মানুহ নাথাকিলেও সময়মতেই আপোনাৰ শাক-পাচলিৰ খেতিডৰাই পানী পাব
খেতিত পানী দিয়া যন্ত্ৰ উদ্ভাৱন নৱজিৎ ভৰালীৰ । স্বয়ংক্ৰিয়ভাৱে দিব পাৰিব পানী ।

Published : November 17, 2025 at 5:19 PM IST
ধেমাজি : আপুনি কম মাটিত খেতি কৰিছে নেকি ? অট্টালিকাৰ চাদৰ ওপৰত অথবা ঘৰৰ সন্মুখতেই কম মাটিত খেতি কৰাৰ পিছত শাক-পাচলিত পানী দিয়াত সমস্য়াৰ সন্মুখীন হৈছে নেকি ? যদি তেনে সমস্য়াৰ সন্মুখীন হৈছে তেতিয়াহ'লে এতিয়া আৰু চিন্তা নাই । শাক-পাচলিৰ খেতিত পানী দিবলৈ এতিয়া আৰু চিন্তা কৰিবলগীয়া নাই । কাৰণ অসমৰেই এগৰাকী উদ্ভাৱকে প্ৰস্তুত কৰি উলিয়াইছে এনে এটি যন্ত্ৰ যাৰ সহায়ত স্বয়ংক্ৰিয়ভাৱে দিব পাৰিব পানী ।
ধেমাজিৰ ৰাষ্ট্ৰপতি পুৰষ্কাৰপ্ৰাপ্ত উদ্ভাৱক নৱজিৎ ভৰালীয়ে শেহতীয়াকৈ উদ্ভাৱন কৰিছে বায়ুমণ্ডলৰ জলীয় বাষ্পৰ পৰা পানী সৃষ্টি কৰা যন্ত্ৰ ৷ কৃষকৰ মুখত হাঁহি বিৰিঙিয়াব এটা বিশেষ যন্ত্ৰটোৱে । পাচলিবাৰীত এই যন্ত্ৰটোৱে স্বয়ংক্ৰিয়ভাৱে যোগান ধৰিব পানী । সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ক্ষেত্ৰতো আহিছে অভাৱনীয় পৰিৱৰ্তন । বিশেষকৈ কম মাটিত পাচলি খেতি কৰা কৃষকসকলে অথবা পানীৰ অভাৱত থকা অঞ্চলৰ লোকে এই বিশেষ যন্ত্ৰটোৰ সহায়ত পাচলিবাৰীত পানী যোগান ধৰিব পাৰিব ।
কেনেকৈ সৃষ্টি হয় পানী ?
এই যন্ত্ৰটোৱে বায়ুমণ্ডলৰ পৰা জলীয় বাষ্পক ঘণীভূত কৰি পানী হিচাপে সংগ্ৰহ কৰে । যন্ত্ৰৰ ভিতৰত থকা শীতল পৃষ্ঠত বায়ুৰ জলীয় বাষ্পক ঘনীভূত কৰে ৷ ঘনীভূত হোৱা পানীৰ ফোঁটাবোৰ পিছত একত্ৰিত হৈ পাত্ৰত জমা হয় ৷ জলীয় বাষ্পৰ পৰা পানী তৈয়াৰ কৰা যন্ত্ৰক বায়ুৰ পৰা পানী নিৰ্গত কৰা যন্ত্ৰ (Air to water generator) বুলি কোৱা হয় ৷ বায়ুমণ্ডলৰ জলীয় বাষ্পৰ ওপৰত ইয়াৰ কাৰ্যকৰিতা নিৰ্ভৰ কৰে । সেয়ে নাৰ্চাৰীত অথবা পথাৰত ইয়াক স্থাপন কৰিলে মানুহ অবিহনে এই যন্ত্ৰই পানী যোগান ধৰিব পাৰিব ৷

