ETV Bharat / state

নিজ সমষ্টিৰ বাঁহৰ সাঁকো বগাই ৰাইজৰ দুৰ্দশাৰ বুজ ল'লে ফণীভূষণ চৌধুৰীয়ে

বিপদসংকুল সাঁকো বগাই বিফলতা স্বীকাৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী ৷ দিলে শীঘ্ৰে সমস্যা সমাধানৰ আশ্বাস ৷

MP Phanibhushan Choudhury assured that the concrete bridge will be constructed soon
বাঁহৰ সাঁকো বগাই ৰাইজৰ দুৰ্দশাৰ বুজ ল'লে ফণীভূষণ চৌধুৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2026 at 2:41 PM IST

2 Min Read
Choose ETV Bharat

অভয়াপুৰী: এনডিএ নেতৃত্বাধীন চৰকাৰখনৰ দিনত ৰাজ্যৰ ৰাস্তা-ঘাট যথেষ্ট উন্নত হৈছে। পকী দলং, উৰণসেতু নিৰ্মাণ হৈছে। কিন্তু বৰ্তমানো এনে কিছু স্থান আছে, য'ত নাই পকী পথ, নদী পাৰাপাৰ হোৱাৰ একমাত্ৰ মাধ্যম হ'ল বাঁহৰ সাঁকো । এইক্ষেত্ৰত যেন বিফল হৈছে চৰকাৰখন ।

এয়া আমি কোৱা কথা নহয়, নিজেই বিপদসংকুল সাঁকো বগাই বিফলতা স্বীকাৰ কৰিলে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে ৷ শীঘ্ৰে সমস্যা সমাধানৰ আশ্বাস দিলে সাংসদগৰাকীয়ে ৷

বাঁহৰ সাঁকো বগাই ৰাইজৰ দুৰ্দশাৰ বুজ ল'লে ফণীভূষণ চৌধুৰীয়ে (ETV Bharat Assam)

এয়া অভয়াপুৰীৰ শিঙিমাৰী প্ৰথমখণ্ডৰ উজানপাৰা গাঁৱৰ কথা । দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত গাঁওখনৰ বাসিন্দা । বাৰে বাৰে জনপ্ৰতিনিধিৰ ওচৰত প্ৰাৰ্থনা কৰি বিফল হৈ এইবাৰ গাঁওবাসী কাষ চাপিল সাংসদ ফণীভূষণ চৌধুৰীৰ ওচৰত ।

এই সমস্যাৰ বিষয়ে শুনাৰ লগে লগে ৰাইজৰ ওচৰত উপস্থিত হৈ বিপদসংকুল সাঁকোখনেৰে ইপাৰ সিপাৰ হয় সাংসদ ফণীভূষণ চৌধুৰী । স্বীকাৰ কৰে বিফলতাৰ কথা ৷ লগতে সমালোচনা কৰে এই গাঁওখনৰ পূৰ্বৰ সমষ্টি অৰ্থাৎ অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ প্ৰদীপ কুমাৰ সৰকাৰক ৷

ইফালে গাঁওখনত বিজুলী বাতি যোগান নথকাত সাংসদ ফণীভূষণ চৌধুৰীয়ে শক্তিবিভাগৰ উচ্চপদস্থ বিষয়াকো লগত লৈ পৰিদৰ্শন কৰে গাঁওখন । উল্লেখ্য যে কুঁজীয়া নৈৰ সিপাৰে থকা গাঁওখনৰ ৰাইজে বিপদসংকুলভাৱে বাঁহৰ সাঁকো এখনেৰে ইপাৰ সিপাৰ হয় ৷ ছাত্ৰ-ছাত্ৰীয়ো পাৰ হয় এই সাঁকোৰে ৷ বৰ্তমানলৈ সাঁকোৰ পৰা পৰাৰ ৪ জন লোকৰো মৃত্যু হৈছে ৷ ৰাইজে এইবাৰ তেওঁলোকৰ সমস্যা সমাধান হ’ব বুলি আশা ৰাখিছে ৷

ইয়াৰ পিছতে সাংসদগৰাকীয়ে সাংবাদিকৰ আগত আক্ষেপেৰে কয়,"পুৱাৰভাগত কেইগৰাকীমান মহিলা মোৰ ওচৰলৈ গৈছিল । তেওঁলোকৰ যি সমস্যা, সেই সন্দৰ্ভত অৱগত কৰিছিল, তেওঁলোকে দুই-চাৰিখন ফটোও লৈ গৈছিল । মই ভাবিলোঁ, এবাৰ নিজেই গৈ চাই অহাটো ভাল হ'ব ।"

তেওঁ পুনৰ কয়,"আহি যিটো দেখিলোঁ,এইটো আচলতে আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক । আমি জনপ্ৰতিনিধি হিচাপে দায়িত্ব পালন কৰিছোনে নাই ? নিজকে নিজে প্ৰশ্ন কৰিছোঁ । গাঁওখনৰ সমস্যা সমাধানৰ বাবে পূৰ্বে কোনো এজন জনপ্ৰতিনিধিয়ে সুচিন্তা নকৰাটো কিমান পৰিতাপৰ কথা ।"

লগতে পঢ়ক: লাহৰিঘাটত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত ডাঃ হাব্বে টেৰন, মুখ্য়মন্ত্ৰীৰ ঘোষণা