আৰম্ভ হ'ল বহুজাতিক সামৰিক অনুশীলন প্ৰগতি-২০২৬
দক্ষিণ-পূব এছিয়াৰ ১২খন বন্ধুত্বপূর্ণ দেশৰ সশস্ত্ৰ অনুশীলন । মেঘালয়ৰ উমৰৈ সেনা ছাউনীত এক উখল-মাখল পৰিৱেশ ।

Published : May 20, 2026 at 9:07 PM IST
তেজপুৰ: মেঘালয়ৰ উমৰৈ সেনা ছাউনীত বুধবাৰৰ পৰা আৰম্ভ হৈছে বহুজাতিক সামৰিক অনুশীলন প্ৰগতি-২০২৬ । ভাৰত মহাসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ ১২খন বন্ধুত্বপূর্ণ দেশৰ সশস্ত্ৰ বাহিনীয়ে এই অনুশীলত অংশগ্ৰহণ কৰিছে বুলি জনায় প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱতে ।
অনুশীলনত অংশগ্ৰহণ কৰা দেশসমূহ হ’ল ভুটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়এছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ছেচেলছ, শ্ৰীলংকা আৰু ভিয়েটনাম । ভাৰতীয় সেনাবাহিনীয়ে অতিথি বাহিনীসমূহক পৰম্পৰাগত আদৰণি জনাই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অতিথিপৰায়ণতা প্ৰদৰ্শন কৰে ।

PRAGATI-ৰ পূৰ্ণৰূপ হৈছে “Partnership of Regional Armies for Growth and Transformation in the Indian Ocean Region” । বন্ধুত্ব, সমতা আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱৰে আয়োজন কৰা হৈছে এই অনুশীলন । অংশগ্ৰহণকাৰী সেনাবাহিনীৰ মাজত পেছাদাৰী অভিজ্ঞতা বিনিময়, সামৰিক সহযোগিতা শক্তিশালীকৰণ আৰু পাৰস্পৰিক বুজাপৰা অধিক গভীৰ কৰাই এই অনুশীলনৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়ে ৰাৱতে ।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সামৰিক বিষয়া আৰু বিশিষ্ট অতিথিসকল । অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰতীয় সেনাৰ ইনফেণ্ট্ৰীৰ মহা নিৰ্দেশক মেজৰ জেনেৰেল সুনীল শ্যোৰাণে সকলো অংশগ্ৰহণকাৰী বাহিনীক আদৰণি জনায় আৰু শেহতীয়া সুৰক্ষাজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ সমষ্টিগত সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ সকলো দেশৰ সেনাসদস্যক মুক্ত মনোভাৱ আৰু পাৰস্পৰিক সন্মানৰ সৈতে একে-অন্যৰ অপাৰেচনেল অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

প্ৰতিৰক্ষা বিষয়াৰ মতে, এই অনুশীলনৰ লক্ষ্য হৈছে যৌথ অভিযানৰ সময়ত অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰা, উত্তম অভ্যাসসমূহ বিনিময় কৰা আৰু চোৰাংচোৱা তথ্য আদান-প্ৰদান তথা প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত অধিক শক্তিশালী প্ৰাতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলা । লগতে যৌথ প্ৰশিক্ষণ আৰু সাংস্কৃতিক বিনিময়ৰ জৰিয়তে সেনাসদস্যসকলৰ মাজত সৌহাৰ্দ্য বৃদ্ধিৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব ।
দুসপ্তাহধৰি অনুষ্ঠিত হ'বলগীয়া এই সামৰিক অনুশীলনৰ মূলতঃ অৰ্ধ-পাহাৰীয়া আৰু জংঘলীয়া ভূখণ্ডত সন্ত্ৰাসবাদ-বিৰোধী অভিযানৰ ওপৰত প্ৰশিক্ষণ দিয়া হ’ব । প্ৰশিক্ষণসূচীত যৌথ পৰিকল্পনা অনুশীলন, কৌশলগত ড্ৰিল আৰু সমন্বিত ফিল্ড অপাৰেচন অন্তৰ্ভুক্ত কৰা হৈছে । যাৰ লক্ষ্য কঠিন পৰিস্থিতিত অভিযোজন ক্ষমতা, সহনশীলতা আৰু অপাৰেচনেল দক্ষতা বৃদ্ধি কৰা । অভিযানৰ সময়ত শাৰীৰিক সক্ষমতা, শৃংখলা আৰু দলীয় সমন্বয়ৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হ’ব ।

অনুশীলনৰ অংশ হিচাপে ভাৰতীয় প্ৰতিৰক্ষা আৰু প্ৰযুক্তি কোম্পানীসমূহে আত্মনিৰ্ভৰ ভাৰত উদ্যোগৰ অধীনত দেশীয় সামৰিক সঁজুলি আৰু উদ্ভাৱনসমূহো প্ৰদৰ্শন কৰিব, যাৰ জৰিয়তে প্ৰতিৰক্ষা উৎপাদন আৰু স্বনির্ভৰতাৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত সক্ষমতা প্ৰদৰ্শিত হ’ব ।
এই অনুশীলনত অংশগ্ৰহণকাৰী দেশসমূহৰ মাজত সামৰিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে আঞ্চলিক সুৰক্ষাজনিত সাধাৰণ প্ৰত্যাহ্বানসমূহ মোকাবিলাত এক সমন্বিত দৃষ্টিভংগী গঢ়ি তোলাত সহায় কৰিব বুলি মন্তব্য কৰে লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱতে ।

