ETV Bharat / state

মন্ত্রীগোটৰ প্ৰতিবেদন বিভাজন কৰি শাসন কৰা নীতিৰ এক উৎকৃষ্ট নিদৰ্শন : সাংসদ গৌৰৱ গগৈ

বিধানসভাত দাখিল কৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় প্ৰতিবেদনকলৈ ৰাজ্যজুৰি সৃষ্টি মিশ্ৰিত প্ৰতিক্ৰিয়া । গৌৰৱ গগৈয়ে সদৰী কৰিছে প্ৰতিক্ৰিয়া ।

MP Gaurav Gogoi reacts on group of ministers report on ST issue
সাংসদ গৌৰৱ গগৈ (ANI)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 9:38 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্য চৰকাৰৰ মন্ত্রীগোটে শনিবাৰে বিধানসভাত দাখিল কৰিলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় প্ৰতিবেদন । বহুচৰ্চিত প্ৰতিবেদনখনকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ছয় জনগোষ্ঠীৰ বিভিন্ন সংগঠনে ইয়াৰ সমৰ্থন কৰাৰ বিপৰীতে বৰ্তমানৰ জনজাতিসকলৰ বিভিন্ন সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে ।

এফালে আনন্দ-উল্লাস আৰু আনফালে প্ৰতিবাদ । তাৰে মাজতে আজি (দেওবাৰ) সামাজিক মাধ্যমযোগে মন্ত্রীগোটৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ।

নিজৰ প্ৰতিক্ৰিয়াত গৌৰৱ গগৈয়ে কয়, "বৰ্তমান অসমৰ জনজাতীয় লোকসকলে লাভ কৰি থকা বিশেষ ৰাজনৈতিক অধিকাৰৰ কোনো ক্ষতি নোহোৱাকৈ অসমৰ ছয়-জনগোষ্ঠীয়ে বিচৰা জনজাতিকৰণৰ মৰ্য্যদাৰ দাবীৰ প্ৰতি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে পূৰ্বৰে পৰা সমৰ্থন জনাই আহিছে । এই সন্দৰ্ভত কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰথমবাৰৰ বাবে অসম বিধানসভাত সৰ্বসন্মতিক্ৰমে আনুষ্ঠানিক প্ৰস্তাৱো গ্ৰহণ কৰা হৈছিল ।"

গগৈয়ে কয়, "খিলঞ্জীয়া সমূদায় হিচাপে আমি জনজাতীয় ভাতৃ-ভগ্নীসকলৰ আটাইতকৈ ভাল হোৱাটো বিচাৰো । আমি এখন দৃঢ় আৰু একতাৰ বৰ অসমত সমন্বয়ৰ মাজেৰে বসবাস কৰিবলৈ বিচাৰো । ছয়-জনগোষ্ঠিৰ শ্ৰেণীবিভাজন কৰি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি প্ৰতিবেদনে আনিলে, সেই প্ৰতিবেদনে বৰ্তমানৰ জনজাতীয় লোকসকলৰ বিশেষ প্ৰাপ্য অধিকাৰ অকনো উলংঘন নহয় বুলি আশ্বাস প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ।"

MP Gaurav Gogoi reacts on group of ministers report on ST issue
সাংসদ গৌৰৱ গগৈ (ANI)

গগৈয়ে আৰু কয়, "মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জনজাতিৰ সপক্ষেও নহয় অথবা ছয় জনগোষ্ঠীৰ সপক্ষেও নহয় । তেওঁ অসমৰ ছয় জনগোষ্ঠী আৰু জনজাতিসকলৰ মাজত আন এক সংঘাটৰহে ইন্ধন যোগাইছে । ই বিভাজন কৰি শাসন কৰা (Divide and Rule) নীতিৰ এক উৎকৃষ্ট নিদৰ্শন ।"

গগৈয়ে কয়, "ঔপনিৱেশিক শাসক ব্ৰিটিছসকলে এই নীতি প্ৰয়োগ কৰিছিল আৰু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ ওপৰত এই নীতি প্ৰয়োগ কৰিছে । অসমৰ জনগণ এনেধৰণৰ ৰাজনীতিক লৈ চৰম অতিষ্ঠ হৈছে আৰু ইয়াৰ পৰিৱৰ্তন কৰিবলৈ বেছিদিন সময় নাই । ৰাইজে এক নতুন ৰাজনীতি বিচাৰে । নতুন অসম, নতুন সপোনৰ বৰ অসম আমাৰ লক্ষ্য ।"

উল্লেখ্য যে, অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ শনিবাৰে অন্তিম দিনা অন্তিমটো কাৰ্যসূচী হিচাপে সদনত দাখিল কৰা হয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন । জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সদনত 'ৰিপোৰ্ট অফ দি কমিটী অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এগজামিন এণ্ড চাজেষ্ট অন দি ডিফাৰেণ্ট এছপেক্টছ অফ ৰিজাৰ্ভেশ্যন অফ ছিক্স কমিউনিটিজ ইন দি ষ্টেট' প্ৰতিবেদন দাখিল কৰে ।

লক্ষণীয় বিষয় যে মন্ত্রীগোটৰ প্ৰতিবেদনত অসমৰ জনগোষ্ঠীসকলক তিনিটা ভাগত বিভক্ত কৰা হৈছে । অসমত পূৰ্বৰে পৰা আছে এছ টি (ভৈয়াম) আৰু এছ টি (পাৰ্বত্য)। মন্ত্রীগোটৰ প্ৰতিবেদনত নতুনকৈ এছ টি (ভেলী অৰ্থাৎ উপত্যকা) সংযোজন কৰাৰ প্ৰস্তাৱ কৰা হৈছে ।

মন্ত্রীগোটৰ প্ৰতিবেদন অনুসৰি মৰাণ আৰু মটকক এছ টি (ভৈয়াম)ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ কৰা হৈছে । সেইদৰে অবিভক্ত গোৱালপাৰাৰ কোচ-ৰাজবংশী সকলকো এছ টি (ভৈয়াম)ত অন্তৰ্ভুক্তৰ প্ৰস্তাৱ কৰা হৈছে ।

আনহাতে আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠী-আদিবাসীসকলক নতুনকৈ কৰা এছ টি (ভেলী)ত অন্তৰ্ভুক্তৰ প্ৰস্তাৱ কৰা হৈছে মন্ত্রীগোটৰ প্ৰতিবেদনত । ইফালে অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ-ৰাজবংশীক এছ টি (ভেলী)ত অন্তর্ভুক্তৰ প্ৰস্তাৱ কৰা হৈছে ।

মন্ত্রীগোটৰ প্ৰতিবেদন অনুসৰি বিধানসভাত এছ টিৰ বাবে সংৰক্ষিত আসনত নতুন এছ টি সোমাব নোৱাৰিব । সেইদৰে কেন্দ্ৰীয় চৰকাৰৰ সংৰক্ষিত আসনত নতুন এছ টিয়ে সুবিধা নাপাব ।

লগতে পঢ়ক : বিধানসভাত আলোচনা নকৰাকৈয়ে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল : জাকিৰ হুছেইন শিকদাৰ

লগতে পঢ়ক : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : সদনত দাখিল হ'ল বহুচৰ্চিত মন্ত্রীগোটৰ প্ৰতিবেদন, নতুনকৈ আহিল এছ টি (ভেলী)