ETV Bharat / state

কাঠফুলা খেতিয়ে মোক পৃথিৱীখন দেখুৱালে : এগৰাকী সফল উদ্যোগীৰ কথাৰে...

মহিলা সবলীকৰণৰ লক্ষ্যৰে ৩১ বছৰে কাঠফুলাৰ খেতি কৰি ইয়াৰ প্ৰশিক্ষণ দি বিশেষ সমাদৰ বুটলিছে গুৱাহাটীৰ উদ্যোগী প্ৰাঞ্জল বৰুৱাই ।

Mushroom farming
প্ৰাঞ্জল বৰুৱাৰ মাশ্বৰুম প্ৰচেছিং ইউনিটত জাপানাৰ প্ৰতিনিধি দল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 8:34 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : বৰ্তমান সময়ত কাঠফুলা প্ৰায়বোৰ পৰিয়ালৰে পছন্দৰ খাদ্য হৈ পৰিছে । বহু লোকে মাছ, মাংসৰ পৰিৱৰ্তে কাঠফুলাৰ ব্যঞ্জন দৈনিক খাদ্য তালিকাত ৰাখে । নিৰামিষভোজীৰো প্ৰিয় এবিধ খাদ্য । কাঠফুলাৰ পৰা এতিয়া বিভিন্নজনে কেণ্ডি, মিঠাই, কেক আদিও প্ৰস্তুত কৰি সমাদৰ বুটলিছে । এই কাঠফুলাৰ সৈতে জড়িত বহু লোকৰ সফল কাহিনীও আছে । বহু কৃষক তথা উদ্যোগী কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱাই নহয়, বিশ্ব জয় কৰিবলৈ সক্ষম হৈছে । তাৰ ভিতৰত অন্যতম অসমৰ সফল উদ্যোগী হৈছে প্ৰাঞ্জল বৰুৱা । তেওঁৰ সফলতাৰ কাহিনীৰে আমাৰ এই বিশেষ প্ৰতিবেদন ।

বিগত ৩১ বছৰ ধৰি তেওঁ কাঠফুলাৰ খেতিৰ লগত জড়িত হৈ আছে । যি সময়ত অসম তথা গুৱাহাটীত কাঠফুলাৰ প্ৰচলন নাই বুলিয়ে ক'ব পাৰি সেই সময়তে তেওঁ আৰম্ভ কৰিছিল কাঠফুলাৰ খেতি । ১৯৯৪ চনতে গুৱাহাটীত কাঠফুলাৰ খেতি আৰম্ভ কৰা প্ৰাঞ্জল বৰুৱাই দীৰ্ঘদিন ধৰি এই খেতিৰ প্ৰশিক্ষণৰ লগতে ন ন প্ৰযুক্তি বা কৌশলেৰে কাঠফুলা খেতি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । অসমৰ কাঠফুলা খেতিৰ পথ প্ৰদৰ্শক প্ৰাঞ্জল বৰুৱাই ১৯৯৪ চনত লতাশিল অঞ্চলৰ এটা সৰু ঘৰত কাঠফুলা খেতি আৰম্ভ কৰিছিল । মাত্ৰ ৭ হাজাৰ টকা খৰচ কৰি প্ৰথমে কাঠফুলাৰ খেতি আৰম্ভ কৰি পৰৱৰ্তী সময়ত ১৯৯৫ চনত যোৰহাটত অসমৰ প্ৰথম কাঠফুলাৰ গুটি প্ৰস্তুতকাৰী পৰীক্ষাগাৰ স্থাপন কৰিছিল ।

তেওঁ ১৯৯৬ চনৰ পৰাই বাণিজ্যিকভাৱে কাঠফুলাৰ খেতি আৰম্ভ কৰি ৰাজ্যখনত এই খণ্ডৰ বিকাশৰ নতুন দিশ মুকলি কৰিছিল । বৰ্তমান তেওঁ ব্যস্ত হৈ পৰিছে গুৱাহাটীৰ পশ্চিম প্রান্তত থকা আজাৰাৰ ৰাণীগেটৰ পৰা কিছু নিলগৰ স্বজন পাৰাৰ 'জীৱিকা আশ্ৰম'ত । এই সন্দৰ্ভত প্ৰাঞ্জল বৰুৱাই কয়, "কাঠফুলা খেতিয়ে মোক গোটেই পৃথিৱীখন দেখুৱাইছে । ৩১ বছৰ এই খণ্ডটোৰ লগত জড়িত হৈ যি অভিজ্ঞতা লাভ কৰিছো, সেয়া সমাজলৈ ঘূৰাই দিব বিচাৰো । এই ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে মই অশোকা ফেল'শ্বিপসহ একাধিক আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছো ।"

