ETV Bharat / state

হত্যাৰ অভিযোগত অভিযুক্ত যুৱকক মৰিয়াই মৰিয়াই হত্যা ৰঙামাটিত

প্ৰায় এবছৰ পূৰ্বে এটা হত্যাৰ গোচৰত জেললৈ যোৱা বিশাল চাওতাল নামৰ এজন যুৱক শেহতীয়াকৈ জামিনত মুকলি হৈ আহিছিল ৷

murder accused killed
যুৱকক মৰিয়াই মৰিয়াই হত্যা ৰঙামাটিত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 3:12 PM IST

2 Min Read
Choose ETV Bharat

চামগুৰি: আন এক গণ প্ৰহাৰৰ ঘটনাই জোঁকাৰি গৈছে নগাঁও জিলাক ৷ অভি-নীল হত্যাকাণ্ডৰ কৰুণ স্মৃতি এতিয়াও জনতাৰ মনত সজীৱ হৈ থকাৰ মাজতেই জিলাখনৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ৰঙামাটি অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ হত্যাৰ গোচৰত অভিযুক্ত এজন যুৱকক ক্ষুব্ধ জনতাই মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

তথ্য অনুসৰি প্ৰায় এবছৰ পূৰ্বে এটা হত্যাৰ গোচৰত জেললৈ যোৱা বিশাল চাওতাল নামৰ এজন যুৱক শেহতীয়াকৈ জামিনত মুকলি হৈ আহিছিল ৷ নগাঁৱৰ চালনা অঞ্চলত এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰক হত্যাৰ অভিযোগত অভিযুক্ত বিশাল এবছৰ ধৰি কাৰাগাৰত আছিল ৷ কিন্তু জামিনত ওলাই অহাৰ পাছতেই গণৰোষৰ বলি হৈ প্ৰাণ হেৰুৱায় যুৱকজনে ৷

যুৱকক মৰিয়াই মৰিয়াই হত্যা ৰঙামাটিত (ETV Bharat)

স্থানীয় সূত্ৰই জনোৱা মতে, বিশাল চাওতালে নিজৰ স্কুটী লৈ ৰঙামাটি অঞ্চলৰ মাজেৰে গৈ থকা অৱস্থাত তেওঁৰ স্কুটীৰ তেল শেষ হয় ৷ ফলত তেওঁ স্কুটীখন ঠেলি ঠেলি আগুৱাই যাবলৈ ধৰে ৷ কিন্তু সেই সময়তে অঞ্চলটো একাংশ লোকে বিশালক আগুৰি ধৰি পূৰ্বৰ হত্যাকাণ্ড সন্দৰ্ভত সোধা-পোছা কৰে ৷ তাৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু উত্তেজিত লোকসকলে বিশালক নিৰ্মমভাৱে প্ৰহাৰ কৰে ৷ গুৰুতৰভাৱে আহত বিশালক চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতেই তেওঁৰ মৃত্যু ঘটে ৷

ঘটনাৰ খবৰ পোৱাৰ লগে লগে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰঙামাটি অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

এই সন্দৰ্ভত সদৌ অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ এগৰাকী প্ৰতিনিধিয়ে কয়, ‘‘আমি পুৱা গম পালো, মাতৃ-পুত্ৰক হত্যা কৰা ছিমনা বস্তিৰ বিশাল চাওতাল নামৰ যুৱকজনক ৰঙামাটিৰ কছাৰী বস্তিত তেওঁক মাৰি পেলোৱা হৈছে ৷ তেওঁ দোষী সাব্যস্ত হোৱা নাছিল, গতিকে তেওঁক এইদৰে মাৰি পেলোৱাটো গৰিহণাৰ যোগ্য ৷ আমি চাহ জনজাতি ছাত্ৰ সন্থাই এই ঘটনাক গৰিহণা দিছোঁ ৷ তেওঁ যদি দোষী আছিল, তেওঁক মাৰি পেলোৱা সকলো অধিক দোষী ৷ এইক্ষেত্ৰত আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷’’

লগতে পঢ়ক: দহদিনৰ পাছতো মেৰামতি হোৱা নাই চিমেন নদীয়ে ভঙা ৰে’লৰ দলং, ক্ষোভিত জোনাইবাসী