ETV Bharat / state

"আমাৰো পাপ হৈছে ন, আমিও ভুল কৰিছো", কি পাপ কোনে কৰিলে ?

সঁচাকৈয়ে স্মৃতিশক্তি হ্ৰাস হৈছে নেকি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ? এবাৰ দীৰ্ঘকালীন এবাৰ হস্ৰকালীন স্মৃতিশক্তি হেৰুওৱাৰ কথা নিজেই উল্লেখ কৰিলে ৰকিবল হুছেইনে ।

MP Rokibul Hussain react over on by-election in the Nagaon Lok Sabha constituency
সঁচাকৈয়ে স্মৃতিশক্তি হ্ৰাস হৈছে নেকি কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 10:49 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও: "আমাৰো পাপ হৈছে ন, আমিও ভুল কৰিছো । মানুহ চিনাৰ ভুল ।"-নগাঁৱত সংবাদমেল সম্বোধন কৰি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে এই মন্তব্য কৰে । নগাঁও সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সম্বোধন কৰা সংবাদমেলত বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীগৰাকীৰ প্ৰসংগত সাংসদগৰাকীয়ে উত্থাপন কৰে কেতবোৰ অভিযোগ ।

নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰকিবুল হুছেইনে কয়,"নিৰ্বাচন এটা হ'ব, নিৰ্বাচনৰ সময়ত এইধৰণৰ কুচ-কাৱাজ চলে । পৃথিৱীত ক'তো নাই যে নিৰ্বাচন যিজনে চলাব, যিজন মুখ্য তেৱেঁই প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে । যদি তেওঁ প্ৰাৰ্থী নহয় তেন্তে মোৰ আপত্তি নাই । কিন্তু তেওঁ ৰাজনৈতিক কাৰ্যসূচী তেওঁ আৰম্ভ কৰিছে । গতিকে অতিশীঘ্ৰে এতা তদন্ত কৰি তেওঁৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"

নিজৰ স্মৃতিশক্তিৰ কথা কৈ শাসকীয় পক্ষক উপলুঙা কৰি তেওঁ কয়,"মোৰ আকৌ শ্বৰ্ট টাইম মেম'ৰিটো লষ্ট হৈছে, লং টাইম মেম'ৰিটো জাগি উঠিছে । তৰুণ গগৈৰ দিনত বিজেপি উঠিছে, গোটেই মোখাই হৰুৱাম বুলি কৈছিল । তাৰ পিছত দ্বীপ গগৈ আহিল, সেইবাৰ ইয়াতকৈও ডাঙৰ হুংকাৰ দি বদৰুদ্দিন আজমলৰ নিজৰ ভায়েকক উঠাইছিল ।"

তেওঁ পুনৰ কয়,"তাৰ পিছত গৌৰৱ গগৈ আহিল । গতিকে কথাটো এনেকুৱা, অংকটো এনেকুৱা, গোটেই জংকপংক । যোৱাবাৰ আমাৰ এজনক মাতি আনিলোঁ মাৰ্ঘেৰিটাৰ পৰা । তেতিয়া মই ইয়াতে বহি সংবাদমেল দিছিলোঁ । তেওঁ কৈছিল, ৰকি মোক এইবাৰ আৰু দিছা ধন্যবাদ, মাৰ্ঘেৰিটাৰ পৰা আহিলোঁ । জিকাৰ পিছদিনাই 'ৰকি হাও আৰ ইউ' হ'ল, সেইদিনাই মই বুজিলোঁ যে ঘটনা হ'ল । গতিকে আমাৰো পাপ হৈছে ন', আমিও ভুল কৰিছোঁ, মানুহ চিনাৰ ভুল ।"

বুধবাৰে নগাঁৱস্থিত নিজা বাসগৃহত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এক সংবাদ মেলৰ আয়োজন কৰি সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ প্ৰসংগও উল্লেখ কৰি কয়, "মঙলবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত অনুৰাগ গোৱেলে জিলাখনৰ মুৰব্বীক লগত লৈ আগন্তক নিৰ্বাচন সম্পৰ্কে পৰ্যালোচনা কৰিছে । য'ত হ'বলগীয়া উপ নিৰ্বাচনৰ সম্পুৰ্ণ পৰিকল্পনা কৰা হৈছে । কিন্তু অনাগত লোকসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে নাম চৰ্চা হোৱা এগৰাকী প্ৰশাসনিক বিষয়াক লগত লৈ নিৰ্বাচনী পৰ্যালোচনা কৰা বিষয়টো আমি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক দাখিল কৰিম । অৱশ্যে প্ৰশাসনিক বিষয়াগৰাকী প্ৰাৰ্থী নহ'লে আমাৰ কোনো আপত্তি নাই ।"

সংবাদ মেলত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলকো কটাক্ষ কৰি ৰকিবুল হুছেইনে কয়, "বিগত লোকসভা নিৰ্বাচনত পৃথিৱীৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটত পৰাজিত হোৱা বদৰুদ্দিন আজমলৰ বিষযে মন্তব্য কৰাৰ যুক্তি নাই ।" ইপিনে, উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিও মানৱ সৃষ্ট বুলিও বিজেপি চৰকাৰক কটাক্ষ কৰে ৰকিবুল হুছেইনে ।

লগতে পঢ়ক: গুৱাহাটীত মাটিৰ তলেৰে হ’ব বিদ্যুৎ যোগান, মনোহৰ লাল খট্টৰৰ সৈতে শক্তি তথা নগৰ উন্নয়ন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

খানাপাৰাত প্ৰথম বহুবিভাগীয় টাস্ক ফ’ৰ্চৰ বৈঠক, সাঁচিগছৰ মূল্য নিয়ন্ত্ৰণক লৈ আলোচনা