১৩ বছৰে সম্পূৰ্ণ নহ'ল ১০ কোটি টকীয়া বহুমহলীয়া কাৰ পাৰ্কিং প্ৰকল্প
২০১৩ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে স্থাপন কৰা কাৰ পাৰ্কিং প্ৰকল্পত কোনে দিছে বাধা ?

Published : February 17, 2026 at 1:16 PM IST
যোৰহাট: ১৩ বছৰে সম্পূৰ্ণ কৰিব নোৱৰা এটা বহুমহলীয়া কাৰ পাৰ্কিং প্ৰকল্প । যোৰহাটবাসীৰ আশা আৰু সপোনৰ প্ৰকল্প আছিল এই বহুমহলীয়া কাৰ পাৰ্কিং প্ৰকল্পটো । যানজঁটৰ সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা এই প্ৰকল্পটো হৈ নুঠাত যোৰহাটবাসী ক্ষুব্ধ হৈ পৰিছে । যোৰহাটৰ জনপ্ৰতিনিধি আৰু পৌৰসভাৰ দুৰ্বল ভূমিকাৰ বাবে বছৰ বছৰ ধৰি অৰ্ধনিৰ্মিত হৈ পৰি থকাৰ অভিযোগ উথাপিত হৈছে ।
উল্লেখ্য যে বছৰ বছৰ ধৰি আধৰুৱা হৈ থকা প্ৰকল্পটো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পুনৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পিছতো থমকি ৰৈছে । চ'ক বজাৰৰ ১৮ খন অস্থায়ী দোকানে সেই ঠাই এৰি নিদিয়াৰ বাবে প্ৰকল্পটো সম্পূৰ্ণ কৰিব পৰা নাই নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ।
এই প্ৰকল্পটো কেতিয়া সম্পূৰ্ণ হ'ব সেয়া অবুজ সাঁথৰ হৈ পৰিছে ৷ কিন্তু এইকেইখন অস্থায়ী দোকান আঁতৰাই দিয়াৰ ক্ষেত্ৰত কিয় যোৰহাট পৌৰসভাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই সেয়া সকলোৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে । এই বহুমহলীয়া কাৰ পাৰ্কিং প্ৰকল্পটো সম্পূৰ্ণ কৰাত যোৰহাট পৌৰসভা আৰু স্থানীয় বিধায়ক ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তা ধ্ৰৱ প্ৰসাদ বৰুৱাই ।

এই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে কয়, "যোৰহাটৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী হৈছে কাৰ পাৰ্কিঙৰ সমস্যাটো সমাধান হ'ব লাগে । যোৰহাটত বৰ্তমান অভাৱনীয় হাৰত গাড়ী-মটৰৰ সংখ্যা বৃদ্ধি পাইছে; কিন্তু তাৰ তুলনাত যোৰহাটত আজিকোপতি নহ'ল এটি ভাল পাৰ্কিঙৰ ব্যৱস্থা । ১৩ বছৰ আগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালত যোৰহাটৰ পুৰণা বাছ আস্থানত এটা বহুমহুলীয়া কাৰ পাৰ্কিং প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল; কিন্তু দুৰ্ভাগ্য়জনকভাৱে বহুমহলীয়া কাৰ পাৰ্কিং প্ৰকল্পটো আজিও কিন্তু সম্পূৰ্ণ নহ'ল ।"

তেওঁ আৰু কয়, "বিজেপি চৰকাৰে ১০টা বছৰ সম্পূৰ্ণ কৰিবলৈ আৰু কেইটামান দিন বাকী আছে; কিন্তু তেওঁলোকৰ কাৰ্যকালতো এই প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ'ল । এই কাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বৰ্তমানৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পিঠি দিলে । এতিয়া আমি ভাবিবলৈ বাধ্য হৈছো যে কংগ্ৰেছ চৰকাৰে কৰা আধাৰশিলাৰ কামবোৰ বিজেপি চৰকাৰে নকৰে নেকি ? বিজেপিয়ে কৰা কামবোৰ কংগ্ৰেছ চৰকাৰে নকৰে নেকি । এনেধৰণৰ ৰাজনৈতিক নেতাবিলাকৰ এনেকুৱা ধৰণৰ মইমতালিয়েই যোৰহাটবাসীক বিচলিত কৰি তুলিছে । আমি আশা কৰিছো পুনৰ আহিবলগীয়া চৰকাৰখনে এই বহুমহলীয়া প্ৰকল্পৰ আধাৰুৱা কামবোৰ সম্পূৰ্ণ কৰি যোৰহাটৰ যানজঁটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।"

অধিবক্তাগৰাকীয়ে লগতে কয়, "আধৰুৱা হৈ থকা প্ৰকল্পটো যোৰহাট পৌৰসভা কাৰ্যালয়ৰ কেইশ মিটাৰমান দূৰৈত অৱস্থিত; কিন্তু এইক্ষেত্ৰত যোৰহাট পৌৰসভাৰ পৌৰনেত্ৰীগৰাকীয়ে কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । তেওঁলোকে গড়আলিয়ে হওক বা অন্যস্থানত কাৰ পাৰ্কিং কৰিলে বৰ্ধিত হাৰত কৰহে সংগ্ৰহ কৰে ।"
উল্লেখ্য যে যোৰহাট নগৰত ২০১৩ চনতে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে প্ৰায় ১০ কোটি টকা ব্যয়েৰে নগৰৰ মাজমজিয়াত পুৰণা বাছ আস্থানত এই বহুমহলীয়া কাৰ পাৰ্কিং প্ৰকল্পৰ পৰিকল্পনা কৰিছিল ।

