্ৰ'ল পাম্পটো অসম চৰকাৰ তথা সৰুপথাৰ সমজিলা সীমান্ত দণ্ডাধীশৰ অনুমতিৰ অবিহনে আৰম্ভ কৰিছে নগাই । চি আৰ পি এফয়ে বাধা প্ৰদান কৰিবলৈ গৈছিল আৰু তেতিয়াই নগাই তেওঁলোকক চোকা অস্ত্ৰৰে দলবদ্ধভাৱে আক্ৰমণৰ লক্ষ্য কৰিবলৈ উদ্যত হয় ।

এই ঘটনাই সমগ্ৰ অসমকে জোকাৰি গৈছে । সম্ভৱতঃ অসম-নাগালেণ্ড সীমান্তত চি আৰ পি এফক দলবদ্ধ আক্ৰমণৰ ঘটনা এয়াই প্ৰথম । নগাৰ কথাই যেন সীমান্তত আইন । কিয়নো নগাই অসমৰ ভূমিত নাগালেণ্ড জিলাৰ নাম দি গেট স্থাপন কৰিব পাৰে, অসমৰ বন বিভাগে ৰোপণ কৰা গছপুলি কাটি পেলাব পাৰে, অসমৰ ভূমিত থকা গৃহত অগ্নি সংযোগ কৰিব পাৰে, অসমৰ খিলঞ্জীয়া লোকক অপহৰণ কৰাৰ চেষ্টা চলাব পাৰে, সীমান্তৰ লোকক ভয়-ভাবুকিও প্ৰদান কৰিব পাৰে । এনে পৰিস্থিতিত হাতত অস্ত্ৰ থাকিও পিছুৱাই আহিবলৈ বাধ্য চি আৰ পি এফ । প্ৰশ্ন হ'ল ইমানবোৰ দেখাৰ পিছতো এতিয়ালৈ চৰকাৰ কিয় নিমাত ?

লগতে পঢ়ক :সীমান্তত সশস্ত্ৰ চি আৰ পি এফক দা-লাঠিৰে আক্ৰমণ নগাৰ