জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন মুম্বাইৰ বিশিষ্ট উদ্যোগপতিৰ
নতুন বছৰৰ আৰম্ভণিতে জুবিন ক্ষেত্ৰত নিউট্ৰেলা ব্ৰেণ্ডৰ স্বত্বাধিকাৰী । ক'লে- "তেওঁ প্ৰাণৰ শিল্পী আছিল ।"

Published : January 3, 2026 at 8:15 PM IST
সোণাপুৰ : সোণাপুৰৰ জুবিন ক্ষেত্ৰত শনিবাৰে উপস্থিত হয় মুম্বাইৰ বিশিষ্ট উদ্যোগপতি দিনেশ সাহৰা । অসমীয়াৰ হিয়াৰ আমঠু, সংগীতৰ মহানায়ক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ নতুন বছৰৰ আৰম্ভণিতে অসমৰ জুবিন ক্ষেত্ৰত উপস্থিত হয় বিশিষ্ট উদ্যোগপতিগৰাকী ।
ইংৰাজী নতুন বছৰৰ আৰম্ভণিতেও জুবিন ক্ষেত্ৰত এক আধ্যাত্মিক আৰু আৱেগিক পৰিৱেশ বিৰাজ কৰিয়ে আছে । নৱবৰ্ষৰ তৃতীয় দিনা পুৱাতেই জুবিন ক্ষেত্ৰত উপস্থিত হৈ মুম্বাইৰ প্ৰসিদ্ধ উদ্যোগপতি, নিউট্ৰেলা ব্ৰেণ্ডৰ স্বত্বাধিকাৰী তথা বিশিষ্ট সামাজিক কৰ্মী দিনেশ সাহৰাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।
জুবিন ক্ষেত্ৰত উপস্থিত হৈ উদ্যোগপতিগৰাকীয়ে শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে । কেৱল সেয়াই নহয়, জুবিন ক্ষেত্ৰৰ শান্ত-সমাহিত পৰিৱেশৰ মাজত থকা চৰাই-চিৰিকটিবোৰৰ প্ৰতিও তেওঁ বিশেষ মৰম প্ৰদৰ্শন কৰি অন্ন উছৰ্গা কৰে ।

অসম ভ্ৰমণ আৰু অনুভৱ :
বৰ্তমান অসম ভ্ৰমণত ব্যস্ত থকা দিনেশ সাহৰাই সংবাদ মাধ্যমৰ আগত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ভূয়সী প্ৰশংসা কৰে । তেওঁ উল্লেখ কৰে যে নতুন বছৰৰ আশীৰ্বাদ ল’বলৈ মা কামাখ্যাৰ চৰণলৈ আহিছিল । দেৱী দৰ্শনৰ পাছতেই তেওঁৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হয় । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰি উদ্যোগপতিগৰাকীয়ে কয়, "জুবিন গাৰ্গ জীক হেৰোৱাটো কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰ বাবেই এক অপূৰণীয় ক্ষতি । তেওঁ আছিল এগৰাকী প্ৰাণৰ শিল্পী ।" উদ্যোগপতিগৰাকীয়ে অসমত মহিলাৰ সৱলীকৰণৰ বাবে কাম কৰি থকাৰ বিষয়েও উল্লেখ কৰে ।