উল্লেখ্য যে বেচৰকাৰী সংস্থা 'মাশ্বৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্বন'ৰ অধীনত ২০২১ চনত গুৱাহাটীৰ ৰাণীৰ স্বজনপাৰাত জীৱিকা আশ্ৰমৰ জৰিয়তে এক নতুন সামাজিক-অৰ্থনৈতিক প্ৰকল্পৰ আৰম্ভ কৰিছে । আশ্ৰমত তেওঁ ২০২৪ চনৰ পৰা ফুড প্ৰচেছিং ইউনিট, মাছৰুম প্ৰচেছিং ইউনিট আৰম্ভ কৰিছে । আশ্ৰমত ইতিমধ্যে প্ৰায় ৪ হাজাৰ লোকক অনলাইন আৰু অফলাইনযোগে কাঠফুলা খেতি আৰু জৈৱিক কৃষিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিছে ।

Mushroom farming
কাঠফুলা খেতিৰে সফলতা অৰ্জন প্ৰাঞ্জল বৰুৱাৰ (ETV Bharat)

তেওঁ কয়, "শেহতীয়াকৈ ৰাণী অঞ্চলৰ দুটা ব্লকৰ ১৮ খন গাঁৱত এক জৰীপ চলোৱা হৈছিল । এই জৰীপত দেখা গৈছে যে ৬০ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু অধিকাংশৰ বাৰ্ষিক আয় ৫০ হাজাৰ টকাতকৈ কম । তদুপৰি এই ১৮ খন গাঁৱৰ ৭৪ শতাংশ কৃষিভূমি জৈৱিক খেতিৰ উপযোগী । এই অঞ্চলত জৈৱিক খাদ্য উৎপাদনৰ জৰিয়তে গুৱাহাটীৰ বজাৰলৈ স্বাস্থ্যসন্মত সামগ্ৰী যোগান ধৰাৰ বিপুল সম্ভাৱনা আছে ।"

Mushroom farming
প্ৰাঞ্জল বৰুৱাৰ মাশ্বৰুম প্ৰচেছিং ইউনিটত জাপানাৰ প্ৰতিনিধি দল (ETV Bharat)

তেওঁ লগতে কয়, "আছাম এগ্ৰ' ইণ্ডাষ্ট্ৰিয়েল ক্লাষ্টাৰ মডেলৰ জৰিয়তে এই ১৮ খন গাঁৱক লৈ অহা ৫ বছৰত কাঠফুলাৰ খেতিৰ উপৰিও জৈৱিক শাক-পাচলি, মচলা, ফুল, মৌ-পালন, সৰিয়হ, বৰা ধান আৰু বেলিফুলৰ খেতিৰ পৰিকল্পনা কৰা হৈছে । ইতিমধ্যে নেক্টাৰৰ (NECTAR) সহযোগত ১০০ গৰাকী কৃষকক লৈ ৬০০-৭০০ বিঘা মাটিত জৈৱিক খেতিৰ প্ৰকল্প আৰম্ভ হৈছে ।"

আনহাতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবে বৰ্তমান গোটেই বছৰ কাঠফুলাৰ খেতি কৰাত অসুবিধা হৈছে বুলি উল্লেখ কৰি প্ৰাঞ্জল বৰুৱাই কয়, "ইয়াৰ সমাধান হিচাপে আইঅ'টি (Internet of Things) আৰু অট'মাইজেশ্বন ইণ্টাৰনেট ব্যৱহাৰ কৰি কম খৰচৰ প্রযুক্তি বিকাশ কৰা থকা হৈছে । এই বছৰৰ ভিতৰত কাৰ্যকৰী হ'ব । ইয়াৰ জৰিয়তে কৃষকসকলে কম খৰচত তাপমাত্রা, আৰ্দ্ৰতা আৰু কাৰ্বন ডাই-অক্সাইড নিয়ন্ত্ৰণ কৰি গোটেই বছৰ কাঠফুলা উৎপাদন কৰিব পৰিব ।"

