নাওবৈচাৰ ফুকন দলনীত মাংসৰ টোপোলাক লৈ ৰহস্য়: দোষীক শাস্তিৰ দাবী
হিন্দু-মুছলমানৰ মিশ্ৰিত জনবসতিৰে ভৰা অ়ঞ্চলত কোনে পেলালে মাংস ?

Published : June 3, 2026 at 4:39 PM IST
লখিমপুৰ: লখিমপুৰত এটা মাংসৰ টোপোলাই লগাইছে আউল । কোনে ক'ৰ পৰা এই টোপোলাটো আনি পেলাই দিছে সেই কথা পিছে কোনোৱেই জ্ঞাত নহয় । কোনে কি উদ্দেশ্য়ে এই কাৰ্য সম্পাদন কৰিছে সেয়া জানিব পৰা হোৱা নাই বাবে বিষয়টো ৰহস্য়ৰ মাজত সোমাই পৰিছে ।
এই ঘটনাটো যোৱা শুকুৰবাৰে সংঘটিত হৈছে জিলাখনৰ নাওবৈচাৰ ফুকন দলনীত । ফুকন দলনী এলেকাটো হিন্দু-মুছলমানৰ মিশ্ৰিত জনবসতিৰে ভৰা । মাজত এটা সৰু জান । ইপাৰে মুছলনমান আৰু আনটো পাৰে হিন্দু লোকৰ বসতি । অঞ্চলটোত দুই ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা শান্তি-সম্প্ৰীতিৰে বসবাস কৰি আহিছে; কিন্তু যোৱা শুকুৰবাৰে ঘটে এক অথন্তৰ ।
হিন্দু বসতি প্ৰধান অঞ্চলটোত দুঠাইত পৰি আছিল মাংসৰ টোপোলা । কিহৰ মাংস সেয়া নিৰ্ণয় নহ'লেও হিন্দুৰ বাবে নিষিদ্ধ মাংস হ'ব পাৰে বুলি আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে মাংসৰ টোপোলা উদ্ধাৰ কৰি নিয়াৰ পাছত অঞ্চলটোৰ দুয়ো ধৰ্মাৱলম্বী লোক সকলকো মাতি নি বিষয়টো সন্দৰ্ভত আলোচনা কৰে । এনে প্ৰেক্ষাপটত মুছলমান লোকসকলে এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে ।
বুধবাৰে লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰি অঞ্চলটোৰ হাইদৰ আলী, খাজাৰউদ্দিন আহমেদ, মণিৰুদ্দিন, চাহেদ আলী, আব্দুল আলীয়ে এই ঘটনাৰ উচিত তদন্তৰ লগতে দোষী ব্যক্তিক শাস্তি প্ৰদানৰ দাবী জনায় । তেওঁলোকে কয়, "অঞ্চলটোত হিন্দু- মুছলমানে অতীজৰে পৰা শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছে । বৰ্তমানৰ ঘটনাই এনে যাউটিযুগীয়া সম্প্ৰীতিত আঘাত কৰিব পাৰে । সেয়ে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক বিচাৰি উলিয়াই শাস্তি দিব লাগে ।"
তেওঁলোকে পুনৰ কয়, "এইবাৰ চৰকাৰৰ আহ্বান ক্ৰমে অঞ্চলটোত কোনেও গৰু কোৰবাণী দিয়া নাই । ছাগলীহে কোৰবাণী দিছে । চৰকাৰৰ আহ্বান আমি উপেক্ষা কৰা নাই । হিন্দু বসতি প্ৰধান এলেকাত কোনে কি মাংস পেলালে আমি জনা নাই; কিন্তু যিয়েই এনে কাম কৰিছে তাৰ উচিত শাস্তি হ'বই লাগিব । তাৰ বাবে আমি সহযোগ কৰিবলৈ সাজু আছো ।"
লগতে পঢ়ক:তপন বড়োৰ ডাইনিং টেবুলত জাভেদে থলে গো-মাংস... তাৰ পাছত ?