সময়ৰ লগত খেতিয়কসকলে মিলিব পৰাকৈ কম খৰচত ক্ৰয় কৰি পৰা এই যন্ত্ৰটো উদ্ভাৱন কৰিছে ধেমাজিৰ ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক যুৱ উদ্ভাৱক নৱজিৎ ভৰালীয়ে ৷ এইক্ষেত্ৰত তেওঁ কয়, “মই এটা বিশেষ যন্ত্ৰ উদ্ভাৱন কৰিছো । ই বতাহৰ বায়ুমণ্ডলৰ জলীয়বাস্প ধৰি ৰাখি পানীলৈ ৰূপান্তৰিত কৰে ৷ যিবিলাক অঞ্চলত বৰষুণৰ পৰিমাণ কম হয় তাত এই যন্ত্ৰটো ব্যৱহাৰ কৰিব পৰা যায় । নাৰ্চাৰীবিলাকত পানী দিবলৈ ব্যৱহাৰ কৰিব পাৰি ৷ এইক্ষেত্ৰত এই যন্ত্ৰটো ব্যৱহাৰৰ উপযোগী হৈ উঠিব ৷ আজিকালি প্লাষ্টিকৰ টাব আদিত বিলাহী, বেঙেনাৰ লগতে বিভিন্ন খেতি কৰে ৷ "
"যিসকলৰ মাটি কম তেওঁলোকে চাদৰ ওপৰত খেতি কৰে ৷ এই খেতি যথেষ্ট লাভজনক যদিও এটা সমস্যা আছে ৷ সমযে সময়ে পানী দি নাথাকিলে খেতিডৰা নষ্ট হয় । লগতে এজন মানুহো জড়িত হৈ থাকিব লাগে ৷ তেনেক্ষেত্ৰত এই যন্ত্ৰটো ব্যবহাৰ কৰিলে বতাহৰ পৰা পানী সৃষ্টি কৰি ই পানী দি থাকিব । “ উদ্ভাৱক নৱজিৎ ভৰালীয়ে এইদৰে কয় ।

কিমান সময় যন্ত্ৰটোৱে পানী দিব ?
এই যন্ত্ৰটোৰ কাৰিকৰী দিশটো মন কৰিবলগীয়া ৷ তেওঁ উল্লেখ কৰা মতে, সুঁতাৰ সহায়ত এজোপা গছে প্ৰয়োজনীয় পানীখিনিহে শোষণ কৰে । সেইদৰে কিমান সময় যন্ত্ৰটোৱে পানী দিব সেইটো সময় নিৰ্ধাৰণ কৰি ল’ব পৰা ব্যৱস্থা আছে ৷ ইয়াক বিদ্যুৎ শক্তিতকৈ সৌৰ শক্তিৰ জৰিয়তে চলাবলৈ অধিক সুবিধাজনক ৷ কিয়নো মাত্ৰ ১২ পইচাতে এক লিটাৰ পানী সৃষ্টি কৰিব পাৰে বুলি তেওঁ কয় ৷ ধেমাজিৰ বৰদলনিৰ মিচামাৰী গাঁৱৰ যুৱক নৱজিৎ ভৰালীয়ে ইয়াৰ পূৰ্বে ১৮বিধ বিভিন্ন যন্ত্ৰ উদ্ভাৱন কৰিছে । এইটো হৈছে তেওঁৰ ১৯ নম্বৰ যন্ত্ৰ ।

উল্লেখ্য যে, ইতিপূৰ্বে যুৱ উদ্ভাৱকগৰাকীয়ে বিশেষভাৱে সক্ষম লোকৰ বাবে Controlled wheel chair, দুই হাত নথকা লোকৰ বাবে Automatic Feeding Machine, ধান, ঘেঁহু, সৰিয়হ মৰণা মৰা যন্ত্ৰ আদিকে ধৰি মুঠ ১৮ বিধ নতুন যন্ত্ৰ উদ্ভাৱন কৰি ৰাষ্ট্ৰপতিৰ পৰা পুৰস্কাৰ পোৱাৰ লগতে আই আই টি গুৱাহাটী, দক্ষিণ কোৰিয়াৰ Soltmc & Riga technical Universuty ৰ পৰা পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে । লগতে Gujarat Energy Innovation Award 2025, HBNCRIIA Award 2023-2024 আদি পুৰস্কাৰ অৰ্জন কৰিবলৈও সক্ষম হৈছে যুৱ উদ্ভাৱকগৰাকী । ইতিমধ্যে Body Controlled wheel chair আৰু Silk Spining Cum Reeling Machineৰ বাবে দুটাকৈ পেটেণ্ট লাভ কৰিছে তেওঁ ৷