Mushroom farming
প্ৰাঞ্জল বৰুৱাৰ মাশ্বৰুম প্ৰচেছিং ইউনিটত জাপানাৰ প্ৰতিনিধি দল (ETV Bharat)

কাঠফুলাৰ খেতি আৰু এই ক্ষেত্ৰত বিভিন্নজনক দিয়া প্ৰশিক্ষণ সন্দৰ্ভত বিশিষ্ট উদ্যোগীগৰাকীয়ে কয়, "বৰ্তমান আমি ১০ বিধ উন্নত প্ৰজাতিৰ কাঠফুলাৰ খেতি কৰি আছো আৰু এই ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হৈছে । তদুপৰি কাঠফুলাৰ পৰা কেণ্ডি, চচেজ আৰু পেটি আদি খাদ্য সামগ্ৰীও প্ৰস্তুত কৰা হয় ।" মাশ্বৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্বনৰ মূল লক্ষ্য মহিলা সৱলীকৰণ, পুষ্টিকৰ খাদ্যৰ সহজলভ্যতা আৰু জৈৱিক কৃষিৰ প্ৰতি মানুহক আকৰ্ষিত কৰা বুলিও তেওঁ উল্লেখ কৰে ।

Mushroom farming
প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত বিভিন্নজনে কাঠফুলা খেতিৰ প্ৰশিক্ষণ লৈছে (ETV Bharat)

এই সন্দৰ্ভত তেওঁ কয়, "এগৰাকী মহিলাই ঘৰত বহিয়েই কাঠফুলা খেতিৰ জৰিয়তে ভাল উপাৰ্জন কৰিব পাৰে । ই প্ৰকৃতিৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ নেপেলায় আৰু স্বাস্থ্যকৰ পুষ্টি যোগায় ।" উল্লেখ্য যে প্ৰাঞ্জল বৰুৱাৰ পৰা দেশ-বিদেশৰ বিভিন্ন কৃষক তথা উদ্যোগীয়ে কাঠফুলাৰ খেতিৰ অনলাইন প্ৰশিক্ষণো গ্ৰহণ কৰিছে । আনকি তেওঁৰ পৰা প্ৰশিক্ষণ লৈ থাইলেণ্ডতো কাঠফুলাৰ খেতি আৰম্ভ কৰিছে বুলি প্ৰাঞ্জল বৰুৱাই উল্লেখ কৰে । শেহতীয়াকৈ জাপানৰ এটা প্রতিনিধি দলে কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্রদান কৰা জীৱিকা আশ্রম পৰিদৰ্শন কৰি মাশ্বৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্বন (এমডিএফ)ৰ উদ্যোগত চলি থকা বিভিন্ন কাম-কাজ, বহনক্ষম উন্নয়ন আদিৰ বুজ লয় ।

আধুনিক প্রযুক্তিৰ দ্বাৰা কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত কিদৰে কাঠফুলাৰ উৎপাদন বৃদ্ধি কৰিব পাৰি সেই বিষয়েও পাৰস্পাৰিক মতবিনিময় কৰে । কেৱল নিজৰ বাবেই নহয় সমাজৰ বাবেও কিবা এটা কৰাৰ ইচ্ছাৰে বিগত ৩১ বছৰে কাঠফুলা খেতিৰ সৈতে জড়িত হৈ বিভিন্ন সংগ্ৰামৰ মাজেৰে সফলতা বুটলিছে প্ৰাঞ্জল বৰুৱাই । আনকো সফলতাৰ বাট দেখুৱাইছে । তেওঁৰ পৰা প্ৰশিক্ষণ লৈ আজি বহু নিবনুৱাই আত্মনিৰ্ভৰশীল হোৱাৰ পথ লৈছে ।

লগতে পঢ়ক :

পেলনীয়া ৰেচম পলুৰ খোলাৰ সৃষ্টিশীল ব্যৱহাৰ : গৱেষণাই দেখুৱাইছে আত্মনিৰ্ভশীলতাৰ নতুন পথ