ETV Bharat / state

চেহেৰাটো কেনেকুৱা আছিল পাহৰি গৈছো : পুত্ৰৰ আত্মসমৰ্পণৰ পাছতে অৰুণোদয় অসমৰ মাতৃৰ উচুপনি

২৫ বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই যোৱা পুত্ৰ উভতিল মাতৃভূমিলৈ । এগৰাকী মাতৃৰ উচুপনি ।

Joy at Arunoday Arunoday Asom home after surrendered
অৰুণোদয় দহোটীয়াৰ চাবুৱাৰ নাদুৱা গোহাঁই গাঁৱৰ পৰিয়ালত আ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 8:35 PM IST

3 Min Read
Choose ETV Bharat

মৰাণ : আজি পৰা ২৫ বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই যোৱা পুত্ৰ পুনৰ উভতি আহিব বুলি অপেক্ষা কৰি আছিল মাতৃয়ে । কোনেও নজনাকৈ ওলাই যোৱা পুত্ৰ ক'লৈ গৈছিল মাতৃয়ে তাৰো ঠিকনাও জনা নাছিল । জীৱনৰ অন্তিম মুহূৰ্তত পুত্ৰৰ মুখ চাবৰ বাবে অপেক্ষা কৰি থকা পিতৃয়ে চকু মুদিছিল কনিষ্ঠ সন্তানৰ দৰ্শনৰ অবিহনে । মাতৃয়ে পাহৰিছিল পুত্ৰৰ চেহেৰা । আজি হঠাতেই খবৰ পালে পুত্ৰ ঘৰলৈ উভতিব ।

ভাৰত-ম্যানমাৰ সীমান্ত পাংচাও পাছত আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰে বিজিত বৰুৱা ওৰফে অৰুণোদয় দহোটীয়াই । অৰুণোদয় দহোটীয়া ( অসম)ৰ আত্মসমৰ্পণৰ খবৰ লাভ কৰাত চাবুৱাৰ নাদুৱা গোহাঁই গাঁৱৰ পৰিয়ালত আনন্দৰ চকুলো বৈছে । চাবুৱাৰ নাদুৱা গোহাঁই গাঁৱৰ প্ৰয়াত প্ৰভেশ্বৰ বৰুৱা আৰু বাসন্তী বৰুৱাৰ সন্তান বিজিত বৰুৱাই সুদীৰ্ঘ ২৫ বছৰে বিপ্লৱী সংগঠনত জড়িত হৈ আছিল । ২০০১ চনত বিজিত বৰুৱা ওৰফে অৰুণোদয় দহোটীয়াই স্বাধীন অসমৰ স্বপ্ন লৈ ঘৰৰ পৰা ওলাই গৈছিল । আলফা স্বাধীনত যোগদান কৰা খবৰ সেনা বাহিনীৰ পৰাহে লাভ কৰিছিল পিতৃ-মাতৃয়ে ।

অৰুণোদয় দহোটীয়াৰ চাবুৱাৰ নাদুৱা গোহাঁই গাঁৱৰ পৰিয়ালত আ (ETV Bharat Assam)

আলফা স্বাধীনত সুদীৰ্ঘ ২৫ বছৰে বিপ্লৱী ধাৰাক সন্মুখত থাকি নেতৃত্ব বহন কৰা আলফা (স্বাধীন)ৰ মেজৰ জেনেৰেল অৰুণোদয় দহোটীয়াই আকস্মিকভাৱে আত্মসমৰ্পণ কৰা বিষয়টো অতি ৰহস্যজনক হৈ আছে । ‌অসম আৰক্ষী আৰু সেনাৰ বাবে মূৰৰ কামোৰণি হৈ পৰা অৰুণোদয় দহোটীয়া পুনৰ ঘৰলৈ উভতি অহাত মাতৃকে ধৰি পৰিয়ালত আনন্দৰ জোঁৱাৰ উঠিছে ।

Joy at Arunoday Arunoday Asom home after surrendered
অৰুণোদয় দহোটীয়াৰ চাবুৱাৰ নাদুৱা গোহাঁই গাঁৱৰ পৰিয়ালত আ (ETV Bharat Assam)

অৰুণোদয় দহোটীয়াই আত্মসমৰ্পণ কৰাৰ পাছতে মাতৃ বাসন্তী বৰুৱাই কয়,"মোৰ ল'ৰাটো দেখি পাম বুলি ভাল লাগিছে । বাপেকে দেখি নগ'ল সেইকাৰণে বেয়া লাগিছে । মৃত্য়ুৰ সময়ত পিতৃয়ে সৰু ল'ৰাটোক চাবলৈ খুব ইচ্ছা কৰিছিল । এতিয়া ঘূৰি অহাত বাপেকলৈ মনত পৰিছে । যোৱাৰ পৰা একো খবৰ নাপাওঁ । চেহেৰাটো কেনেকুৱা আছিল সেইটোও পাহৰি গৈছো । ফটো এখনো নাই তাৰ । ঘৰলে ঘূৰি অহাত মই ভাল পাইছো । মোৰ চাবলৈ ভাগ্যত আছিল কাৰণেই ঘূৰি আহিছে । পঁচিশ বছৰৰ আগতে ঘৰৰ পৰা ওলাই গৈছিল । কিছুমান মানুহে কয় নাতি দুটা আছে বুলি, মই আজিলৈকে দেখা নাই । সি ডিব্ৰুগড়ত পঢ়ি আছিলে । তাৰ পৰাই গৈছিল । এমাহৰ পাছত ঘৰলে আৰ্মী আহোঁতেহে গম পাইছো । আৰ্মীয়ে আমাক বহুত নিৰ্যাতন কৰিলে । পাছলৈ আমি ভয় নকৰা হ'লো ।"

লগতে পঢ়ক :আলফা স্বাধীনৰ স্বয়ম্ভূ মেজৰ জেনেৰেল অৰুণোদয় অসমৰ আত্মসমর্পণ